ETV Bharat / bharat

Kiren Rijiju on Parliament Function : বিৰোধীয়ে মণিপুৰৰ অজুহাত দেখুৱাই সংসদ চলিবলৈ নিদিলে; কিৰেণ ৰিজিজু

author img

By

Published : Aug 11, 2023, 6:32 PM IST

Kiren Rijiju on Parliament Function
Kiren Rijiju on Parliament Function

কিৰেণ ৰিজিজুৱে কয়, "বিৰোধী দলবোৰে বিগত কেইদিনমান ধৰি মণিপুৰৰ অজুহাতত সংসদ চলিবলৈ দিয়া নাছিল । বৃহস্পতিবাৰে যেতিয়া প্ৰধানমন্ত্ৰীয়ে মণিপুৰ আৰু সমগ্ৰ উত্তৰ-পূবৰ ওপৰত বক্তব্য ৰাখিছিল, সমগ্ৰ বিৰোধী সদনৰ পৰা ওলাই গৈছিল ।"

নিউজ ডেস্ক, ১১ আগষ্ট : সংসদৰ চলিত বৰ্ষাকালীন অধিবেশনৰ শুকুৰবাৰে আছিল অন্তিমটো দিন । কিন্তু এইবাৰৰ সংসদৰ অধিবেশন তীব্ৰ হুলস্থুল আৰু উত্তেজনাৰ মাজেৰে পাৰ হয় । বিশেষকৈ মণিপুৰৰ পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ দাবীত বিৰোধীয়ে প্ৰায় প্ৰতিদিনে সংসদৰ কাম-কাজ অচল কৰি তোলে । লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনতে মণিপুৰ সন্দৰ্ভত আলোচনা আৰু প্ৰধানমন্ত্ৰীৰ বিবৃতিক লৈ বিৰোধী দলৰ সদস্যসকলে সংসদৰ কাৰ্যক্ৰমণিকাত ব্যাঘাত জন্মায় ।

এইবাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচলৰ সাংসদ কিৰেণ ৰিজিজুৱে । কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে শুকুৰবাৰে অভিযোগ কৰে যে বিৰোধী দলসমূহে মণিপুৰৰ অজুহাতত কেইবা দিন ধৰি সংসদ চলিবলৈ নিদিলে । তেওঁ বৃহস্পতিবাৰৰ সংসদৰ অধিবেশনৰ ঘটনাটোও উল্লেখ কৰে । উল্লখ্য যে মণিপুৰ বিষয়ত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ সময়ত বিৰোধী সাংসদসকল সদনৰ পৰা ওলাই গৈছিল ।

কিৰেণ ৰিজিজুৱে কয়, "বিৰোধী দলবোৰে বিগত কেইদিনমান ধৰি মণিপুৰৰ অজুহাতত সংসদ চলিবলৈ দিয়া নাছিল । বৃহস্পতিবাৰে যেতিয়া প্ৰধানমন্ত্ৰীয়ে মণিপুৰ আৰু সমগ্ৰ উত্তৰ-পূবৰ ওপৰত বক্তব্য ৰাখিছিল, সমগ্ৰ বিৰোধী সদনৰ পৰা ওলাই গৈছিল । উত্তৰ-পূবৰ সকলো এনডিএ সাংসদে ইয়াক গৰিহণা দিছে আৰু আমি প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰও লিখিবলৈ গৈ আছোঁ যে তেওঁ বৃহস্পতিবাৰে মণিপুৰ আৰু উত্তৰ-পূবৰ ওপৰত বিতংভাৱে উল্লেখ কৰিছিল ।"

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ আগষ্টত হিংসাপীড়িত মণিপুৰক 'নিজৰ হৃদয়ৰ অংশ' বুলি অভিহিত কৰি কয় যে উত্তৰ-পূবৰ ৰাজ্যখনত শান্তি পুনৰুদ্ধাৰৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হ'ব আৰু সেয়া শীঘ্ৰেই প্ৰগতিৰ পথত আগবাঢ়িব । "উত্তৰ-পূৰ্বাঞ্চল হৈছে আমাৰ 'জিগৰ কা টুকড়া' । মণিপুৰৰ সমস্যাবোৰ এনেদৰে উপস্থাপন কৰা হৈছে যেন সেইবোৰ শেহতীয়াভাৱেহে আৰম্ভ হৈছিল ।" ৰিজিজুৱে কয় ।

"কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দোষীসকলক কঠোৰতম শাস্তি নিশ্চিত কৰিবলৈ সকলো সম্ভৱ প্ৰচেষ্টা চলাই আছে । মই দেশৰ জনসাধাৰণক আশ্বাস দিব বিচাৰোঁ যে শান্তি পুনৰ প্ৰতিষ্ঠা কৰা হ'ব আৰু মণিপুৰ নতুন আত্মবিশ্বাসেৰে আগবাঢ়িব ।" প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত নিজৰ ভাষণত এনেদৰে কয় ।

লগতে পঢ়ক :Ripun Bora slams PM: প্ৰধানমন্ত্রীৰ ভাষণত প্ৰতিফলিত হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা উদাসীনতা; ৰিপুন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.