ETV Bharat / bharat

জম্মুৰ আন্তৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা

author img

By

Published : Sep 6, 2022, 12:48 PM IST

পাকিস্তানে জম্মু আৰু কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিএছএফৰ ওপৰত অপ্ৰৰোচিতভাৱে গুলীচালনা (unprovoked fire on BSF troops) কৰি যুদ্ধবিৰতি উলংঘা কৰিছে (Pakistan violated ceasefire in JK Border) ।

JK
JK

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : পাকিস্তানী ৰেঞ্জাৰসকলে মঙলবাৰে পুৱা যুদ্ধবিৰতি চুক্তি উলংঘা কৰে (Pakistani Rangers violated ceasefire) । পাকিস্তানে জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) সৈন্যক লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে গুলীচালনা কৰে (unprovoked fire on BSF troops in JK) । এগৰাকী বিষয়াই এনেদৰে কয় ।

উল্লেখ্য, জম্মু জিলাৰ আৰ্ণিয়া ছেক্টৰত হোৱা গুলীচালনাৰ বিএছএফেও উপযুক্ত প্ৰত্যুত্তৰ দিয়া বুলি তেওঁ লগতে কয় ।

বিএছএফৰ উপ-মহাপৰিদৰ্শক এছ পি এছ সান্ধুৱে কয়, "আজি পুৱা বিএছএফৰ এটা টহলদাৰী দলৰ ওপৰত পাকিস্তান ৰেঞ্জাৰৰ দ্বাৰা অপ্ৰৰোচিত গুলীচালনাৰ (unprovoked firing by Pakistan Rangers on BSF) উপযুক্ত প্ৰত্যুত্তৰ দিয়ে বিএছএফৰ সতৰ্ক সৈন্য দলে (BSF Jammu troops gave befitting reply) ।" বিএছএফ জম্মুৰ জনসম্পৰ্কৰক্ষী লগতে কয় যে ভাৰতৰ ফালৰ কোনো হতাহত হোৱা নাই (BSF Jammu public relations officer) ।

উল্লেখ্য, ভাৰত আৰু পাকিস্তানে ২০২০ চনৰ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ সীমান্তত পুনৰ যুদ্ধবিৰতিৰ বাবে সন্মত হৈছিল (India Pakistan ceasefire in JK border) ৷ কেইটামান উলংঘনৰ বাহিৰে চুক্তিখন বৰ্তমানে কাৰ্যকৰী আছে । যাৰ দ্বাৰা নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত কৃষিকৰ্ম পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত সীমান্তবাসী আৰু কৃষকসকলক সকাহ দিয়া হৈছে ৷

লগতে পঢ়ক :বন্ধুত্বই যিকোনো সমস্যা সমাধান কৰিব পাৰে: শ্বেখ হাছিনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.