ETV Bharat / bharat

দেশৰ ৭ কোটিতকৈও অধিক লোকক কৰ'ণা প্ৰতিষেধক প্ৰদান

author img

By

Published : Apr 3, 2021, 12:51 PM IST

শুকুৰবাৰে নিশা ৮ বজালৈকে প্ৰায় ৭,০৬,১৮,০২৬ গৰাকী লোকক টীকা প্ৰদান কৰা হৈছে । ইয়াৰে ভিতৰত ৬,১৩,৫৬,৩৪৫ গৰাকীক প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । লগতে ৯২,৬১,৬৮১ গৰাকী লোকক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৮৯,০৩,৮০৯ গৰাকী স্বাস্থ্যকৰ্মীক প্ৰথম পালি টীকা প্ৰদান কৰা হয় ৷

দেশত এতিয়ালৈকে ৭ কোটিতকৈও অধিক লোকক কৰ'ণা প্ৰতিষেধক প্ৰদান
দেশত এতিয়ালৈকে ৭ কোটিতকৈও অধিক লোকক কৰ'ণা প্ৰতিষেধক প্ৰদান

নেশ্যনেল ডেস্ক,৩ এপ্ৰিল: বিশ্বৰ কেবাখনো দেশৰ লগতে ভাৰততো কৰ'ণা প্ৰতিষেধক প্ৰদান অভিযান অব্যাহত আছে । বৰ্তমানলৈ ভাৰতত ৭ কোটিৰো অধিক লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । শুকুৰবাৰে নিশা ৮ বজালৈকে ১২,৭৬,১৯১ গৰাকী লোকক টীকা প্ৰদান কৰা হৈছে । এই কথা সদৰী কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ।

মন্ত্ৰালয়ে জনোৱা অনুসৰি, শুকুৰবাৰে নিশা ৮ বজালৈকে প্ৰায় ৭,০৬,১৮,০২৬ গৰাকী লোকক টীকা প্ৰদান কৰা হৈছে । ইয়াৰে ভিতৰত ৬,১৩,৫৬,৩৪৫ গৰাকীক প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । লগতে ৯২,৬১,৬৮১ গৰাকী লোকক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৮৯,০৩,৮০৯ গৰাকী স্বাস্থ্যকৰ্মীক প্ৰথম পালি টীকা প্ৰদানৰ লগতে ৯৫,১৫,৪১০ গৰাকী কৰ'ণা যোদ্ধাক প্ৰদান কৰা হয় প্ৰতিষেধক ।

ইফালে, ৫২,৮৬,১৩২ গৰাকী স্বাস্থ্যকৰ্মীয়ে আৰু ৩৯,৭৫,৫৪৯ গৰাকী কৰ'ণা যোদ্ধাই দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰে । আনহাতে, ৪৫ ৰ উৰ্ধৰ ৪,২৯,৩৭,১২৬ জন ব্যক্তিয়ে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰে । দেশজুৰি প্ৰদান কৰা কৰ'ণা প্ৰতিষেধকৰ ৭৭ দিনত অৰ্থাৎ শুকুৰবাৰে ৮ বজালৈকে মুঠ ১২,৭৬,১৯১ গৰাকীক প্ৰতিষেধক প্ৰদান কৰা হৈছে । ২ এপ্ৰিলৰ পৰা ৪৫ ৰ উৰ্ধৰ মুঠ ১১,৮৩,৯১৭ জন লোকক প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হয় । মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এতিয়ালৈকে সৰ্বাধিক একক দিনৰ গড় ভিত্তিত ১ এপ্ৰিলত ৩৬.৭ লাখৰো অধিক কৰ'ণা প্ৰতিষেধক প্ৰদান কৰা হয় ।

উল্লেখ্য যে, ১৬ জানুৱাৰীৰ পৰা দেশজুৰি স্বাস্থ্যকৰ্মীসকলৰ বাবে কৰ'ণা প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হৈছিল ৷ পৰৱৰ্তী ২ ফেব্ৰুৱাৰীৰ পৰা কৰ'ণা যোদ্ধাসকলক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল । ইফালে, ১ মাৰ্চৰ পৰা ৬০ৰ উৰ্ধৰ আৰু কোনো ৰোগত আক্ৰান্ত ৪৫ বছৰৰ লোকৰ বাবে টীকাকৰণৰ অভিযান আৰম্ভ কৰা হৈছিল । ১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল তৃতীয় পৰ্যায়ৰ টীকাকৰণ অভিযান ৷

উল্লেখ্য যে, শুকুৰবাৰে আবেলি ৭ বজালৈকে দেশত ১,২৩,০৩,১৩১ জন লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্যণ কৰি হত্যাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.