ETV Bharat / bharat

Chardham Yatra 2022 : চাৰধাম যাত্ৰাত এতিয়ালৈ ৯১ গৰাকী ভক্তৰ মৃত্যু

author img

By

Published : May 27, 2022, 1:25 PM IST

চাৰধাম যাত্ৰাৰ (Chardham Yatra started) বাবে প্ৰতিকূল বতৰক নেওচি লাখ লাখ ভক্তৰ আগমন ঘটিছে উত্তৰাখণ্ডলৈ । কিন্তু ইয়াৰ মাজতে এই যাত্ৰাত বহু লোকে প্ৰাণ হেৰুৱাইছে । চলিত বছৰত চাৰধাম যাত্ৰাৰ সময়ত এতিয়ালৈ ৯১ গৰাকী ভক্তৰ মৃত্যু হৈছে । বৃহস্পতিবাৰৰ দিনটোতে মৃত্যু হয় ১৬ গৰাকী ভক্তৰ ।

Chardham Yatra 2022
চাৰধাম যাত্ৰাত এতিয়ালৈ ৯১ গৰাকী ভক্তৰ মৃত্যু

নেশ্যনেল ডেস্ক,২৭ মে' : প্ৰতিবছৰে চাৰধাম যাত্ৰাৰ (Chardham Yatra 2022) সময়ত বহু ভক্তৰ মৃত্যু হয় । এইবাৰো পৃথক নহয় । উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰালৈ যোৱা ভক্তৰ মৃত্যুৰ সংখ্যা বাঢ়ি গৈয়ে আছে । বৃহস্পতিবাৰৰ দিনটোত চাৰধামলৈ যোৱা ১৬ গৰাকী ভক্তৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।

জানিব পৰা মতে কেদাৰনাথ ধামত চাৰিগৰাকী ভক্তৰ মৃত্যু হৈছে । একে সময়তে, যমুনোত্ৰী ধামত তিনিগৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয় । বৃহস্পতিবাৰে কেদাৰনাথ আৰু যমুনোত্ৰী ধামত আঠগৰাকী লোকৰ মৃত্যু ৰোগৰ ফলতে হোৱা বুলি অনুমান কৰা হৈছে । এতিয়ালৈকে, চাৰধামত তীৰ্থযাত্ৰীৰ মৃত্যুৰ সংখ্যা ৯১ গৰাকীলৈ বৃদ্ধি হৈছে (91 pilgrims have died in Uttarakhand Chardham Yatra)।

উত্তৰাখণ্ডৰ স্বাস্থ্য সঞ্চালক ডাঃ শৈলাজাই জনোৱা মতে চাৰধাম যাত্ৰাৰ সময়ত বতৰৰ পৰিৱৰ্তনে ভক্তসকলৰ স্বাস্থ্যত প্ৰভাৱ পেলাইছে । এতিয়ালৈ যমুনোত্ৰী ধামত ২৩ গৰাকী ভক্তৰ মৃত্যু হৈছে । গঙ্গোত্ৰী ধামত চাৰিজন ভক্তৰ মৃত্যু হৈছে । কেদাৰনাথ মন্দিৰত কমেও ৪২ গৰাকী ভক্তৰ মৃত্যু হৈছে । আনহাতে, বদ্ৰীনাথ ধামত ১৩ গৰাকী তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে ।

বৃহস্পতিবাৰে, যমুনোত্ৰী ধামত তিনিগৰাকী যাত্ৰী দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হোৱাৰ ফলত মৃত্যু বৰণ কৰে (3 devotees died in Yamunotri dham), আনহাতে ধামত এতিয়ালৈ মৃত্যু হোৱা বাকী ২১ গৰাকী ভক্তৰ মৃত্যু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা বা হাৰ্ট এটেকৰ ফলত হৈছে । আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, মহাৰাষ্ট্ৰৰ পুনেৰ কাঞ্চেঙ্গালী আইন মহাবিদ্যালয়ৰ বাসিন্দা মধুকৰ পৰান্সপেৰ পুত্ৰ দিলীপ পৰান্সপেৰ বুধবাৰে সন্ধিয়া যমুনোত্ৰী মন্দিৰ চৌহদত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । একেদৰে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ চিএইচচি বাদকোটৰ চাকদৌদ নগৰ নয়নী প্ৰয়াগৰাজৰ বাসিন্দা ৰামচন্দ্ৰ চাহু আৰু ৰাজস্থানৰ লাল চন্দ ৰাঠীৰ যমুনোত্ৰী দৰ্শনলৈ যাওঁতে ৰাম মন্দিৰৰ সমীপত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ।

সমান্তৰালকৈ একেদিনাই কেদাৰনাথ ধামত মৃত্যু হোৱা চাৰিজন তীৰ্থযাত্ৰীক বিহাৰৰ নন্দু, উত্তৰ প্ৰদেশৰ হৰিদ্বাৰ তিৱাৰী, বিশ্বেশ্বৰনগৰৰ ৰামনাৰায়ণ ত্ৰিপাঠী আৰু ৰাজস্থানৰ হেমৰাজ সৌনী বুলি চিনাক্ত কৰা হৈছে (Pilgrims died during Kedarnath Yatra)। ইফালে কেদাৰনাথ ধামত মৃত্যু হোৱা বেছিভাগ তীৰ্থযাত্ৰীৰ মৃত্যুৰ কাৰণ হ'ল হাৰ্ট এটেক । চিকিৎসকসকলৰ মতে, গৌৰীকুণ্ডৰ পৰা কেদাৰনাথলৈ খোজকাঢ়ি যোৱা যাত্ৰীসকলৰ উশাহ লোৱাত সমস্যা হয় ।

ভক্তৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে কিন্তু আন এক সমস্যাই দেখা দিছে । জিলা চিকিৎসালয়ৰ মৰ্গ সৰু হোৱাৰ বাবে মৃতদেহ ৰাখিবলৈ ঠাইৰ অভাৱ হৈছে সমান্তৰালকৈ মৰণোত্তৰ পৰীক্ষাও সঠিক সময়ত কৰিব পৰা হোৱা নাই । চিনাক্ত কৰিব নোৱাৰা তীৰ্থযাত্ৰীৰ মৃতদেহ তিনিদিনৰ বাবে ৰখা হৈছে । আনকি মৃতদেহ ৰাখিবলৈ শীত-তাপ নিয়ন্ত্ৰিত ভঁৰালৰো কোনো ব্যৱস্থা নাই ।

ৰুদ্ৰপ্ৰয়াগৰ মুখ্য চিকিৎসা বিষয়া ডাঃ বি কে শুক্লাই জনোৱা মতে কেদাৰনাথ যাত্ৰাৰ সময়ত বৃহস্পতিবাৰে ১,৬১৯ গৰাকী ভক্তৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা প্ৰদান কৰা হৈছিল । ইয়াৰে ১,১৮৭ জন পুৰুষ আৰু ৪৩২ গৰাকী মহিলা । এতিয়ালৈকে, ৩৮,৭০৬ গৰাকী ভক্তক অ'পিডিৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা প্ৰদান কৰা হৈছে । এতিয়ালৈকে, ৮৪৪ গৰাকী যাত্ৰীক অক্সিজেন প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰা ৩ মে'ৰ পৰা আৰম্ভ হৈছিল । ৩ মে'ত, গঙ্গোত্ৰী আৰু যমুনোত্ৰী ধামৰ দুৱাৰ মুকলি কৰা হৈছিল । ৬ মে'ত কেদাৰনাথ ধামৰ দুৱাৰ খোলা হৈছিল । ৮ মে'ত বদ্ৰীনাথ ধামৰ দুৱাৰ খোলাৰ লগে লগে ভক্তৰে ভৰি পৰে চাৰধাম ।

লগতে পঢ়ক:Namaz in taj mahal: তাজমহলত নামাজ পঢ়ি ৰঙাঘৰৰ আলহী হ'ল চাৰি পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.