ETV Bharat / state

Rajya Sabha Election 2022: বিৰোধীৰ ৪৩ৰ অংকত আউল লগাৰ আশংকা

author img

By

Published : Mar 25, 2022, 3:51 PM IST

দ্বিতীয়খন আসনত সংখ্যাৰ দিশেৰে কংগ্ৰেছ প্ৰার্থী ৰিপুণ বৰা বিৰোধীৰ সম্মিলিত ভোটেৰে জয়ী হোৱাটো নিশ্চিত হৈ আছে যদিও কংগ্ৰেছীয়েই কংগ্ৰেছৰ শত্ৰুত পৰিণত হোৱাৰ লগতে বিৰোধীৰ মাজতো প্ৰয়োজনীয় ঐক্যৰ অভাৱ তথা সন্দেহ-অবিশ্বাসে নিৰ্বাচনী ছবিখন ধূসৰ কৰি তুলিছে (Rajya Sabha election 2022)। এখন আসনত শাসকীয় দলৰ জয় নিশ্চিত যদিও দুয়োখন আসনতে জয়ী হোৱাৰ নিশ্চয়তা প্ৰদান কৰিছে শাসকীয় দল বিজেপিয়ে (RS election doubts have not been cleared even if opposition has power) ।

Rajya Sabha Election 2022
বিৰোধীৰ ৪৩ৰ অংকত আউল লগাৰ আশংকা

গুৱাহাটী, ২৫ মার্চ: অসমত ৰাজ্যসভাৰ দুখন আসনৰ বাবে ৩১ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব (Rajya Sabha election 2022)। এখন আসনত শাসকীয় দলৰ জয় নিশ্চিত যদিও দ্বিতীয়খনত জয়ী হ'ব পৰাকৈ সংখ্যা নাই । কিন্তু তথাপিও দুয়োখন আসনতে জয়ী হোৱাৰ নিশ্চয়তা প্ৰদান কৰিছে শাসকীয় দল বিজেপিয়ে । ইফালে দ্বিতীয়খন আসনৰ বাবে বিৰোধী ঐক্যবদ্ধ হৈছে আৰু সংখ্যাৰ ফালৰ পৰা বিৰোধী ঐক্যৰ জয় নিশ্চিত । দ্বিতীয়খন আসনত সংখ্যাৰ দিশেৰে কংগ্ৰেছ প্ৰার্থী ৰিপুণ বৰা বিৰোধীৰ সম্মিলিত ভোটেৰে জয়ী হোৱাটো নিশ্চিত হৈ আছে যদিও কংগ্ৰেছীয়েই কংগ্ৰেছৰ শত্ৰুত পৰিণত হোৱাৰ লগতে বিৰোধীৰ মাজতো প্ৰয়োজনীয় ঐক্যৰ অভাৱ তথা সন্দেহ-অবিশ্বাসে নিৰ্বাচনী ছবিখন ধূসৰ কৰি তুলিছে (RS election doubts have not been cleared even if opposition has power) ।

উল্লেখ্য যে, বিধানসভাত কংগ্ৰেছৰ নিজা শক্তিৰ দিশৰ পৰা জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতে প্ৰধান বিৰোধী দলটোৱে এ আই ইউ ডি এফ, চি পি আই (এম) আৰু ৰাইজৰ দলৰ সমর্থন লৈ ৰিপুণ বৰাক উমৈহতীয়া প্ৰার্থী হিচাপে প্ৰক্ষেপ কৰিছে । আটাইকেইটা দলে ৰিপুণ বৰাক উমৈহতীয়া প্ৰার্থী হিচাপে প্ৰক্ষেপ কৰিলেও প্ৰধান বিৰোধী দল কংগ্ৰেছক লৈ যথেষ্ট শংকাত আছে বিৰোধী দলকেইটা (Opposition at risk of getting 43 digits) । আনকি তেওঁলোকে সেই শংকা-সন্দেহ মুকলিকৈয়ে ব্যক্ত কৰিবলৈ আৰম্ভ কৰিছে । এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা বিধায়ক কৰিমউদ্দিন বৰভূঞাই ইতিমধ্যেই সংবাদ মাধ্যমৰ সেই শংকা ব্যক্ত কৰিছে ।

তেওঁ কয় যে, বর্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা পুৰণা কংগ্ৰেছী । এসময়ত তেওঁৰ সৈতে কংগ্ৰেছৰ ৫২ গৰাকী বিধায়ক আছিল । তেওঁলোকে আটায়ে এতিয়াও বিজেপিত যোগদান কৰা নাই । সেয়ে এইবাৰৰ ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছক লৈ তেওঁৰ মনত ভয়-শংকা আছে । আনকি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীয়ে যাদু জানে বাবে তেঁৱো ভয় কৰি আছে বুলি মন্তব্য কৰিছে । সেয়ে কংগ্ৰেছে এজন শক্তিশালী নিৰ্বাচনী এজেণ্ট দিয়াটো বিচাৰিছোঁ বুলি তেওঁ সদৰি কৰিছে । যাতে কংগ্ৰেছ বিধায়কসকলৰ ভোট সঠিক, শুদ্ধকৈ পৰে আৰু কোনেও বিজেপিক ভোট নিদিয়ে ।

ইফালে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক বৰভূঞাৰ মন্তব্যৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন শিকদাৰে একপ্ৰকাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । শিকদাৰৰ মতে ভোটৰ দিনাখন বিৰোধীৰ ৪৩ ভোটাৰ বিধায়ক আৱাসৰ পৰা একেলগে খোজকাঢ়ি আহি শাৰী পাতি ৰিপুণ বৰাক ভোটদান কৰিব । এইবাৰ ৰাজ্যসভা নিৰ্বাচনত ৰিপুণ বৰা পুনৰ দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হ’ব বুলি তেওঁ মন্তব্য কৰে ।

কৰিমউদ্দিন বৰভূঞা আৰু জাকিৰ হুছেইন শিকদাৰৰ ভাষ্যৰ পৰাই এটা কথাই স্পষ্ট হয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে একেলগে ৰাজ্যসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে যদিও মানসিকভাৱে ঐক্যবদ্ধ হ’ব পৰা নাই । যাৰ বাবে এতিয়াও ইটো দলে সিটো দলৰ প্ৰতি কটাক্ষপূর্ণ বাক্যবাণ এৰাৰ পৰা বিৰত থাকিব পৰা নাই । ইপিনে কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমেদে বর্তমানলৈকে তেওঁলোকৰ সকলো ঐক্যবদ্ধ হৈ আছে যদিও শেষলৈ কাৰোবাৰ মন সলনি হোৱাক লৈ শংকা ব্যক্ত কৰিছে ।

অনুৰূপ ধৰণে নিলম্বিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে কংগ্ৰেছৰ দুই-চাৰিজন বিধায়কৰ ওপৰত তেওঁৰ সন্দেহ আছে বুলি মন্তব্য কৰিছে । সেইদৰে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে নিজৰ বিধায়কসকলক লগত ৰাখিব লাগিব । তেতিয়াহে ৰাজ্যসভা নিৰ্বাচনত বিৰোধী জয়ী হ’ব । যদিহে বিৰোধীয়ে বিজেপিৰ প্ৰাৰ্থীক ভোট দিয়ে তেতিয়াহ'লে মানুহ আৰু জীৱ-জন্তুৰ মাজত পার্থক্য নাথাকিব । মানুহ আৰু জীৱ-জন্তুৰ পার্থক্য বিবেচনাত থাকে বুলি সদৰি কৰিছে অখিল গগৈয়ে ।

ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছীয়ে কংগ্ৰেছৰ শত্ৰুৰ ভূমিকাত অৱতীৰ্ণ হ'ব বুলি উদ্ভৱ হোৱা সন্দেহ, শংকা অব্যাহত থকাৰ মাজতেই জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই পুনৰ ৰাজ্যসভাৰ দুয়োখন আসনেই বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলি দাবী কৰিছে ।

বিজেপি মিত্ৰজোঁটে খুব ভালদৰে আৰু ভাল সংখ্যাৰে জিকিব বুলি পুনৰ মন্তব্য কৰি তেওঁ কংগ্ৰেছৰ সমর্থন লাভ কৰাৰ ইংগিত দি কয় যে, কংগ্ৰেছত আমাৰ বহু বন্ধু আছে । কংগ্ৰেছত আমাৰ লগৰ মানুহ আছে । মুখ্যমন্ত্ৰীৰ কংগ্ৰেছত বহু সমর্থক আছে । সেয়ে বিজেপি মিত্ৰজোঁটে দুয়োখন আসনত জয়লাভ কৰাটো নিশ্চিত বুলি তেওঁ কয় । ইফালে মুখ্যমন্ত্ৰীয়ে পূৰ্বতেই ঘোষণা কৰি থৈছে যে, দুয়োখন আসনতেই তেওঁলোক জয়ী হ'ব । ৰাজ্যসভাৰ নিৰ্বাচনত বিধায়ক কিনা-বেচা হ'ব বুলি কৰি থকা ধাৰণাটো ইতিমধ্যে প্ৰায় স্পষ্ট হৈ পৰিছে ।

উল্লেখ্য যে, অসমৰ ৰাজনীতিত এনে ঘটনা নতুন নহয় । ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হৈছে । ২০১৪ৰ ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতাৰণাৰ বলি হৈছিল বিৰোধীৰ সমৰ্থিত প্ৰাৰ্থী হাইদৰ হুছেইন । ৰাজনীতিত অসম্ভৱ বুলি একো নাই । উপঢৌকন আৰু ৰাজনীতিৰ লগত জড়িত নেতাসকলৰ ভৱিষ্যতক লৈ খেল খেলে শাসকীয় দলে । বহু ক্ষেত্ৰত ৰাজনৈতিক নেতাসকলৰ নিকা ভাৱমূৰ্তিৰ অভাৱকো মূলধন হিচাপে লয় শাসকীয় পক্ষই ।

উল্লেখ্য যে, ৰহাৰ বিধায়ক শশীকান্ত দাসে ইতিমধ্যেই বিজেপিৰ পক্ষত ভোট দিয়াৰ কথা ৰাজহুৱা কৰিছে । ইফালে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ স্থিতিও বৰ সুবিধাজনক নহয় । পৰিস্থিতি যিয়েই নহওক কিয় গেম চেঞ্জাৰ হিচাপে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকোনো পৰিস্থিতিত নিৰ্ণায়ক ভূমিকা ল’বলৈ চেষ্টা অব্যাহত ৰাখিব । ধনবল আৰু ক্ষমতাৰ বাবে শেষ যুঁজত বিৰোধীৰ ৪৩ ৰ অংকত আউল লগাৰ আশংকা নুই কৰিব নোৱাৰি । অৱশ্যে সকলো স্পষ্ট হ'ব ৩১ মাৰ্চত ।

লগতে পঢ়ক: অখিল গগৈয়ে কৰিলে আন এক ভৱিষ্যৎবাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.