ETV Bharat / bharat

Paksitani Drone Spotted in Punjab Border : পঞ্জাৱৰ ভাৰত-পাক সীমান্তত পুনৰ উৰিছে পাকিস্তানী ড্ৰোণ

author img

By

Published : Dec 6, 2021, 5:07 PM IST

Another drone spotted at the Indo Pak border in Ajnala
পঞ্জাৱৰ ভাৰত পাকিস্তান সীমান্তত পুনৰ উৰিছে পাকিস্তানী ড্ৰোণ

দেওবাৰে নিশা পঞ্জাৱৰ আজনালাৰ ভাৰত-পাকিস্তান সীমান্তত পুনৰ প্ৰত্যক্ষ কৰা হৈছে এখন পাকিস্তানী ড্ৰোণ(Drone spotted in Ajnala border) । সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে ড্ৰোণখনলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ পাচতে ড্ৰোণখন পাকিস্তানৰ দিশে উভতি যায় ।

নেশ্যনেল ডেস্ক, ৬ ডিচেম্বৰ: পুৰণি সুন্দৰগড় সীমান্ত চকীত ড্ৰোণ প্ৰত্যক্ষ কৰাৰ পিছত এইবাৰ পঞ্জাৱৰ আজনালাৰ ভাৰত-পাকিস্তান সীমান্তত দেখা গৈছে এখন ড্ৰোণ(Drone spotted in punjab's India-Pakistan border)। সীমান্ত সুৰক্ষা বাহিনীৰ ১৮৩ নং বেটেলিয়নৰ জোৱানে দেওবাৰে নিশা ড্ৰোণখন প্ৰত্যক্ষ কৰে । ড্ৰোণখনলৈ লক্ষ্য কৰি জোৱানসকলে গুলীচালনা কৰাৰ লগে লগে ড্ৰোণখন পাকিস্তানৰ দিশে উভতি যায়(BSF in Punjab opens fire at a drone) । এটা সপ্তাহৰ ভিতৰতে পঞ্জাৱ সীমান্তত দ্বিতীয়বাৰৰ বাবে সন্দেহজনক ড্ৰোণ প্ৰত্যক্ষ কৰা হৈছে ।

আনহাতে, সীমান্তত সঘনাই সন্দেহজনক ড্ৰোণ উৰি থকাটো ভাৰতীয় নিৰাপত্তা বাহিনীৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে । কিয়নো, ইতিমধ্যে ভাৰত-পাকিস্তান সীমান্তত ড্ৰোণৰ জৰিয়তে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে(Drone threats at Indo-pak border) । সম্প্ৰতি সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান, জ্যেষ্ঠ বিষয়া, নিৰাপত্তা সংস্থাসমূহে অনুসন্ধান অব্যাহত ৰাখিছে । যোৱা ৩০ নৱেম্বৰৰ নিশা পুৰণি সুন্দৰগড় সীমান্ত চকীত একে ধৰণৰ ড্ৰোণ প্ৰত্যক্ষ কৰা হৈছিল ।

ড্ৰোণ আক্ৰমণৰ আশংকাত শেহতীয়াকৈ পঞ্জাৱৰ ভাৰত-পাকিস্তান সীমান্তত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । জম্ম-কাশ্মীৰৰ বিভিন্ন স্থানতো চলিত বৰ্ষত সন্দেহজনক ড্ৰোণ প্ৰত্যক্ষ কৰা হৈছে । এনে ঘটনাই নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।

ইফালে, ড্ৰোণৰ জৰিয়তে নিচাযুক্ত দ্ৰব্য আৰু বিস্ফোৰক সামগ্ৰী সৰবৰাহৰ ঘটনাও পোহৰলৈ আহিছে । যোৱা ১ ডিচেম্বৰত পঞ্জাৱ সীমান্তত চলোৱা তালাচী অভিয়ানৰ সময়ত অঞ্চলটোৰ পৰা চাৰি পেকেট হেৰ'ইন উদ্ধাৰ কৰা হয় । জম্ম-কাশ্মীৰতো ড্ৰোণৰ পৰা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছিল । এই অঞ্চলসমূহত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে যদিও এতিয়াও শংকা দূৰ হোৱা নাই ।

লগতে পঢ়ক:ভাৰতীয় নৌ সেনাৰ তৎপৰতাত কলকাতাত মুকলি Sandhayak

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.