ETV Bharat / bharat

New Parliament building: এক ঐতিহাসিক ক্ষণত দেওবাৰে মুকলি হ’ব দেশৰ নতুন সংসদ ভৱন

author img

By

Published : May 28, 2023, 7:22 AM IST

Updated : May 28, 2023, 9:24 AM IST

New Parliament building inauguration today
New Parliament building inauguration today

নতুন সংসদ ভৱন উদ্বোধনৰ অনুষ্ঠানটো আজি পুৱাৰ ভাগত যজ্ঞ আৰু বহুধৰ্মীয় প্ৰাৰ্থনাৰে আৰম্ভ হ'ব ৷ তাৰ পিচতে প্ৰধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব ভৱনটো । উদ্বোধনী অনুষ্ঠানত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীকে ধৰি প্ৰায় ২৫ টা দলৰ প্ৰতিনিধি আৰু বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকিব বুলি আশা কৰা হৈছে (New Parliament building to be inaugurated today) ।

নিউজ ডেস্ক, ২৮ মে’: ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ পাতত লিপিবদ্ধ হ’ব ২৮ মে’ অৰ্থাৎ আজিৰ দিনটো ৷ এক উল্লেখনীয় মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰিব দেশৰ নতুন সংসদ ভৱনটো ৷ কেইবাটাও বিৰোধী দলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক দেশৰ মুৰব্বী হিচাপে এই সুবিধা প্ৰদান কৰিব লাগে বুলি দাবী তুলি অনুষ্ঠানটো বৰ্জনৰ সিদ্ধান্ত লৈছে ।

New Parliament building inauguration today
দেওবাৰে মুকলি হ’ব দেশৰ নতুন সংসদ ভৱন

নতুন সংসদ ভৱন উদ্বোধন অনুষ্ঠানৰ আৰম্ভণিতে পুৱাৰ ভাগত যজ্ঞ আৰু বহুধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত হ’ব ৷ তাৰ পিচতে প্ৰধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব ভৱনটো । উদ্বোধনী অনুষ্ঠানত ২৫টা দলৰ প্ৰতিনিধি আৰু ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী-মন্ত্ৰীকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

New Parliament building inauguration today
ত্ৰিকোণীয়া আকৃতিৰ চাৰি মহলীয়া সংসদ ভৱন

বিষয়াসকলে জনোৱা মতে, পুৱা ৭ বজাত নতুন সংসদ ভৱনৰ বাহিৰত যজ্ঞ অনুষ্ঠিত হ’ব আৰু শৈৱী আদেশৰ মহাপুৰোহিতসকলে আনুষ্ঠানিকভাৱে ৰাজদণ্ড ছেংগোল প্ৰধানমন্ত্ৰী মোদীক গতাই দিব । নতুন সংসদ ভৱনত অধ্যক্ষৰ আসনৰ ওচৰত স্থাপন কৰা হ’ব ছেংগোল। নতুন কমপ্লেক্সটোৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডু, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱে গৌড়া আৰু ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশকে ধৰি অন্যান্যসকল উপস্থিত থকাৰ সম্ভাৱনা আছে ।

New Parliament building inauguration today
চাৰি মহলীয়া সংসদ ভৱনটোৰ নিৰ্মাণ কৰা এলেকা ৬৪,৫০০ বৰ্গমিটাৰ

ত্ৰিকোণীয়া আকৃতিৰ চাৰি মহলীয়া সংসদ ভৱনটোৰ নিৰ্মাণ কৰা এলেকা ৬৪,৫০০ বৰ্গমিটাৰ । অট্টালিকাটোৰ তিনিটা মূল গেট আছে ৷ জ্ঞান দ্বাৰ, শক্তি দ্বাৰ, আৰু কৰ্মদ্বাৰ ।

New Parliament building inauguration today
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব দেশৰ নতুন সংসদ ভৱন

লুটিয়েন্সৰ দিল্লীত নিৰাপত্তাৰক্ষী বৃদ্ধি

নতুন সংসদ ভৱন উদ্বোধনৰ পূৰ্বে লুটিয়েন্সৰ দিল্লীত নিৰাপত্তা বৃদ্ধি কৰা হয় । ইতিমধ্যে আৰক্ষীয়ে যান-বাহন চলাচলৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে ৷ নতুন দিল্লী জিলাক এই সময়ছোৱাৰ বাবে নিয়ন্ত্ৰিত অঞ্চল হিচাপে গণ্য কৰা হ’ব আৰু যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব । সংসদ ভৱনটো উচ্চ নিৰাপত্তাসম্পন্ন এলেকাত অৱস্থিত । অতিৰিক্ত বাহিনী নিয়োগ কৰাৰ উপৰিও চিচিটিভি কেমেৰাৰ জৰিয়তে নিৰন্তৰ নিৰীক্ষণ চলি আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

New Parliament building inauguration today
দেশৰ নতুন সংসদ ভৱন

প্ৰায় ২০টা দলে এই অনুষ্ঠান বৰ্জনৰ কথা ঘোষণা কৰাৰ বিপৰীতে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ মুৰব্বী ব্রিজ ভূষণ শৰণ সিঙে সাতগৰাকী মহিলা গ্ৰেপলাৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ দাবীত আন্দোলনকাৰী মল্লযুঁজাৰুসকলে দেওবাৰে নতুন সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ হুংকাৰ দিছে ৷

New Parliament building inauguration today
দেশৰ নতুন সংসদ ভৱন

অৱশ্যে সংসদ কমপ্লেক্সৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত্বত যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি অহা মল্লযুঁজাৰুসকলে ঘোষণা কৰা ‘মহিলা মহাপঞ্চায়ত’ৰ বাবে কোনো অনুমতি দিয়া হোৱা নাই বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে । সংসদ ভৱনৰ সমীপত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই জনায় যদিও সবিশেষ জনাবলৈ অস্বীকাৰ কৰে ।

New Parliament building inauguration today
দেশৰ নতুন সংসদ ভৱনৰ প্ৰৱেশদ্বাৰ

চেন্ট্ৰেল দিল্লীত আৰক্ষীৰ পিকেট স্থাপন কৰা হৈছে আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । লগতে ৰাজধানীৰ সীমান্তৰ প্ৰৱেশ পইণ্টৰ কাষে কাষে নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

উদ্বোধনী অনুষ্ঠানৰ সময়সূচী

  1. পুৱা ৭:৩০ বজাত – মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সমীপৰ পেণ্ডলত পূজা আৰু যজ্ঞ উদ্বোধনী অনুষ্ঠান আৰম্ভ হ’ব । এই পূজা প্ৰায় এঘণ্টা ধৰি চলিব বুলি আশা কৰা হৈছে ।
  2. পুৱা ৮:৩০ বজাত – সংসদ ভৱনৰ নতুন লোকসভা চেম্বাৰত স্থাপন কৰা হ’ব ছেংগোল বা ৰাজদণ্ড। ইয়াক লোকসভাৰ অধ্যক্ষৰ চকীখনৰ ওচৰত স্থাপন কৰা হ’ব ।
  3. পুৱা ৯:৩০ বজাত – সংসদৰ লবীত সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হ’ব । ইয়াত ধৰ্মীয় পণ্ডিত আৰু পুৰোহিতসকলে অংশগ্ৰহণ কৰিব ।
  4. দুপৰীয়া ১২ বজাত – মূল অনুষ্ঠান আৰম্ভ হ’ব । সংসদ সম্পৰ্কীয় দুখন চুটি ছবি প্ৰদৰ্শিত হ’ব আৰু বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰিব ।
  5. দুপৰীয়া ১ বজাত – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন ভৱন উদ্বোধনৰ স্মৃতিত ৭৫ টকীয়া বিশেষ মুদ্ৰা আৰু ডাকটিকট মুকলি কৰিব ।
  6. দুপৰীয়া ১:১০ বজাত – ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা ৰাজনৈতিক দলসমূহৰ তালিকা

এন ডি এৰ সমৰ্থিত দল

  1. বিজেপি (লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ৩৯৪ জন সাংসদ )
  2. শিৱসেনা (একনাথ শিন্দে ফৈদ) (১৫ সাংসদ)
  3. নেচনেল পিপলছ পাৰ্টি, মেঘালয় (দুজন সাংসদ)
  4. নেচনেলিষ্ট ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এজন সাংসদ)
  5. ছিকিম ক্ৰান্তিকাৰী মৰ্চা (এজন সাংসদ)
  6. জান্নয়ক জনতা পাৰ্টি
  7. AIDMK (পাঁচজন সাংসদ)
  8. আই এম কে এম কে
  9. আজছু (এজন সাংসদ)
  10. আৰ পি আই (আথাৱালে) (এজন সাংসদ)
  11. মিজো নেচনেল ফ্ৰন্ট (দুজন সাংসদ)
  12. তামিল মানিলা কংগ্ৰেছ (এজন সাংসদ)
  13. আইটিএফটি (ত্ৰিপুৰা)
  14. বড়োলেণ্ড পিপলছ পাৰ্টি
  15. পট্টলি মক্কল কচ্চি (এজন সাংসদ)
  16. মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টি
  17. আপনা দল (দুজন সাংসদ)
  18. অসম গণ পৰিষদ (এজন সাংসদ)

বিৰোধী দল

  1. লোক জনশক্তি পাৰ্টি (ৰাম বিলাস) (এজন সাংসদ)
  2. বিজেডি (২১ জন সাংসদ)
  3. বি এছ পি (১০ জন সাংসদ)
  4. টিডিপি (৪ সাংসদ)
  5. ৱাইএছআৰচিপি (৩১ জন সাংসদ)

উদ্বোধনী অনুষ্ঠান বৰ্জন কৰা দল

  1. কংগ্ৰেছ (৮১ জন সাংসদ)
  2. ডি এম কে (৩৪ সাংসদ)
  3. শিৱসেনা-ইউবিটি (সাতজন সাংসদ)
  4. আপ (১১ জন সাংসদ)
  5. সমাজবাদী পাৰ্টি (ছয়জন সাংসদ)
  6. চিপিআই (চাৰিজন সাংসদ)
  7. জেএমএম (দুজন সাংসদ)
  8. কেৰালা কংগ্ৰেছ-মণি (দুজন সাংসদ)
  9. বিদুথলাই চিৰুথাইগল কট্চি (এজন সাংসদ)
  10. ৰাষ্ট্ৰীয় লোক দল (এজন সাংসদ)
  11. তৃণমূল কংগ্ৰেছ (৩৫ সাংসদ)
  12. জনতা দল (ইউনাইটেড) (২১ জন সাংসদ)
  13. এন চি পি (৯ জন সাংসদ)
  14. চিপিআই-এম (আঠজন সাংসদ)
  15. আৰজেডি (ছয়জন সাংসদ)
  16. আই ইউ এম এল (চাৰিজন সাংসদ)
  17. এন চি (তিনিজন সাংসদ)
  18. আৰ এছ পি (এজন সাংসদ)
  19. এমডিএমকে (এজন সাংসদ)
  20. AIMIM (দুজন সাংসদ)

লগতে পঢ়ক: Smriti Irani on Sengol Controversy : গান্ধী পৰিয়ালে নেহৰুৰ লাখুঁটি হিচাপে ছেংগোলক চুকত পেলাই ৰাখিছে

Last Updated :May 28, 2023, 9:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.