ETV Bharat / bharat

Richest Indian in world: গৌতম আদানিক চেৰ পেলাই বিশ্বৰ ধনাৰ্ঢ্য ভাৰতীয়ৰ শীৰ্ষত মুকেশ আম্বানী

author img

By

Published : Feb 1, 2023, 4:27 PM IST

Mukesh Ambani replaces Gautam Adani as the richest Indian in world
বিশ্বৰ ধনাৰ্ঢ্য ভাৰতীয়ৰ শীৰ্ষত মুকেশ আম্বানী

আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিক অতিক্ৰম কৰি বিশ্বৰ ধনাৰ্ঢ্য ভাৰতীয়ৰ শীৰ্ষত স্থান দখল কৰিছে মুকেশ আম্বানীয়ে (Mukesh Ambani replaces Gautam Adani ) ৷

নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰী: ফৰ্বছ ৰিয়েল-টাইম বিলিয়নেয়াৰৰ তালিকা অনুসৰি আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিক অতিক্ৰম কৰি বিশ্বৰ ধনাৰ্ঢ্য ভাৰতীয়ৰ তালিকাত স্থান দখল কৰিছে মুকেশ আম্বানীয়ে (Mukesh Ambani replaces Gautam Adani ) ৷

মুঠ 84.1 বিলিয়ন ডলাৰৰ সম্পত্তিৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ (আৰআইএল) অধ্যক্ষ মুকেশ আম্বানী বিশ্বৰ আটাইতকৈ ধৰ্ণাঢ্য লোকৰ তালিকাত নৱম স্থান দখল কৰিছে (Mukesh Ambani richest Indian in world) ৷ ইফালে 83.9 বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে গৌতম আদানি দশম স্থানলৈ অৱনমিত হৈছে ৷

হিণ্ডেনবাৰ্গ গৱেষণা প্ৰতিবেদন প্ৰকাশ হোৱাৰ পূৰ্বে আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি বিশ্বৰ তৃতীয় ধনী ব্যক্তি আছিল ৷ এই তালিকাৰ শীৰ্ষত আছে ফৰাচী বিলাসী ফেশ্বন জায়াণ্ট এলএমভিএইচৰ বাৰ্ণাৰ্ড আৰ্নাল্ট আৰু পৰিয়াল। ২০২২ চনৰ ডিচেম্বৰত লুই ভুটনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া বাৰ্ণাৰ্ড আৰ্নাল্টে ইলন মাস্কক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হয়।

অৱশ্যে এই স্থানসমূহ স্থায়ী নহয় ৷ এই স্থানসমূহৰ নিৰন্তৰে উঠা-নমা হৈ থাকে। আগন্তুক সময়ত যদি আদানিৰ ষ্টকত লাভ হয় তেনেহ’লে আদানিৰ ব্যক্তিগত সম্পদো বৃদ্ধি পাব ৷ আদানি গ্ৰুপৰ প্ৰতিষ্ঠানসমূহৰ শ্বেয়াৰসমূহ বুধবাৰৰ পৰা হ্ৰাস পাইছিল ।

অৱশ্যে, কেন্দ্ৰীয় বাজেটৰ প্ৰত্যাশাৰ ওপৰত বিনিয়োগকাৰীসকলৰ মনোভাৱ বৃদ্ধি হোৱাৰ বাবে মুখ্য বজাৰ সূচকবোৰ লাভৰ সৈতে মুকলি হৈছিল । বুধবাৰে পুৱা গোটটোৰ ফ্লেগশ্বিপ ফাৰ্ম আদানি এণ্টাৰপ্ৰাইজেছৰ শ্বেয়াৰ বিএছইত 3.02 শতাংশ হ্ৰাস হৈ 2,880.20 টকা হয়গৈ । পাঁচ দিনৰ ব্যৱধানত শ্বেয়াৰবোৰ 15 শতাংশ হ্ৰাস পাইছিল । আদানি গ্ৰীণ ৩.৮২ শতাংশ হ্ৰাস হৈ ১,১৭৭.১৫ টকালৈ হ্ৰাস পাইছে আৰু পাঁচ দিনৰ ব্যৱধানত শ্বেয়াৰবোৰ প্ৰায় ৩৮ শতাংশ হ্ৰাস পাইছে ।

লগতে পঢ়ক: Realistic Budget for Family: পৰিয়ালৰ বিত্তীয় ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰক বাস্তৱিক ঘৰুৱা বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.