ETV Bharat / bharat

Smriti Irani on Sengol Controversy : গান্ধী পৰিয়ালে নেহৰুৰ লাখুঁটি হিচাপে ছেংগোলক চুকত পেলাই ৰাখিছে

author img

By

Published : May 27, 2023, 11:25 AM IST

Smriti Irani on Sengol Controversy
Smriti Irani on Sengol Controversy

নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান আৰু ছেংগোল সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছ তথা অন্যান্য বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে (Smriti Irani slammed Congress) । লগতে কয় যে গান্ধী পৰিয়ালে 'ছেংগোল'ক সংগ্ৰহালয়ৰ অন্ধকাৰ চুক এটাত ৰাখিছিল ।

নিউজ ডেস্ক, ২৭ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰিব লগা নতুন সংসদ ভৱনৰ উদ্বোধন কাৰ্যসূচী বৰ্জন কৰাৰ বাবে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে (Smriti Irani slammed Congress) । শুকুৰবাৰে তেওঁ কয় যে গান্ধী পৰিয়ালে 'নেহৰুজীৰ লাখুঁটি' হিচাপে এটা সংগ্ৰহালয়ৰ অন্ধকাৰ কোণত 'ছেংগোল' ৰাখিছে (Smriti Irani criticized congress on Sengol) । "আমাৰ স্বাধীনতাৰ প্ৰতীক 'ছেংগোল'ক গান্ধী পৰিয়ালে 'নেহৰুজীৰ লাখুঁটি' হিচাপে এটা সংগ্ৰহালয়ৰ অন্ধকাৰ কোণত পেলাই থৈছিল ।" স্মৃতি ইৰাণীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় (Congress and BJP sengol controversy) ।

"মই প্ৰতিজন ভাৰতীয়ক সুধিব বিচাৰোঁ, 'ছেংগোল'ক এনেদৰে ৰখাটো আৰু ইয়াক খোজকঢ়া লাখুঁটি বুলি উল্লেখ কৰাটোৱে গান্ধী পৰিয়ালে দেশৰ ইতিহাস আৰু গণতন্ত্ৰৰ বিষয়ে কি ভাবে সেয়া প্ৰদৰ্শন নকৰেনে । সেয়ে গান্ধী পৰিয়ালে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নোহোৱাৰ বাবে দলটোৰ সমভাবাপন্ন লোকসকলক উচটনি দিয়াটোৱে আমাক আচৰিত নকৰে ।" মন্ত্ৰীগৰাকীয়ে লগতে কয় (Smriti Iranis jibe at Congress on sengol) ।

উল্লেখ্য, ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়েও বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰি কয় যে এই কাৰ্যৰ দ্বাৰা কংগ্ৰেছ দলে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰো বিৰোধিতা কৰিছে । এএনআইৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে টাইম আলোচনীখনৰ এটা পুৰণি সংখ্যা প্ৰদৰ্শন কৰি কংগ্ৰেছক উপহাস কৰে ।

"এইখন টাইম আলোচনীৰ ১৯৪৭ চনৰ ২৫ আগষ্টৰ সংখ্যা । মই বিচাৰোঁ যে নতুন সংসদ ভৱনৰ উদ্বোধনৰ বিৰোধিতা কৰা আমাৰ সকলো বন্ধুৱে এই প্ৰবন্ধটো পঢ়িব আৰু 'ছেংগোল'ৰ প্ৰতীক আৰু ১৯৪৭ চনত কি ঘটিছিল তাৰ বিষয়ে কিছু ধাৰণা লাভ কৰক । এই নাটকখন কৰি তেওঁলোকে (বিৰোধী) তেওঁলোকৰ নিজৰ নেতা জৱাহৰলাল নেহৰুৰো বিৰোধিতা কৰিছে ।" তেওঁ কয় ।

উল্লেখ্য, প্ৰধানমন্ত্ৰী মোডীয়ে ২৮ মে'ত নতুন সংসদ ভৱন দেশবাসীলৈ উৎসৰ্গা কৰিব (PM Modi to inaugurate new parliament) । আনহাতে, ব্ৰিটিছৰ পৰা ভাৰতলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে চিহ্নিত 'ছেংগোল'ক নতুন সংসদ ভৱনত উত্তৰাধিকাৰী হিচাপে ৰখা হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অমৃত কালৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে ছেংগোল গ্ৰহণৰ সিদ্ধান্ত লৈছিল ।

ইয়াৰ উপৰি সংসদৰ নতুন ভৱনটোত ১৯৪৭ চনৰ দৰে একে অনুষ্ঠান এটা প্ৰত্যক্ষ কৰা হ'ব । এই অনুষ্ঠানত আধিনামে (পুৰোহিতসকলে) প্ৰধানমন্ত্ৰীক ছেংগোল অৰ্পণ কৰিব । ১৯৪৭ চনৰ সেই একেডাল ছেংগোল প্ৰধানমন্ত্ৰীয়ে লোকসভাত স্থাপন কৰিব । অধ্যক্ষৰ আসনৰ ওচৰত ইয়াক স্থাপন কৰা হ'ব ।

আনহাতে, দেশবাসীক প্ৰদৰ্শন কৰাবলৈ বিশেষ অনুষ্ঠানত ইয়াক উলিয়াই অনা হ'ব । লক্ষণীয় কথাটো হৈছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰিৱৰ্তে উদ্বোধনী অনুষ্ঠান প্ৰধানমন্ত্ৰীয়ে কৰাৰ বাবে লোৱা সিদ্ধান্তত অতি কমেও ২১ টা বিৰোধী দলে এই কাৰ্যসূচী বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে (congress boycott new parliament inauguration) ।

লগতে পঢ়ক :NITI Governing Council Meeting : আজি NITI আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.