ETV Bharat / bharat

Manipur violence : মিজোৰামত শৰণাৰ্থীৰ বোজা, মণিপুৰৰ পৰাও যথেষ্ট শৰণাৰ্থীৰ আগমন

author img

By

Published : Jun 2, 2023, 12:24 PM IST

মিজোৰামত শৰণাৰ্থীৰ হেঁচা পৰিছে (Refugees Burden in Mizoram)। চৰকাৰী তথ্য মতে ৪০,০০০ তকৈও অধিক ম্যানমাৰৰ নাগৰিক আৰু ৭০০ বাংলাদেশী নাগৰিক আছে মিজোৰামত । মণিপুৰৰ পৰা ৮,০০০ তকৈও অধিক শৰণাৰ্থীয়ে ভিৰ কৰিছে ৰাজ্যখনত ।

Manipur violence
মিজোৰামত শৰণাৰ্থীৰ বোজা

নেশ্যনেল ডেস্ক,২ জুন : মণিপুৰত জাতিগত হিংসা অব্যাহত আছে (Manipur violence)। ইয়াৰ মাজতে উত্তৰ-পূৱৰ অন্যতম ৰাজ্য মিজোৰামত আন এক সমস্যাই দেখা দিছে । মাটিকালিৰ ফালৰ পৰা তেনেই সৰু ৰাজ্যখনে এতিয়া শৰাণাৰ্থীৰ বোজা ল'ব নোৱাৰা হৈছে (Refugees Burden in Mizoram)। পূৰ্বৰে পৰা ম্যানমাৰ আৰু বাংলাদেশৰ শৰণাৰ্থীয়ে ভিৰ কৰা ৰাজ্যখনত এতিয়া মণিপুৰৰ পৰাও শৰণাৰ্থীৰ আগমন ঘটিছে । ফলত মিজোৰাম ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ।

এনে পৰিস্থিতিত ৰাজ্যৰ ৰাজকোষৰ ওপৰতো প্ৰভাৱ পৰিছে । ৰাজ্য চৰকাৰে ইতিমধ্যে ম্যানমাৰ আৰু বাংলাদেশী শৰণাৰ্থীসকলৰ বাবে ৰাজ্যিক কোষাগাৰৰ পৰা ৩৮ কোটি টকা ব্যয় কৰিছে । ৰাজ্যখনৰ গৃহ বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে শৰণাৰ্থীৰ সংকটে ৰাজ্যৰ কোষাগাৰৰ ওপৰত অধিক চাপ পেলাব পাৰে । জানিব পৰা মতে মণিপুৰৰ পৰা অহা শৰণাৰ্থীৰ সংখ্যা ইতিমধ্যে ৮,০০০ অতিক্ৰম কৰিছে (Manipur Refugees in Mizoram)।

উল্লেখ্য যে মণিপুৰৰ সৈতে ৯৫ কিলোমিটাৰ, ম্যানমাৰৰ সৈতে ৭২২ কিলোমিটাৰ আৰু বাংলাদেশৰ সৈতে ৩১৮ কিলোমিটাৰ সীমান্ত আছে মিজোৰামৰ । যাৰ বাবে দীৰ্ঘদিন ধৰি ৰাজ্যখনে তিনিওখন ৰাজ্যৰ পৰাই শৰণাৰ্থীক আশ্ৰয় দিয়াৰ দায়িত্ব ল'বলগীয়া হৈছে (Myanmar refugees to Mizoram)।

বাংলাদেশ আৰু ম্যানমাৰৰ শৰণাৰ্থীৰ উপৰিও এইবাৰ চুবুৰীয়া মণিপুৰৰ শৰণাৰ্থীৰ যথেষ্ট আগমন হৈছে ৰাজ্যখনলৈ । হিংসাজৰ্জৰ মণিপুৰৰ পৰা যোৱা কিছুদিন ধৰি প্ৰায় প্ৰতিদিনে শ শ লোক মিজোৰামৰ শৰণাগত হৈছে । তেওঁলোকৰ বেছিভাগে কুকি সম্প্ৰদায়ৰ লোক । যিসকলে মণিপুৰৰ জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত যোৱা কেইসপ্তাহমানৰ পৰা ৰাজ্যখনলৈ পলাই আহিছে ।

ইতিমধ্যে ম্যানমাৰ আৰু বাংলাদেশৰ পৰা অহা শৰণাৰ্থীসকলৰ বাসস্থলী মিজোৰামে বোজা ল'ব নোৱাৰা হৈছে । অৱশ্যে ৰাজ্য চৰকাৰে নিজৰ স্বাৰ্থ আৰু ভাৰতৰ নিৰাপত্তাৰ চিন্তাৰ সৈতে আপোচ নকৰাকৈ নতুন শৰণাৰ্থীক সুৰক্ষা প্ৰদানৰ বাবে অতিৰিক্ত কাম কৰিছে । মিজোৰামত চিন-কুকি-মিজো আদি গোটও আছে । যাৰ ম্যানমাৰৰ চিন পাহাৰ, বাংলাদেশৰ চিটাগং পাহাৰীয়া অঞ্চল (CHT) আৰু মণিপুৰৰ কুকিসকলৰ সৈতে ঘনিষ্ঠ সাংস্কৃতিক আৰু ভাষিক সম্পৰ্ক আছে । এতিয়া হিংসা, অত্যাচাৰ আৰু অস্থিৰতাৰ বাবে পলায়ন কৰা লোকসকলৰ বাবে এক প্ৰাকৃতিক গন্তব্য স্থান হৈ পৰিছে মিজোৰাম (Refugees in Mizoram)।

ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি ৪০,০০০ তকৈও অধিক ম্যানমাৰ নাগৰিক, ৭০০ বাংলাদেশী নাগৰিক আৰু মণিপুৰৰ প্ৰায় ৮০০০ লোকক মিজোৰামত আশ্ৰয় লোৱা দেখা গৈছে । মিজোৰাম চৰকাৰে যিকোনো শৰণাৰ্থীক আতিথ্য দিয়াৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ কঠোৰ নিৰ্দেশনা উপেক্ষা কৰিছে আৰু ২০২১ চনৰ ফেব্ৰুৱাৰীৰ সামৰিক অভ্যুত্থানৰ পাছত প্ৰবাহিত হোৱা ম্যানমাৰৰ শৰণাৰ্থী আৰু যোৱা বছৰ অক্টোবৰত বাংলাদেশ সেনা আৰু কুকি-চিন নেচনেল আৰ্মীৰ (কেএনএ) মাজত সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত ৰাজ্যখনলৈ অহা বাংলাদেশৰ নাগৰিকসকলৰ সমৰ্থনত ব্যস্ত হৈছে ।

মিজোৰামৰ বেচৰকাৰী সংগঠনসমূহেও শৰণাৰ্থীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে । চেণ্ট্ৰেল ইয়ং মিজো এছ'চিয়েশ্যনৰ (CYMA) সভাপতি আৰ লালংঘেতাই কোৱা মতে তেওঁৰ বেচৰকাৰী সংগঠনে ম্যানমাৰৰ শৰণাৰ্থীসকলৰ বাবে ৫৭ লাখ আৰু বাংলাদেশী শৰণাৰ্থীসকলৰ বাবে ৩১ লাখ টকা খৰছ কৰিছে ।

লগতে পঢ়ক :Amit Shah in Manipur : মণিপুৰত নিহতৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.