ETV Bharat / bharat

Priyanka Slams PM: দেশবাসীৰ দুখৰ কথা শুনাৰ পৰিৱৰ্তে নিজৰ দুখ বৰ্ণনা কৰা প্ৰথম প্ৰধানমন্ত্ৰী মোদী; প্ৰিয়ংকা

author img

By

Published : Apr 29, 2023, 10:41 PM IST

Modi first PM to narrate his agony-Priyanka Gandhi
মোডীয়ে প্ৰথম প্ৰধানমন্ত্ৰী যিয়ে দেশবাসীৰ আগত নিজৰ দুখ বৰ্ণনা কৰে

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন চমু চপাৰ লগে লগে বিজেপিক পৰাস্ত কৰিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ ৷ নৰেন্দ্ৰ মোডী হৈছে একমাত্ৰ প্ৰধানমন্ত্ৰী যোনে দেশবাসীৰ দুখ যন্ত্ৰণা নুশুনি, দেশবাসীক নিজৰ দুখৰ কাহিনী শুনাই (Priyanaka Gandhi slams BJP)- এই মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ৷

নিউজ ডেস্ক, 29 এপ্ৰিল: সমাগত কৰ্ণাটক বিধানসভা নিৰ্বাচন (Karnataka Assembly election) ৷ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই কৰ্ণাটকৰ ধাৰৱাদ জিলাৰ নাভালগুণ্ড চহৰত এক ৰাজহুৱা জনসভাত শনিবাৰে অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপিক কটু ভাষাৰে সমালোচনা কৰে (Priyanka Gandhi in Karnataka)৷

কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোডী হৈছে একমাত্ৰ প্ৰধানমন্ত্ৰী যি জনে দেশবাসীৰ দুখ যন্ত্ৰণা নুশুনি, দেশবাসীক নিজৰ দুখৰ কাহিনী শুনাই (Priyanaka Gandhi slams BJP)৷ ‘‘ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, পি ভি নৰসিংহ ৰাও, অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিঙৰ পৰা দৰে প্ৰধানমন্ত্ৰীক দেখিছো কিন্তু এইজন (মোডী) হৈছে প্ৰথম প্ৰধানমন্ত্ৰী যিয়ে মানুহৰ দুখ-কষ্ট শুনিবলৈ ইচ্ছুক নহয়, বৰঞ্চ নিজৰ কথা ক’বলৈহে ইচ্ছুক’’ (Priyanaka Gandhi slams PM Modi)৷ প্ৰিয়ংকাই কয় ৷

কংগ্ৰেছী নেত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে, বিজেপি চৰকাৰে কাকো সন্মান নকৰে, সেয়া জনসাধাৰণ হওক বা শাসন কৰি থকা ৰাজ্যখনেই হওক ৷ বিজেপিত ইমানেই দুৰ্নীতি হৈছে যে যিসকল দুৰ্নীতিগ্ৰস্ত নেতা তেওঁলোকেহে টিকট লাভ কৰিছে (নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ) আৰু যিসকলৰ টিকট প্ৰত্যাখ্যান কৰা হোৱা নাই। মোডীয়ে দুৰ্নীতিগ্ৰস্ত লোকসকলক ফোন কৰি সৎ লোকসকলক আঁতৰাই পঠায় ৷

এয়া দেশ আৰু ৰাজ্যৰ স্বাৰ্থত নহয় ৷ ৰাজনীতিবিদসকলে তেওঁলোকক নেতা বনোৱা লোকসকক পাহৰি যায় ৷ চৰকাৰ কেৱল ক্ষমতা দখল আৰু ধন উপাৰ্জনৰ বাবে গঠন কৰা হয় বুলি গান্ধীয়ে অভিযোগ উত্থাপন কৰে ৷ লগতে নেত্ৰীগৰাকীয়ে কয় যে, "ঠিকাদাৰসকলে আত্মহত্যা কৰিছে; বিদ্যালয় পৰিচালনা আৰু ঠিকাদাৰ সংগঠনে দুৰ্নীতিৰ বিষয়ে প্ৰধানমন্ত্ৰীলৈ লিখিছে । ইমান দুৰ্নীতি হৈছে যে, এজন বিধায়কৰ পুত্ৰক ৮ কোটি নগদ ধনেৰে ধৰা পৰিছে, কিন্তু তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই ।"

উল্লেখ্য যে, কংগ্ৰেছে নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপিক পৰাস্ত কৰিবলৈ প্ৰচাৰত তৎপৰ হৈ পৰিছে ৷ এই বিধানসভা নিৰ্বাচনৰ ফলাফলসমূহ ১৩ মে'ত ঘোষণা কৰা হ'ব । স্মৰ্তব্য যে, দিনটোৰ আৰম্ভণিতে, ৱাদ্ৰাই ৰাজধানীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলক সাক্ষাৎ কৰে আৰু এজাহাৰখনৰ বিষয়বস্তু জানি "প্ৰধানমন্ত্ৰীৰ পৰা কোনো প্ৰত্যাশা" নাই বুলি মন্তব্য প্ৰকাশ কৰে ।

লগতে পঢ়ক: Baljeet Kaur Climbed Mt Annapurna: পৰ্বতে মোক সকলো শিকাইছে; মাউণ্ট অন্নপূৰ্ণা আৰোহণৰ পিছত বলজিৎ কৌৰ

প্ৰতিবাদকাৰীসকলে ডব্লিউএফআই প্ৰধানৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই আহিছে (wrestlers protest at Jantar Mantar)। মল্লযোদ্ধাসকলে দাখিল কৰা আবেদনৰ বিষয়ে দিল্লী আৰক্ষীক উচ্চতম ন্যায়ালয়ৰ জাননীৰ পিচত শুকুৰবাৰে দুখনকৈ পৃথক এজাহাৰ পঞ্জীয়ন কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.