ETV Bharat / bharat

124 খন আসনত ৰাজস্থানত জয়লাভ কৰিব বিজেপিয়ে - কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 2:22 PM IST

Etv BharatPeople have rejected Congress
Etv Bharat124 খন আসনত ৰাজস্থানত জয়লাভ কৰিব বিজেপিয়ে - কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী

"কংগ্ৰেছ দলে সদায় ভুৱা প্ৰতিশ্ৰুতি দি আহিছে, মানুহে ইয়াক কৰ্ণাটক, হিমাচল প্ৰদেশত দেখিছে । আমি ৰাজস্থানত কমেও 124 খন (আসন) অতিক্ৰম কৰিম ৷"- প্ৰহ্লাদ যোশী

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ : "ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইতিবাচক প্ৰতিশ্ৰুতি আৰু নেতৃত্বৰ বাবে জনসাধাৰণে বিজেপিক ভোটদান কৰিছে ৷" ৰাজস্থানৰ ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) প্ৰভাৰী, কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে দেওবাৰে এই মন্তব্য প্ৰকাশ কৰে ৷

"কংগ্ৰেছ দলে সদায় ভুৱা প্ৰতিশ্ৰুতি দি আহিছে, মানুহে ইয়াক কৰ্ণাটক, হিমাচল প্ৰদেশত দেখিছে। গতিকে এইবাৰ কংগ্ৰেছ বিফল হৈছে। সেইকাৰণেই ভোটাৰে কংগ্ৰেছক প্ৰত্যাখান কৰিছে ৷ মই অত্যন্ত সুখী, আমি ৰাজস্থানত কমেও 124 খন (আসন) অতিক্ৰম কৰিম ৷" লগতে প্ৰহ্লাদ যোশীয়ে এনেদৰে মন প্ৰকাশ কৰে ৷

বৰ্তমানে চলি থকা ভোট গণনাত আসনৰ অগ্ৰগতি দিশলৈ চাই ৰাজস্থান বিধানসভাত একক সংখ্যাগৰিষ্ঠ লাভৰ দিশে গতি কৰিছে বিজেপিয়ে ৷ চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় 100 খনৰো অধিক আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে ৷

নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ৰাজস্থান বিধানসভাৰ 199 খন আসন ভিতৰত 113 খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে ৷ বিপৰীতে কংগ্ৰেছে 70 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ বৃহৎ অগ্ৰগতি লাভৰ পাচতে ৰাজ্যখনৰ বিজেপি কৰ্মীৰ মাজত আনন্দ-উল্লাস দেখিবলৈ পোৱা গৈছে ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰধান জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বকো প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি সমগ্ৰ বিজেপিৰ শীৰ্ষ বিষয়াসকলে ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

ইফালে ভাৰত আদিবাসী পাৰ্টি বি এইচ আৰ টি এ ডি ভি এছ আই পিয়ে দুখন আসনত আগবাঢ়ি আছে ৷ সমান্তৰালকৈ বহুজন সমাজ পাৰ্টি চমুকৈ বি এছ পিয়ে তিনিখন আসনত আৰু নিৰ্দলীয়ই সাতখন আসনত অগ্ৰগতি লাভ কৰি আছে ৷

লগতে পঢ়ক: ৰাজস্থানত চৰকাৰ গঠনৰ দিশে বিজেপি ! বৃহৎ ভোটত জয়ী বসুন্ধৰা ৰাজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.