ETV Bharat / bharat

Lynched on Thief Suspicion : দিনাজপুৰত চোৰৰ সন্দেহত এজনক হত্যা; পলাতক অভিযুক্ত

author img

By

Published : Aug 3, 2023, 8:17 PM IST

ৰায়গঞ্জ আৰক্ষী থানাৰ গৌড়ী গাঁও পঞ্চায়তৰ ইটাল গাঁৱৰ বাসিন্দা ৰহিম শ্বেখক তেওঁৰ ঘৰৰ পৰা মহম্মদ চামিম নামৰ এজন ব্যক্তিয়ে মাতি পঠায় । অভিযোগ অনুসৰি, চামিম আৰু তেওঁৰ ঘৰৰ লোকসকলে ৰহিমক গুৰুতৰভাৱে প্ৰহাৰ কৰে । ৰহিমৰ ঘটনাস্থলীতে মৃত্যু হয় ।
Lynched on Thief Suspicion
Lynched on Thief Suspicion

নিউজ ডেস্ক, ৩ আগষ্ট : বৃহস্পতিবাৰে উত্তৰ দিনাজপুৰ জিলাৰ ৰায়গঞ্জ আৰক্ষী থানাৰ গৌড়ী গাঁও পঞ্চায়তৰ ইটাল গাঁৱত চোৰৰ সন্দেহত এজন লোকক গণপ্ৰহাৰ কৰি হত্যা কৰা হয় । ঘটনাটোৱে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে । মৃত ব্যক্তিজনৰ নাম ৰহিম শ্বেখ বুলি জানিব পৰা গৈছে । আনহাতে, ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰায়গঞ্জ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে ।

স্থানীয় সূত্ৰ অনুসৰি, ৰায়গঞ্জ আৰক্ষী থানাৰ গৌড়ী গাঁও পঞ্চায়তৰ ইটাল গাঁৱৰ বাসিন্দা ৰহিম শ্বেখক তেওঁৰ ঘৰৰ পৰা মহম্মদ চামিম নামৰ এজন ব্যক্তিয়ে মাতি পঠায় । অভিযোগ অনুসৰি, চামিম আৰু তেওঁৰ ঘৰৰ লোকসকলে ৰহিমক লাঠি আৰু বাঁহেৰে গুৰুতৰভাৱে প্ৰহাৰ কৰে । যাৰ ফলত ৰহিমৰ ঘটনাস্থলীতে মৃত্যু হয় । এই ঘটনাটো পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ।

এই হত্যাকাণ্ডৰ তথ্য লগে লগে ৰায়গঞ্জ আৰক্ষী থানালৈ প্ৰেৰণ কৰা হয় । তথ্য পোৱাৰ পিছতে ৰায়গঞ্জ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত গৈ উপস্থিত হয় । এই সন্দৰ্ভত ৰায়গঞ্জ আৰক্ষী থানাত চামিমৰ সৈতে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰা হৈছে । ঘটনা সন্দৰ্ভত নিহত ৰহিমৰ জ্যেষ্ঠ ভাতৃ মহম্মদ নুৰুল ইছলামে কয়, "চামিমৰ কাষৰ মাটি মোৰ ভাতৃৰ । চামিমে মোৰ ভাতৃক ঘৰৰ পৰা লৈ গৈ তেওঁক প্ৰহাৰ কৰি হত্যা কৰে ।"

আনহাতে, ৰহিমৰ পত্নী খালেদা খাতুনে কয়, "আমাৰ তাত মাটি আছিল । চামিমে উক্ত মাটিত কৰা শস্যত পানী দি আছিল । যেতিয়া মোৰ স্বামীয়ে খেতিপথাৰলৈ শস্য চাবলৈ গৈছিল, তেওঁলোকে চোৰৰ সন্দেহত তেওঁক প্ৰহাৰ কৰি হত্যা কৰে । মই অপৰাধীসকলৰ উপযুক্ত শাস্তি দাবী কৰিছোঁ ।" উল্লেখ্য যে ঘটনাটোৰ পিছৰে পৰা চামিম আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল পলাতক হৈ আছে । আনহাতে, তৃণমূল কংগ্ৰেছৰ পঞ্চায়ত সমিতিৰ সদস্য ৰেজাউল হকে কয় যে চোৰৰ সন্দেহত ৰহিমক প্ৰহাৰ কৰি হত্যা কৰা হৈছে । আৰক্ষীয়ে অপৰাধীসকলক ধৰিবলৈ তালাচী আৰম্ভ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.