ETV Bharat / bharat

ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ; অৰ্জুন বঁটা গ্ৰহণ মহম্মদ শ্বামীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 1:47 PM IST

অৰ্জুন বঁটা গ্ৰহণ মহম্মদ শ্বামীৰ
অৰ্জুন বঁটা গ্ৰহণ মহম্মদ শ্বামীৰ

National Sports Award Ceremony : সাধাৰণতে ২৯ আগষ্টত হকী কিংবদন্তী মেজৰ ধ্যান চান্দৰ জন্ম জয়ন্তী উপলক্ষে এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । কিন্তু যোৱা বছৰ ২৩ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চীনৰ হাংঝৌ এছিয়ান গেমছৰ বাবে এইবাৰ অনুষ্ঠানটো পিছুৱাই দিয়া হয় । এইবাৰ ৰাষ্ট্ৰপতি ভৱনত ২৬ গৰাকী খেলুৱৈ আৰু পেৰা-এথলীটক অৰ্জুন বঁটা প্ৰদান কৰা হয় ।

নিউজ ডেস্ক, ৯ জানুৱাৰী : ২০২৩ বৰ্ষত ক্ৰীড়া ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা দেশৰ ক্ৰীড়াবিদসকলক মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰে । অনুষ্ঠানত শ্বাটলাৰ চিৰাগ শেট্টী আৰু সাত্বিকসাইৰাজ ৰাঙ্কিৰেড্ডীৰ লগতে ক্ৰিকেটাৰ মহম্মদ ছামীয়েও ৰাষ্ট্ৰপতি ভৱনত নিজৰ নিজৰ বঁটা গ্ৰহণ কৰে ।

এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰে ভাৰতীয় শ্বাটলাৰ চিৰাগ শেট্টী আৰু সাত্বিক সাইৰাজ ৰঙ্কিৰেড্ডীয়ে । বিগত বৰ্ষত বেডমিণ্টনত তেওঁলোকৰ ব্যতিক্ৰমী সাফল্যৰ বাবে এই সন্মানীয় বঁটা লাভ কৰে । দুয়োগৰাকীয়ে বিগত বছৰত বিশ্বৰ শীৰ্ষস্থান দখল কৰিছিল । বৰ্তমান তেওঁলোকৰ লক্ষ্য পেৰিছ অলিম্পিকত পদক জয় ।

"এটি ভাৰতীয় বেডমিণ্টন যুটিয়ে লাভ কৰা এইটো হৈছে প্ৰথম খেলৰত্ন বঁটা । মই আশাকৰোঁ যে ই আন যুৱক-যুৱতীসকলক ৰেকেট বাছনি কৰিবলৈ আৰু এই ক্ৰীড়াক এক বৃত্তি হিচাপে গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব । লগতে এই সাফল্যই আন খেলুৱৈসকলক বেডমিণ্টন জগতত নিজৰ চাপ ৰাখিবলৈ আৰু পুৰস্কাৰ আনিবলৈ অনুপ্ৰাণিত কৰিব ।" কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰাৰ কিছু মুহূৰ্তৰ পিছতে চিৰাগে ইটিভি ভাৰতৰ আগত কয় ।

"খেলৰত্ন বঁটাৰে সন্মানিত হৈ অত্যন্ত সুখী । এইটো এটা মহান অনুভৱ আৰু ই আমাক আগন্তুক বছৰবোৰত ভাল প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰিব । আমি অলিম্পিকত আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব বিচাৰোঁ । কিন্তু বিজয়ৰ বাবে অতিৰিক্ত চাপ লৈ নিজকে বোজা দিব নিবিচাৰোঁ । আমি আমাৰ অভিজ্ঞতাৰ পৰা কিছু শিক্ষা গ্ৰহণ কৰি ইয়াক উন্নত কৰিম ।" ইটিভি ভাৰতৰ সৈতে এক বিশেষ বাৰ্তালাপত সাত্বিকে কয় ।

উল্লেখ্য যে আইচিচি পুৰুষৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ, ২০২৩-ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতৰ পেচ ষ্টাৰ মহম্মদ শ্বামীক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয় । শেহতীয়া বিশ্বকাপত শ্বামী মাত্ৰ সাতখন মেচত ২৪ টা উইকেট লাভ কৰি প্ৰতিযোগিতাখনৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয় । এই অভিজাত টুৰ্ণামেণ্টত অভিজ্ঞ পেচাৰ জাহিৰ খানৰ ৪৪ টা উইকেট অতিক্ৰম কৰি তেওঁ ভাৰতৰ সামগ্ৰিকভাৱে সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপেও পৰিগণিত হয় । 18 খন বিশ্বকাপ মেচত শ্বামীয়ে 15.81 ষ্ট্ৰাইক ৰেট আৰু 13.52 গড়ে 55 টা উইকেট দখল কৰে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ৫৭ ৰাণৰ বিনিময়ত ৭ উইকেট ।

সাধাৰণতে ২৯ আগষ্টত হকী কিংবদন্তী মেজৰ ধ্যান চান্দৰ জন্ম জয়ন্তী উপলক্ষে এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । কিন্তু যোৱা বছৰ ২৩ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চীনৰ হাংঝৌ এছিয়ান গেমছৰ বাবে এইবাৰ অনুষ্ঠানটো পিছুৱাই দিয়া হয় । এইবাৰ ৰাষ্ট্ৰপতি ভৱনত ২৬ গৰাকী খেলুৱৈ আৰু পেৰা-এথলীটক অৰ্জুন বঁটা প্ৰদান কৰা হয় ।

২০২৩ বৰ্ষৰ বাবে ক্ৰীড়া বঁটাপ্ৰাপকসকল :

২০২৩ চনৰ মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা : চিৰাগ শেট্টী আৰু সাত্বিকসাইৰাজ ৰাঙ্কিৰেড্ডী (বেডমিণ্টন) ।

অৰ্জুন বঁটা : ওজাছ প্ৰবীণ দেওতালে (ধনুৰ্বিদ্যা), অদিতি গোপীচান্দ স্বামী (ধনুৰ্বিদ্যা), মূৰলী শ্ৰীশংকৰ (এথলেটিকছ), পাৰুল চৌধুৰী (এথলেটিকছ), মহম্মদ হুচামুদ্দিন (বক্সিং), আৰ বৈশালী (বক্সিং) দবা), মহম্মদ শ্বামী (ক্ৰিকেট), অনুষ আগৰৱালা (অশ্বাৰোহী), দিব্যাকৃতি সিং (অশ্বাৰোহী ড্ৰেছেজ), দীক্ষা দাগৰ (গল্ফ), কৃষ্ণ বাহাদুৰ পাঠক (হকী), সুশীলা চানু (হকী), পৱন কুমাৰ (কাবাডী), ৰিতু নেগী (কাবাডী), নাছৰিন (খো-খো), পিঙ্কি (লন বল), ঐশ্বৰ্য প্ৰতাপ সিং তোমৰ (শ্বুটিং), এষা সিং (শ্বুটিং), হৰিন্দৰ পাল সিং সান্ধু (স্কোৱাছ), আয়হিকা মুখাৰ্জী (টেবুল টেনিছ), সুনীল কুমাৰ (কুস্তি), অন্তিম পাংঘাল (কুস্তি), নৰোৰেম ৰোশিবিনা দেৱী (ৱুশ্বু), শীতল দেৱী (পেৰা আৰ্চাৰী), ইলুৰী অজয় কুমাৰ ৰেড্ডী (অন্ধ ক্ৰিকেট), প্ৰাচী যাদৱ (পেৰা কেনোয়িং) ।

উৎকৃষ্ট প্ৰশিক্ষকসকলৰ বাবে দ্ৰোণাচাৰ্য বঁটা (নিয়মীয়া শ্ৰেণী) : ললিত কুমাৰ (মল্লযুদ্ধ), আৰ বি ৰমেশ (দবা), মহাবীৰ প্ৰসাদ চাইনী (পেৰা এথলেটিকছ), শিৱেন্দ্ৰ সিং (হকী), গণেশ প্ৰভাকৰ দেৱৰুখকাৰ (মললাখাম্ব) ।

উৎকৃষ্ট প্ৰশিক্ষকসকলৰ বাবে দ্ৰোণাচাৰ্য বঁটা (জীৱনজোৰা শ্ৰেণী) : যশকৃত সিং গ্ৰেৱাল (গল্ফ), ভাস্কৰণ ই (কাবাডী), জয়ন্ত কুমাৰ পুশিলাল (টেবুল টেনিছ) ।

জীৱনজোৰা কৃতিত্বৰ বাবে ধ্যান চান্দ বঁটা : মঞ্জুশা কানৱাৰ (বেডমিণ্টন), বিনীত কুমাৰ শৰ্মা (হকী), কবিতা চেলভাৰাজ (কাবাডী) ।

মৌলানা আবুল কালাম আজাদ ট্ৰফী 2023 : গুৰু নানক দেৱ বিশ্ববিদ্যালয়, অমৃতসৰ (সামগ্ৰিকভাৱে বিজয়ী বিশ্ববিদ্যালয়); লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটী, পঞ্জাব (প্ৰথম ৰানাৰ-আপ), কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়, কুৰুক্ষেত্ৰ (দ্বিতীয় ৰানাৰ-আপ) ।

লগতে পঢ়ক :ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত নাথাকিব পাৰে মহম্মদ শ্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.