ETV Bharat / bharat

National Read a Book Day : গ্ৰন্থ শুনো আহক !

author img

By

Published : Sep 6, 2022, 2:11 PM IST

আজি ৰাষ্ট্ৰীয় গ্ৰন্থ অধ্য়য়ন দিৱস (National Read a Book Day)। একেৰাহে বহি এখন গ্ৰন্থ পঢ়াৰ সময় হয়টো বহুতৰে নাথাকে । কিন্তু সেই একেখন গ্ৰন্থ আপুনি শুনিব পাৰে । ৰাষ্ট্ৰীয় অধ্য়য়ন দিৱসত জানো আহক এই গ্ৰন্থ শুনানো কি ?

National Read a Book Day
গ্ৰন্থ শুনো আহক

ইণ্টাৰনেশ্যনেল ডেস্ক,৬ ছেপ্টেম্বৰ : স্বাভাৱিক পৰিৱেশত আমি বেছিখিনি সময় বাহিৰত ভ্ৰমণ কৰি অতিবাহিত কৰিবলৈ আৰম্ভ কৰিছো । যাৰ বাবে কিতাপ বা গ্ৰন্থৰ সৈতে আমি কম সময় অতিবাহিত কৰিব পাৰো । বিশেষকৈ এগৰাকী গ্ৰন্থ প্ৰেমীৰ বাবে এখন নতুন কিতাপ পঢ়াতকৈ বেছি গুৰুত্বপূৰ্ণ একো হ'ব নোৱাৰে । কিন্তু যেতিয়া আমি বহি কিতাপ এখন পঢ়িবলৈ সময় নাপাও তেতিয়া কি কৰিম ?

ৰাষ্ট্ৰীয় গ্ৰন্থ অধ্য়য়ন দিৱস উপলক্ষে আমি ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰীৰ (British council digital library) বিষয়ে আলোচনা কৰিব পাৰো । ইয়াত আপোনাৰ প্ৰিয় কিতাপখন শুনিব পাৰিব । গ্ৰন্থ শুনা এক নতুন পদ্ধতি । যাৰ বাবে ব্ৰিটিছ কাউন্সিলৰ ডিজিটেল লাইব্ৰেৰীত প্ৰত্যক্ষ কৰা অনুসৰি ২০২০ চনৰ পৰা ২০২২ৰ আগষ্টলৈকে অডিঅ' বুকৰ সদস্যৰ সংখ্যা ৪১ শতাংশ বৃদ্ধি হৈছে ।

কিতাপৰ সৈতে আমাৰ সম্পৰ্ক বজাই ৰখাৰ বাবে অডিঅ' বুক এক উৎকৃষ্ট মাধ্যম । খোজ কাঢ়িবলৈ ওলাই যাওক বা অফিচলৈ যাওক বা কোনো কাম কৰি থাকক, কিতাপ এখন শুনাটো এতিয়া বহুতো গ্ৰন্থ প্ৰেমীৰ বাবে পছন্দ হৈ পৰিছে । ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰীত অডিঅ' বুকৰ এক কিউৰেটেড সংগ্ৰহ আছে ।

ক্লাছিকৰ পৰা নতুন কিতাপলৈ, কাল্পনিক কাহিনী বা সত্য ঘটনালৈ যিবোৰ কিতাপ আপুনি যিকোনো স্থানত, যিকোনো সময়তে উপভোগ কৰিব পাৰে । সেয়েহে আপোনাৰ প্লেলিষ্ট বনাই লওক, আপোনাৰ হেডফোন লগাওক আৰু আপোনাৰ প্ৰিয় লেখকসকলৰ কিতাপ শুনিবলৈ আৰম্ভ কৰক ।

ইয়াত সকলোৰে পচন্দৰ কিতাপ আছে । চাচপেন্সেৰে ভৰা থ্ৰিলাৰৰ প্ৰেমিকসকলৰ বাবে আগাথা ক্ৰিষ্টিৰ "The Murder of Roger Ackroyd" অতি উল্লেখযোগ্য । কৌতূহলী মনৰ পঢ়ুৱৈসকলে সদায় কিবা নতুন আৰু আকৰ্ষণীয় বিষয় পঢ়িব বিচাৰে । তেওঁলোকৰ বাবে এই গ্ৰন্থখন যথেষ্ট পচন্দৰ ।

যদি আপুনি এজন সঁচা ৰোমান্টিক, শ্ৰেষ্ঠ ৰোমাঞ্চ অডিঅ' বুকবোৰৰ ভিতৰত এখন হৈছে ইনগ্ৰিড পেৰচাউদৰ "Love after Love"। আপুনি এনেকুৱা গ্ৰন্থ ভালপায় নেকি যিয়ে আপোনাৰ মনটো মুকলি কৰি দিয়ে । তাৰ বাবে শ্ৰেষ্ঠ দাৰ্শনিক অডিঅ' বুক হৈছে ষ্টিফেন আৰ. কোৱেৰ "The 7 Habits of Highly Effective People"।

কেৱল এয়াই নহয় ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰীত বিজ্ঞানৰ কাল্পনিক কাহিনীৰ ৰে ব্ৰেডবেৰীৰ "ফাৰেনহাইট-451" নামৰ গ্ৰন্থখনো যথেষ্ট চৰ্চিত । এই কিতাপ কাহিনীও আপুন শুনিব পাৰে । ইয়াৰ উপৰিও এনে বিজ্ঞানৰ কাল্পনিক কাহিনীৰ বহু কিতাপৰ সংগ্ৰহ আছে ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰীত ।

টনি জনষ্টনৰ "The Cat with Seven Names" নামৰ শ্ৰেষ্ঠ শিশুৰ অডিঅ' বুকখনো চৰ্চিত গ্ৰন্থ । শিশু উপন্যাস এখন পঢ়িলে যেনেদৰে সকলোকে পুৰণি দিনবোৰলৈ ঘূৰাই আনে । এই গ্ৰন্থখন শুনিলেও আমোদজনকভাৱে আপোনাক সেই পৰিৱেশলৈ ঘূৰাই লৈ যাব ।

লগতে পঢ়ক :নৱনিৰ্বাচিত ব্ৰিটিছ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ অভিনন্দন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.