ETV Bharat / bharat

Meghalaya tense : মেঘালয়ত বিএছএফৰ সীমান্ত চকীত আক্ৰমণ, জোৱানসহ ৫ জন আহত

author img

By

Published : Jun 26, 2023, 1:48 PM IST

মেঘালয়ত বিএছএফ আৰু একাংশ লোকৰ মাজত সংঘাত । সীমান্ত চকীত আক্ৰমণ গাঁওবাসীৰ । বিএছএফ জোৱানসহ ৫ জন লোক আহত । ঘটনাৰ আঁৰত চোৰাং সৰবৰাহকাৰী জড়িত থকাৰ সন্দেহ ।

Meghalaya tense
মেঘালয়ত বিএছএফৰ সীমান্ত চকীত আক্ৰমণ

নেশ্যনেল ডেস্ক,২৬ জুন : মেঘালয়ৰ পূব খাচী পাহাৰত দেওবাৰে নিশা হঠাৎ উত্তেজনাৰ সৃষ্টি হয় । বিএছএফৰ এটা সীমান্ত চকীত একাংশ লোকে আক্ৰমণ কৰে । এই ঘটনাত বিএছএফৰ ২ গৰাকী জোৱানসহ প্ৰায় ৫ জন লোক আহত হয় । সোমবাৰে বিষয়াসকলে জনোৱা মতে ৰাজ্যৰ ৰাজধানী শ্বিলঙৰ পৰা ১০০ কিলোমিটাৰ দক্ষিণে ডাউকি চহৰৰ ওচৰৰ উমছিয়েম গাঁৱত নিশা প্ৰায় ১০ মান বজাত এই ঘটনা সংঘটিত হয় ।

বিএছএফ মেঘালয় ফ্ৰণ্টিয়াৰৰ ইন্সপেক্টৰ জেনেৰেল প্ৰদীপ কুমাৰে সংবাদ মাধ্যমক জনোৱা মতে যোৱা কেইদিনমানত বিএছএফৰ জোৱানসকলে বাংলাদেশলৈ চলি থকা চোৰাং সৰবৰাহৰ বিৰুদ্ধে যথেষ্ট কঠোৰ হৈছে । বহু অবৈধ সামগ্ৰী জব্দ কৰাৰ লগতে চোৰাং ব্যৱসায়ীসকলকো চিনাক্ত কৰিবলৈ সক্ষম হৈছে । যাৰ বাবে সেই দুষ্টচক্ৰৰ নেতৃত্বত একাংশ লোকে সীমান্ত চকীটোত আক্ৰমণ কৰিছিল । বিষয়াগৰাকীয়ে জনোৱা মতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিএছএফৰ জোৱানসকলে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ।

আক্ৰমণকাৰীয়ে নিক্ষেপ কৰা শিলৰ আঘাতত ২ গৰাকী বিএছএফ জোৱান আহত হয় । বিষয়াগৰাকীয়ে জনোৱা মতে লোকসকলে যেতিয়া বলপূৰ্বকভাৱে সীমান্ত চকীত প্ৰৱেশৰ চেষ্টা কৰিছিল আৰু তেওঁলোকক পিছলৈ ঠেলি দিয়া হৈছিল । ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ মতে, এই ঘটনাটোত কমেও ৩ গৰাকী আক্ৰমণকাৰীও আহত হয় ।

প্ৰত্যক্ষদৰ্শীয়ে বিপৰীত ভাষ্য দিয়া দেখা গৈছে । তেওঁলোকে জনোৱা মতে তিনিজন আৰোহীৰ সৈতে এখন বাহন চকীৰ ওচৰত বিকল হোৱাৰ পাছতে ঘটনাটোৰ সূত্ৰপাত হৈছিল । এই বিষয়টোৱে বিএছএফক ক্ষুব্ধ কৰি তুলিছিল । বিএছএফৰ জোৱানসকলে তিনিওজনকে চোৰাং ব্যৱসায়ী বুলি অভিযোগ কৰিছে । বিএছএফৰ জোৱানসকলে তেওঁলোকক আটক কৰাৰ চেষ্টা কৰে । ইফালে এই খবৰ পোৱাৰ পাছতে ওচৰৰে স্থানীয় লোকসকলে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সেই স্থানত উপস্থিত হয় ।

গাঁৱৰ একাংশ লোকে অভিযোগ কৰা মতে বিএছএফৰ জোৱানসকলে কৰ্তব্যৰত অৱস্থাত সুৰাপান কৰে । অৱশ্যে এই অভিযোগ বিএছএফ কৰ্তৃপক্ষই অস্বীকাৰ কৰিছে । ইন্সপেক্টৰ জেনেৰেল প্ৰদীপ কুমাৰে জনোৱা মতে সীমান্তত কৰ্মৰত জোৱানসকলক সুৰাপান কৰিবলৈ অনুমতি দিয়া নহয় । বিষয়াগৰাকীয়ে জনোৱা মতে স্থানীয় আৰক্ষী আৰু জ্যেষ্ঠ বিএছএফ বিষয়াসকল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লগে লগে ঘটনাস্থলীত উপস্থিত হয় । ইফালে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে ।

লগতে পঢ়ক :Manipur Violence : গৃহ মন্ত্ৰীক সাক্ষাৎ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.