ETV Bharat / bharat

সোপাধৰাৰ সন্দেহত তিনিগৰাকী সাধুক গণপ্ৰহাৰ

author img

By

Published : Oct 6, 2022, 4:23 PM IST

দেশত সোপাধৰাৰ আতংক (Mob lynching case in India) ৷ সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি হৈছে তিনিগৰাকী সাধু ৷ এই ঘটনা সংঘটিত হৈছে ছত্তিশগড়ৰ চাৰোদা অঞ্চলত ৷

Monks beaten by Mob in durg of chhattisgarh
সোপাধৰাৰ সন্দেহত তিনিগৰাকী সাধুক প্ৰহাৰ

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ: দেশত শেহতীয়াকৈ সোপাধৰাৰ আতংকই বিৰাজ কৰিছে (Sopadhara rumours in India)। যাৰ ফলত অচিনাকি ব্যক্তি দেখিলেই ৰাইজে সোপাধৰাৰ সন্দেহত শাৰীৰিক আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিবলৈ লৈছে (Mob lynching case in India )। শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে ছত্তিশগড়ৰ চাৰোদাত ৷ এইবাৰ জনসাধাৰণৰ প্ৰহাৰৰ বলি হৈছে তিনিগৰাকী সাধু ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে আনুমানিক প্ৰায় ১১বজাত তিনিগৰাকী সাধু আহিছিল চাৰোদা অঞ্চললৈ ৷ সাধু তিনিগৰাকী পথৰে গৈ থকা অৱস্থাত হঠাৎ কোনো অচিনাক্ত লোকে সোপাধৰা বুলি চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰে ৷ লগে লগে সেই ঠাইত উপস্থিত হয় স্থানীয় ৰাইজ ৷

স্থানীয় ৰাইজে সাধুকেইগৰাকীক প্ৰথম অৱস্থাত জেৰা আৰম্ভ কৰে । কিন্তু সাধুকেইগৰাকীয়ে ঘটনাৰ বিৱৰণী দিয়াৰ পূৰ্বেই সংঘটিত হয় অপ্ৰীতিকৰ ঘটনা ৷ কিছু সময়ৰ ভিতৰতেই সেই ঠাইত ভিৰ কৰে বহু লোকে ৷ তাৰ পিছতে সাধুকেইগৰাকীক প্ৰহাৰ কৰিবলৈ ধৰে ৰাইজে (Sadhus were beaten up on suspicion of child theft) ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তিনিওগৰাকী সাধু ৷

ঘটনা খবৰ পাই স্থানীয় আৰক্ষী সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু সাধুকেইগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, আৰক্ষীৰ প্ৰাথমিক তদন্তৰ অন্তত জানিব পৰা মতে দশেৰা উপলক্ষে সেই ঠাইত একাংশ যুৱকে সুৰাপান কৰি আছিল । তাৰ মাজৰে এজনে সাধুকেইজনক দেখি সোপাধৰা বুলি চিঞৰি দিয়াৰ পিছতেই সংঘটিত হয় এই অপ্ৰীতিকৰ ঘটনাটো ৷ জানিব পৰা মতে সুৰামত্ত যুৱকসকলেই সাধুকেইগৰাকীক মাৰপিট কৰিছিল (Monks beaten by Mob in durg)।

আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি, সাধুকেইগৰাকী ৰাজস্থানৰ আলৱাৰৰ বাসিন্দা ৷ সাধুকেইগৰাকীৰ নাম ক্ৰমে ৰাজবীৰ সিং, অমন সিং আৰু শ্যাম সিং বুলি জানিব পৰা গৈছে । তেওঁলোকে চাৰোদা গাঁৱত ভাড়াঘৰত বসবাস কৰি ৰাইজৰ দান বৰঙনিৰে জীৱিকা উপাৰ্জন কৰি আহিছিল । ইফালে সাধুকেইগৰাকীৰ পৰা কোনো ধৰণৰ সন্দেহজনক কাৰ্যকলাপৰ তথ্য পোৱা নাই ৷

লগতে পঢ়ক: কামপুৰত সোপাধৰাৰ সন্দেহত দুদিনৰ ভিতৰত দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.