ETV Bharat / bharat

Nagaland against UCC: UCC ৰ আওতাৰ পৰা নাগালেণ্ডক ৰেহাই দিয়াৰ আহ্বান মুখ্যমন্ত্ৰী ৰিঅ’ৰ

author img

By ANI

Published : Sep 13, 2023, 10:43 AM IST

UCC য়ে নাগালেণ্ডৰ প্ৰথাগত আইন, সামাজিক প্ৰথা আৰু ধৰ্মীয় ৰীতি-নিয়মলৈ ভাবুকি কঢ়িয়াই আনিব বুলি কয় মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই । ৰাজ্যখনক UCC ৰ আওতাৰ পৰা আঁতৰায় ৰাখিবৰ বাবে আহ্বান জনায় ৰিঅ’ই ।

Nagaland against UCC
UCC ৰ আওতাৰ পৰা নাগালেণ্ডক ৰেহাই দিয়াৰ আহ্বান

নেশ্যনেল ডেস্ক, 13 ছেপ্টেম্বৰ: নাগালেণ্ড বিধানসভাই সৰ্বসন্মতিক্ৰমে ৰাজ্যখনক ইউনিফৰ্ম চিভিল কোডৰ পৰিসৰৰ পৰা ৰেহাই দিবলৈ আহ্বান জনোৱা প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই কয় যে, এই প্ৰস্তাৱিত আইনখনে ৰাজ্যখনৰ প্ৰথাগত আইন, সামাজিক প্ৰথা আৰু ধৰ্মীয় ৰীতি-নিয়মলৈ ভাবুকি কঢ়িয়াই আনিব ।

মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’কে ধৰি বিধানসভাৰ সদস্যসকলে সোমবাৰে ইউনিফৰ্ম চিভিল কোডৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু মঙলবাৰে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱিত আইনখনৰ বিৰুদ্ধে সদনত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল । মুখ্যমন্ত্ৰীয়ে ইউচিচিৰ বিৰুদ্ধে এই প্ৰস্তাৱ দাখিল কৰাৰ পিছত ৰাজ্যখনক প্ৰস্তাৱিত ইউচিচিৰ পৰিসৰৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ আহ্বান জনায় ।

ৰিঅ’ই কয় “যদিও ইউচিচিৰ আপাত উদ্দেশ্য হৈছে বিবাহ আৰু বিবাহ বিচ্ছেদ, জিম্মা আৰু অভিভাৱকত্ব, দত্তক লোৱা আৰু ৰক্ষণাবেক্ষণ, উত্তৰাধিকাৰ আৰু উত্তৰাধিকাৰী আদি ব্যক্তিগত বিষয়বোৰ সম্বন্ধীয় প্ৰথাগত আইনসমূহৰ প্ৰতি ইউচিচিয়ে ভাবুকি কঢ়িয়াই আনিব ৷ আনহাতে, সামাজিক আৰু ধৰ্মীয় পদ্ধতি আদিবোৰৰ ক্ষেত্ৰত ইউচিচি জাপি দিলে সমস্যাৰ সৃষ্টি হ’ব ৷”

ৰিঅ’ই আৰু কয় যে, নগালেণ্ড চৰকাৰে কেবিনেটৰ সিদ্ধান্তৰ জৰিয়তে নাগালেণ্ডৰ অনন্য ইতিহাস আৰু অনুচ্ছেদৰ অধীনত দিয়া সাংবিধানিক নিশ্চয়তাৰ ভিত্তিত ইউচিচিক বিৰোধিতা কৰি 4 জুলাইত এই বিষয়ত আইন আয়োগৰ ওচৰত 371 (A) ৰ অধীনত নিজৰ মতামত দাখিল কৰিছিল ।

ৰিঅ’ই কয়, ‘‘ৰাজ্য চৰকাৰে 1 ছেপ্টেম্বৰত আয়োজন কৰা ইউচিচি সন্দৰ্ভত বিভিন্ন অংশীদাৰৰ সৈতে হোৱা পৰামৰ্শমূলক বৈঠকত বিভিন্ন জনজাতীয় হোহো আৰু সংগঠনৰ প্ৰতিনিধিয়ে ইউচিচি থকাৰ ধাৰণাটোৰ প্ৰতি তীব্ৰ ক্ষোভ আৰু আপত্তি প্ৰকাশ কৰিছিল’’ ।

ৰিঅ’ই সদনক জনাইছিল যে, ৰাজ্যখনৰ মন্ত্ৰীসভাই ইতিমধ্যে ৰাজ্যখনক ইউচিচিৰ পৰা ৰেহাই দিবলৈ 22 নং আইন আয়োগক প্ৰতিবেদন দাখিল কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কেবিনেটে বৈঠকত মিলিত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো গুৰুত্ব দিব বুলি আশ্বাস দিয়ে । ৰাজ্য চৰকাৰখন কেন্দ্ৰৰ শাসকীয় NDA ৰ মিত্ৰ হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নীতি আৰু সিদ্ধান্তৰ বিৰুদ্ধে যাব নোৱাৰে বুলি ৰিঅ’ই কয় ।

লগতে পঢ়ক: Uniform Civil Code: ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা নাগালেণ্ড চৰকাৰৰ, প্ৰস্তাৱ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.