ETV Bharat / bharat

G20 declaration : জি২০ ঘোষণাপত্ৰই বহুপাক্ষিকতাৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰে; অমিতাভ কান্ত

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 3:56 PM IST

G20 declaration
G20 declaration

বিশ্ব নেতাসকলে গ্ৰহণ কৰা নতুন দিল্লী জি-২০ ঘোষণাই বহুপাক্ষিকতাৰ চেম্পিয়ন হ'বলৈ আৰু ৰাছিয়া-ইউক্ৰেইন সংকটৰ দৰে বিশ্বজনীন উন্নয়নমূলক বিষয় আৰু সংঘাতৰ ক্ষেত্ৰত বিশ্বক একত্ৰিত কৰাৰ ভাৰতৰ মহান সামৰ্থ্য প্ৰদৰ্শন কৰিছে । বুধবাৰে ভাৰতৰ জি-২০ শ্বেৰ্পা অমিতাভ কান্তে কয় ।

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : দেওবাৰে দিল্লীত অন্ত পৰে ঐতিহাসিক জি-২০ শীৰ্ষ সন্মিলন । বিশ্ব নেতাসকলে অংশগ্ৰহণ কৰা এই সন্মিলন ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল । নতুন দিল্লী জি-২০ ঘোষণা-পত্ৰই বহুপাক্ষিকতাৰ চেম্পিয়ন হ'বলৈ আৰু ৰাছিয়া-ইউক্ৰেইন সংকটৰ দৰে বিশ্বজনীন উন্নয়নমূলক বিষয় আৰু সংঘাতৰ ক্ষেত্ৰত বিশ্বক একত্ৰিত কৰাৰ ভাৰতৰ মহান সামৰ্থ্য প্ৰদৰ্শন কৰিছে । বুধবাৰে ভাৰতৰ জি-২০ শ্বেৰ্পা অমিতাভ কান্তে এনেদৰে কয় ।

ঘোষণা-পত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ সেউজ উন্নয়ন চুক্তিয়ে ভাৰতীয় স্বয়ংচালিত আৰু উপাদান খণ্ডক বৈদ্যুতিক আৰু বহনক্ষম গতিশীলতাৰ ক্ষেত্ৰত বিশ্ব নেতা হোৱাৰ এক মহান সুযোগ প্ৰদান কৰিছে বুলি তেওঁ লগতে কয় । অটোমোটিভ কম্প'নেণ্ট মেনুফেকচাৰ্ছ এছোচিয়েচন অব ইণ্ডিয়াৰ (এচিএমএ) বাৰ্ষিক সন্মিলনত ভাষণ দি উদ্যোগটোক সৰ্ববৈদ্যুতিক হ'বলৈও তেওঁ কয় ।

"নতুন দিল্লীত প্ৰকাশ পোৱা নেতাসকলৰ ঘোষণা-পত্ৰ অতি বেছি সামগ্ৰিক, অতি উচ্চাকাংক্ষী । ইয়াত সৰ্বমুঠ ৮৩ টা অধ্যায় আছে । এইটো প্ৰথমবাৰৰ বাবে হৈছে যে ৮৩ টা অধ্যায়ৰ মাজত আটাইকেইটাতে ১০০ শতাংশ সহমত আছে ।" কান্তে দৃঢ়তাৰে কয় । ঘোষণা-পত্ৰখনত কোনো 'সংৰক্ষণ, বন্ধনী আৰু সভাপতিৰ সাৰাংশ' নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাছিয়া-ইউক্ৰেইন সংকটৰ ওপৰত আঠটা অধ্যায়কে ধৰি ৮৩ টা অধ্যায়ৰ আটাইকেইটাকে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয় ।

"ই ভাৰতৰ মহান সামৰ্থ্য প্ৰদৰ্শন কৰিছে । প্ৰথমতে, বহুপাক্ষিকতাৰ চেম্পিয়ন হোৱা আৰু উন্নয়নশীল দেশসমূহ, উদীয়মান বজাৰসমূহ, উন্নত বিশ্ব, জি-৭ দেশসমূহ, ৰাছিয়া, চীন সকলোকে একত্ৰিত কৰা আৰু সকলো উন্নয়নমূলক বিষয়ৰ লগতে বিশ্বজনীন সংঘাতৰ বিষয়ত সহমত অনাৰ মহান সামৰ্থ্য প্ৰদৰ্শন কৰিছে, যিটো হৈছে ৰাছিয়া-ইউক্ৰেইন সংকট ।" কান্তে উল্লেখ কৰে ।

ঘোষণা-পত্ৰখনত জলবায়ু কাৰ্য, জলবায়ু বিত্তৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু ইয়াৰ কেন্দ্ৰবিন্দু হৈছে এক সেউজ উন্নয়ন চুক্তি, যাৰ অটোমোবাইল খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে । তেওঁ কয় ।

"মই এইমাত্ৰ জি-২০ ডকুমেণ্টৰ আলোচনা কৰিছোঁ আৰু মই আপোনালোকক কওঁ, সেউজ উন্নয়ন চুক্তিৰ এটা বৃহৎ উপাদান আছে । সমগ্ৰ আলোচনাটো ২০৩০ চনৰ ভিতৰত নিৰ্গমন ৪৩ শতাংশ হ্ৰাস কৰাৰ বিষয়ে আছিল... আৰু ভাৰত আৰু অন্যান্য মধ্যপ্ৰাচ্যৰ দেশসমূহৰ ওপৰত নিৰ্গমন হ্ৰাস কৰাৰ বাবে সমগ্ৰ বিশ্বৰ পৰা চাপ বৃদ্ধি পাব ।" কান্তে উল্লেখ কৰে ।

লগতে পঢ়ক :Nagaland against UCC: UCC ৰ আওতাৰ পৰা নাগালেণ্ডক ৰেহাই দিয়াৰ আহ্বান মুখ্যমন্ত্ৰী ৰিঅ’ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.