ETV Bharat / bharat

New Parliament Building : নতুন সংসদ ভৱনে জনপ্ৰতিনিধিসকলক অনুপ্ৰাণিত কৰিব; ওম বিৰলা

author img

By

Published : May 28, 2023, 4:56 PM IST

New Parliament Building
New Parliament Building

নতুন সংসদ ভৱনটোৱে উন্নয়ন, উদ্ভাৱন, প্ৰযুক্তি আৰু আন সকলো দিশৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ কৰি তুলিবলৈ একেলগে কাম কৰিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি মন্তব্য লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ (New parliament building inaugurated) ।

নিউজ ডেস্ক, ২৮ মে' : দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নতুন সংসদ ভৱন (PM Modi inaugurated new parliament) । পুৱা আৰম্ভ হোৱা হোমযজ্ঞৰ পিচত কেইবাটাও কাৰ্যসূচীৰে সমাপ্ত হয় এই উদ্বোধনী অনুষ্ঠানৰ । আনহাতে, পৱিত্ৰ ৰাজদণ্ড ছেংগোল অধ্যক্ষৰ আসনৰ ওচৰত প্ৰতিষ্ঠা কৰে প্ৰধানমন্ত্ৰীয়ে । লগতে তেওঁ নতুন সংসদত প্ৰথমটো বক্তব্যও প্ৰদান কৰে ।

অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও বক্তব্য ৰাখে (Lok Sabha speaker Om Birla) । নিজৰ বক্তব্যত তেওঁ কয় যে নতুন সংসদীয় ভৱনৰ আগমনৰ ফলত নিৰ্বাচিত প্ৰতিনিধিসকলে সদনৰ মজিয়াত তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিবলৈ অনুপ্ৰাণিত কৰিব । ইয়াত হোৱা সুস্থ আলোচনা আৰু বিতৰ্কই অনাগত দিনবোৰত গণতন্ত্ৰক অধিক জীৱন্ত কৰাৰ পথ প্ৰশস্ত কৰিব (Om Birla on new parliament inauguration) ।

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলৰ পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি অভিলেখ সময়ত অত্যাধুনিক আন্তঃগাঁথনিৰে নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাটো সম্ভৱ কৰি তুলিছে । অট্টালিকাটোলৈ লক্ষ্য কৰিলে গৌৰৱময় অতীত আৰু বৰ্তমানৰ সজীৱ গণতন্ত্ৰক সোঁৱৰাই দিয়ে । ই আমাক ভৱিষ্যতে নতুন উচ্চতাত উপনীত হ'বলৈ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব ।" সংসদীয় ভৱনৰ উদ্বোধনৰ পিছত বিৰলাই তেওঁৰ ভাষণত এনেদৰে কয় (Om Birla speech in new parliament) । বিৰলাই লগতে উল্লেখ কৰে যে অত্যাধুনিক অট্টালিকাটোত যিবোৰ প্ৰযুক্তিগত সুবিধা আছে সেইবোৰ আধুনিক সময়ৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অন্তৰ্ভুক্ত কৰা হৈছে ।

বিৰলাই লগতে কয় যে নতুন ভৱনটো সকলো ৰাজ্যৰ পৰম্পৰাৰ সমান প্ৰতিনিধিত্বৰ এক নিখুঁত প্ৰতীক । "নতুন সংসদ ভৱন নিৰ্মাণৰ সময়ত প্ৰতীক আৰু সাংস্কৃতিক পৰম্পৰা অন্তৰ্ভুক্ত কৰা হৈছে । ই সকলো ৰাজ্যৰ লোকৰ সমান অংশগ্ৰহণৰ প্ৰতীক । ই বৈচিত্ৰ্যৰ মাজত একতা প্ৰদৰ্শন কৰে ।" বিৰলাই কয় । তেওঁ লগতে কয় যে নতুন সংসদ ভৱনটোৱে উন্নয়ন, উদ্ভাৱন, প্ৰযুক্তি আৰু আন সকলো দিশৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ কৰি তুলিবলৈ একেলগে কাম কৰিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব । যিবোৰ এখন দেশৰ বাবে উচ্চ শিখৰত উপনীত হোৱাৰ বাবে অত্যাৱশ্যকীয় উপাদান ।

লগতে পঢ়ক :New parliament Building: ভৱিষ্যতে সাংসদৰ সংখ্যা বৃদ্ধি পাব পাৰে; নতুন সংসদ ভৱনৰ তাৎপৰ্য ব্যাখ্যা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.