ETV Bharat / bharat

ৰাজস্থানত চৰকাৰ গঠনৰ দিশে বিজেপি ! বৃহৎ ভোটত জয়ী বসুন্ধৰা ৰাজে

author img

By ANI

Published : Dec 3, 2023, 1:09 PM IST

ৰাজস্থান বিধানসভাত একক সংখ্যাগৰিষ্ঠ লাভৰ দিশে গতি কৰিছে বিজেপি ৷ চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় 100 খনৰো অধিক আসনত বৰ্তমানেও অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে ৷

Assembly results 2023
ৰাজস্থানত একক সংখ্যাগৰিষ্ঠ লাভৰ দিশে বিজেপি

নিউজ ডেস্ক, 3 ডিচেম্বৰ : কিছু সময়ৰ পাচতে চাৰি ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিব নিৰ্বাচন আয়োগে ৷ বৰ্তমানে চলি থকা ভোট গণনাত আসনৰ অগ্ৰগতি দিশলৈ চাই ৰাজস্থান বিধানসভাত একক সংখ্যাগৰিষ্ঠ লাভৰ দিশে গতি কৰিছে বিজেপিয়ে ৷ প্ৰশ্ন হৈছে, কংগ্ৰেছৰ শাসনৰ পৰা মুক্ত হ’ব নেকি ৰাজস্থান !

ইতিমধ্যে, চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় 100 খনৰো অধিক আসনত বৰ্তমান অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে ৷ নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ৰাজস্থান বিধানসভাৰ 199 খন আসন ভিতৰত 113 খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে ৷ বিপৰীতে কংগ্ৰেছে 69 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

বৃহৎ অগ্ৰগতি লাভৰ পাচতে ৰাজ্যখনৰ বিজেপি কৰ্মীৰ মাজত আনন্দ-উল্লাস দেখিবলৈ পোৱা গৈছে ৷ এই ক্ষেত্ৰত ৰাজস্থানৰ ৰাজ্যিক বিজেপিৰ সভাপতি চি পি যোশীয়ে কয়, ‘‘আসনৰ সংখ্যা আৰু বৃদ্ধি পাব । আমি 135 খনতকৈ অধিক আসন জয়লাভ কৰিম ৷’’

ইফালে ভাৰত আদিবাসী পাৰ্টি বি এইচ আৰ টি এ ডি ভি এছ আই পিয়ে দুখন আসনত আগবাঢ়ি আছে ৷ সমান্তৰালকৈ বহুজন সমাজ পাৰ্টি চমুকৈ বি এছ পিয়ে তিনিখন আসনত আৰু নিৰ্দলীয়ই সাতখন আসনত অগ্ৰগতি লাভ কৰি আছে ৷

ৰাজস্থানৰ বসুন্ধৰা ৰাজে ঝালৰাপাটন সমষ্টিত 48 হাজাৰৰো অধিক ভোটত জয়ী হোৱা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ৰাজস্থানত 25 নৱেম্বৰত 200 খন বিধানসভা আসনৰ 199 আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল । কৰণপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গুৰমিত সিং কুনাৰৰ মৃত্যুৰ বাবে উক্ত সমষ্টিত নিৰ্বাচন স্থগিত ৰখা হৈছিল ।

লগতে পঢ়ক : কি হ’ব 4 ৰাজ্যৰ ফলাফল?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.