ETV Bharat / bharat

Vande Bharat Express : ৰাজস্থানৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Apr 12, 2023, 4:15 PM IST

ৰাজস্থানৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'ল জয়পুৰ আৰু দিল্লী কেণ্টৰ মাজত চলিব (First Vande Bharat Express train in Rajasthan)। ই ৰাজস্থানৰ মুখ্য পৰ্যটন স্থলসমূহৰ সংযোগ উন্নত কৰিব ।

modi
modi

নিউজ ডেস্ক, ১২ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) বুধবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰাজস্থানৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে (Modi flags off Vande Bharat Express in Rajasthan) । এই অত্যাধুনিক ৰে'লখন জয়পুৰ আৰু দিল্লী কেণ্টৰ মাজত চলিব । উদ্বোধনী ৰে'লখনৰ নিয়মীয়া সেৱা আজমেৰ আৰু দিল্লী কেণ্টৰ মাজত চলিব ।

13 এপ্ৰিলৰ পৰা গান্ধীনগৰ, জয়পুৰ, বাচী, দৌচা, বান্দিকুই, ৰাজগড়, আলৱাৰ, খৈৰথাল, ৰেৱাৰী, পাটৌডি ৰোড, গড়ী হৰচাৰু আৰু গুৰগাঁৱত ষ্টপেজেৰে ইয়াৰ সেৱা আৰম্ভ হ'ব (first Vande Bharat Express train in Rajasthan) । উদ্বোধনী অনুষ্ঠানত ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰ, ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অন্যান্য জ্যেষ্ঠ ৰে'ল বিষয়াসকল উপস্থিত থাকে । এই ৰে'লখনে ৰাজ্যখনৰ মুখ্য পৰ্যটন স্থলসমূহৰ যোগাযোগ উন্নত কৰিব আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশত সহায় কৰিব বুলি তেওঁ কয় ।

উত্তৰ-পশ্চিম ৰে'লৱেৰ (North Western Railway) মুখ্য জনসম্পৰ্ক বিষয়া শশী কিৰণে অনুষ্ঠানটোৰ আৰম্ভণিতে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বন্দে ভাৰত ৰে'ল সেৱাৰ ফ্লেগ অফ কৰিব । ৰে'লখনৰ উদ্বোধন ৰে'লৱেৰ দ্বাৰা জয়পুৰ জংচনত আয়োজন কৰা হৈছে ।"

কিৰণে কয় যে, বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লখনে পাঁচ ঘণ্টা ১৫ মিনিটৰ ভিতৰত আজমেৰ আৰু দিল্লী কেণ্টৰ মাজৰ দূৰত্ব অতিক্ৰম কৰিব । যিটো একেটা পথৰ বৰ্তমানৰ দ্ৰুততম ৰে'লতকৈ ৬০ মিনিট দ্ৰুত হ'ব । ৰে'লখনত মুঠ ১৬ টা ডবা থাকিব । ইয়াৰে ভিতৰত আছে ১২ খন শীত-তাপ নিয়ন্ত্ৰিত শ্বেয়াৰ কাৰ, দুখন শীত-তাপ নিয়ন্ত্ৰিত এক্সিকিউটিভ শ্বেয়াৰ কাৰ আৰু দুখন ড্ৰাইভিং কাৰ শ্ৰেণীৰ ডবা আছে ।

আজমেৰ আৰু দিল্লী কেণ্টৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ হ'ব high-rise overhead electric (OHE) territory-ৰ বিশ্বৰ প্ৰথমখন ছেমি-হাই-স্পীড যাত্ৰীবাহী ৰে'ল । ৰে'লখন সপ্তাহত ছয়দিন চলিব আৰু বুধবাৰে ইয়াৰ সেৱা বন্ধ থাকিব । উল্লেখ্য, ইয়াৰ পূৰ্বে যোৱা ৮ এপ্ৰিলত নৰেন্দ্ৰ মোডীয়ে তেলেংগানাত ছেকেন্দ্ৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰাৰ পিছত চেন্নাইত চেন্নাই-কইম্বাটপ্ৰে বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে ।

লগতে পঢ়ক :Karnataka Election 2023 : কৰ্ণাটকত বিজেপিৰ ১৮৯ জনীয়া প্ৰথম প্ৰাৰ্থী তালিকাত 52খন নতুন মুখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.