ETV Bharat / bharat

নৱনিৰ্বাচিত ব্ৰিটিছ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ অভিনন্দন

author img

By

Published : Sep 6, 2022, 12:49 PM IST

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে ব্ৰিটিছ বৈদেশিক সচিব লিজ ট্ৰাছক ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায় (S Jaishankar on congratulated PM Liz Truss) ।

UK PM
UK PM

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে ব্ৰিটিছ বৈদেশিক সচিব লিজ ট্ৰাছক ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায় (S Jaishankar congratulated PM Liz Truss)। জয়শংকৰে টুইটাৰযোগে জনোৱা তেওঁৰ অভিনন্দন বাৰ্তাত লিখিছে, তেওঁৰ নেতৃত্বত ভাৰত-ব্ৰিটেইনৰ বন্ধুত্ব অধিক শক্তিশালী হ'ব (New Prime Minister of UK Liz Truss) ।

"ব্ৰিটেইনৰ কনজাৰ্ভেটিভ পাৰ্টীৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে লিজ ট্ৰাছক অভিনন্দন (UK Conservative Party leader Liz Truss)। ভাৰত-ব্ৰিটেইনৰ সহযোগিতাক উচ্চ স্তৰলৈ উন্নীত কৰোৱাৰ বাবে আপোনাৰ প্ৰতিশ্ৰুতি সকলোৱে জানে । আপোনাৰ নেতৃত্বত আমাৰ সম্পৰ্ক আৰু অধিক বৃদ্ধি পাব বুলি আত্মবিশ্বাসী ।" জয়শংকৰে টুইটত এনেদৰে কয় ।

উল্লেখ্য, আজি লিজ ট্ৰাছক কনজাৰ্ভেটিভ পাৰ্টীৰ নতুন মুৰব্বী হিচাপে ঘোষণা কৰা হয় (Liz Truss announced new head of Conservative Party) । ৪৭ বছৰীয়া লিজ ট্ৰাছ ব্ৰিটেইনৰ তৃতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী (3rd female PM of UK Liz Truss) । তেওঁ সকলো কনজাৰ্ভেটিভ দলৰ সদস্যৰ ডাক বেলটৰ জৰিয়তে ঋষি ছুনকক পৰাস্ত কৰে । ট্ৰাছে ৮১,৩২৬ টা ভোট লাভ কৰাৰ বিপৰীতে ছুনকে ৬০,৩৯৯ টা ভোট লাভ কৰে (Liz Truss defeated Rishi Sunak) ।

"কনজাৰ্ভেটিভ পাৰ্টীৰ নেতা নিৰ্বাচিত হোৱাৰ বাবে মই সন্মানিত । আমাৰ মহান দেশৰ নেতৃত্ব আৰু সেৱাৰ বাবে মোৰ ওপৰত আপোনালোকৰ বিশ্বাস ৰখাৰ বাবে আপোনালোকক ধন্যবাদ । এই কঠিন সময়বোৰৰ মাজেৰে আমাৰ প্ৰাপ্তি অৰ্জন কৰিবলৈ, আমাৰ অৰ্থনীতি বৃদ্ধি কৰিবলৈ আৰু ব্ৰিটেইনৰ সম্ভাৱনা কঢ়িয়াই আনিবলৈ মই সাহসী পদক্ষেপ ল'ম ।" ট্ৰাছে এক টুইটাৰ বাৰ্তাত লিখে ।

উল্লেখ্য, ৭ জুলাইত বৰিছ জনছন কেলেংকাৰীত জড়িত হোৱাৰ পিছত নেতৃত্বৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কেবিনেট সদস্যসকলৰ কেইবাজনেও পদত্যাগ কৰাৰ পিছত জনছনে পদত্যাগ কৰিবলৈ বাধ্য হয় (Former PM of UK Boris Johnson)।

ইয়াৰ পিছত ব্ৰিটেইনৰ পৰৱৰ্তী শাসনভাৰ কাৰ হাতলৈ যাব তাৰ প্ৰতিদ্বন্দ্বিতা আৰম্ভ হয় । ঋষি ছুনক আৰু লিজ ট্ৰাছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰতিদ্বন্দ্বতিতাৰ চূড়ান্ত পৰ্যায়লৈ কনজাৰ্ভেটিভ দলৰ সদস্য হিচাবে উন্নীত হয় । ছয়সপ্তাহ ধৰি প্ৰায় এক ডজন নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পিছত লিজ ট্ৰাছ আৰু ঋষি ছুনকে ব্ৰিটেইনৰ বাবে তেওঁলোকৰ দীৰ্ঘম্যাদী দৃষ্টিভংগী ব্যাখ্যা কৰে ।

উল্লেখ্য, ভাৰত-ব্ৰিটেইনৰ মাজত ভৱিষ্যত সম্পৰ্কৰ বাবে ৰোডমেপ ২০৩০ যোৱা বছৰ মে'ত দুয়োখন দেশৰ মাজত এক ভাৰ্চুৱেল সন্মিলনৰ সময়ত আৰম্ভ কৰা হয় (Roadmap 2030 for India UK future relations) । এই ৰোডমেপ হৈছে মানুহৰ মাজত পুনৰুজ্জীৱিত আৰু গতিশীল সংযোগ, পুনৰ উজ্জীৱিত বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবে ।

আনহাতে, এই বছৰ ভাৰত ভ্ৰমণৰ সময়ত ট্ৰাছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ (External Affairs Minister S Jaishankar) সৈতে ৰোডমেপ ২০৩০ সন্দৰ্ভত এতিয়ালৈকে লাভ কৰা অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে আৰু বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু প্ৰব্ৰজনৰ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত ফলাফল প্ৰদানৰ প্ৰচেষ্টা অধিক তীব্ৰ কৰিবলৈ সন্মত হয় ।

লগতে পঢ়ক :ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত লিজ ট্ৰাছ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.