ETV Bharat / bharat

Panchayat offered money to rape victim : ধৰ্ষিতাৰ পিতৃক মুখ বন্ধ ৰাখিবলৈ 2 লাখ টকাৰ অফাৰ পঞ্চায়তৰ

author img

By

Published : Dec 12, 2022, 5:20 PM IST

জঘন্য, পাশৱিক! বিহাৰৰ পশ্চিম চম্পাৰণ জিলাত এগৰাকী কিশোৰীক ওৰেনিশা উপৰ্যুপৰি ধৰ্ষণ কৰে এটা লম্পটে (Rape case in Bihar)৷ ইয়াৰ পিছতে ধৰ্ষিতাৰ পিতৃক মুখ বন্ধ ৰাখিবলৈ 2 লাখ টকাৰ অফাৰ কৰে পঞ্চায়তে (Panchayat offered 2 lakhs to rape victim)৷

Panchayat offered 2 lakhs to the victim to suppress the case
Panchayat offered 2 lakhs: ধৰ্ষিতাৰ পিতৃক মুখ বন্ধ ৰাখিবলৈ 2 লাখ টকাৰ অফাৰ পঞ্চায়তৰ

নেশ্যনেল ডেস্ক, 12 ডিচেম্বৰ: বিহাৰৰ পশ্চিম চম্পাৰণ জিলাত মানৱ সমাজক লজ্জানত কৰাৰ ঘটনা পোহৰলৈ আহিছে (Rape case in Bihar)৷ ধৰ্ষিতাৰ পিতৃক মুখ বন্ধ ৰাখিবলৈ 2 লাখ টকাৰ অফাৰ কৰে পঞ্চায়তে (Panchayat offered 2 lakhs to Victim)৷

ঘটনা অনুসৰি যোৱা 9 ডিচেম্বৰত নিশা 10 বজাত প্ৰতিদিনৰ দৰে 14 বছৰীয়া এগৰাকী কিশোৰীয়ে ঘৰৰ শৌচালয়ত শৌচ কৰিবলৈ গৈছিল ৷ শৌচ কৰাৰ পিছতে কিশোৰীগৰাকীয়ে হাত-ভৰি ধুই ঘৰৰ ভিতৰলৈ সোমাবলৈ লওঁতেই বেৰৰ কাষৰ পৰা একে গাঁৱৰে শৈলেন্দ্ৰ (22) নামৰ এজন যুৱক অতৰ্কিতে উলায়হি ৷

কিশোৰীগৰাকীয়ে থতমত খাই কিবা প্ৰত্যুৎত্তৰ দিয়ে মানে যুৱকজনে কিশোৰীগৰাকীক মুখত সোপা দি টানি লৈ কুঁহিয়াৰ খেতিলৈ লৈ যায় ৷ কিশোৰীগৰাকীয়ে নিজকে যুৱকজনৰ হাতৰ পৰা বচাবলৈ বাৰম্বাৰ চেষ্টা কৰিছিল যদিও অসমৰ্থ হৈছিল ৷

ওৰেনিশা শৈলেন্দ্ৰই উপৰ্যুপৰি ধৰ্ষণ কৰে কিশোৰীগৰাকীক (Rape of minor girl at West Champaran)৷ পুৱা 8 বজাত কিশোৰীগৰাকী ঘৰলৈ উভতি আহি ঘৰৰ লোকৰ আগত কান্দি কান্দি সমগ্ৰ ঘটনাৰ কথা অৱগত কৰে ৷ এই কথা শুনাৰ পিছতে কিশোৰীগৰাকীৰ পিতৃয়ে যুৱকজনৰ বিৰুদ্ধে স্থানীয় থানাত এজাহাৰ দাখিল কৰে কৰে ৷ এই ঘটনাৰ কথা গাঁৱত পোহৰলৈ অহাৰ পিছতে গাঁৱৰ লোকে পঞ্চায়ত বৈঠক বঢা়য় ৷

কিন্তু গাঁওখনৰ পঞ্চায়তে কিশোৰীগৰাকীৰ সপক্ষে মাত মতাৰ বিপৰীতে ভুক্তভোগী গৰাকীৰ পৰিয়ালক 2 লাখ টকা অফাৰ কৰি এই মুখ নুখুলিবলৈহে ধমক দিয়ে ৷ পঞ্চায়তৰ এই সিন্ধান্তই হতভম্ব কৰি তুলিছে ভুক্তভোগীৰ পৰিয়ালক ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত পুৰুষোত্তমপুৰ আৰক্ষীয়ে (Purushottampur police station)তদন্ত আৰম্ভ কৰি অভিযুক্ত শৈলেন্দ্ৰক গ্ৰেপ্তাৰ কৰিছে ৷

এই ঘটনা সন্দৰ্ভত বেতিয়া আৰক্ষী থানাৰ আৰক্ষী অধীক্ষক উপেন্দ্ৰ বাৰ্মাই (Betia SP Upendra Verma)কয় যে অভিযুক্তটোক ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে (Rapist arrested by police)৷ ইফালে পুৰুষোত্তমপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰে (Purushottampur OC Sanjay Kumar) কৈছিল যে ভুক্তভোগী কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে বেতিয়ালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা লোৱা হৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাৰ তদন্তত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব ৷

লগতে পঢ়ক: Guwhati Police: মহানগৰীত ACP নিলোৎপল ডেকাৰ গুণ্ডাৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.