ETV Bharat / bharat

মিজোৰামত চৰকাৰ গঠনৰ বাবে সাজু জেড পি এম; বিজেপিৰ মতে ফলাফল অপ্ৰত্যাশিত

author img

By ANI

Published : Dec 4, 2023, 5:32 PM IST

Mizoram Assembly polls result 2023
মিজোৰামত চৰকাৰ গঠনৰ বাবে সাজু জেড পি এম

জেড পিএ মৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী লালডুহোমাই চেৰছিপ সমষ্টিত স্পষ্ট বিজয় অৰ্জন কৰে । লালডুহোমাই চেৰছিপ সমষ্টিত এক নিৰ্ণায়ক বিজয় সাব্যস্ত কৰি এম এন এফ প্ৰাৰ্থী জে মালচাৱমজুৱালা ভাঞ্চাৱাংক ২৯৮২ টা ভোটত পৰাস্ত কৰে ।

নিউজ ডেস্ক, ৪ ডিচেম্বৰ : ৪০ খন আসনবিশিষ্ট মিজোৰাম বিধানসভা নিৰ্বাচনত ইতিহাস সৃষ্টিৰ দিশে আগবাঢ়িছে জোৰাম পিপ'লছ মুভমেণ্ট চমুকৈ জেড পি এম । মিজোৰামত আগন্তুক চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ অতিক্ৰমি আধাতকৈও অধিক ২৬ খন আসন লাভ কৰিছে জেড পি এমে । ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য মতে, জেড পি এমে ২৫ খন আসনত বিজয় সাব্যস্ত কৰাৰ লগতে দুপৰীয়া ২.৩০ বজা পৰ্যন্ত আৰু দুখন আসনত অগ্ৰগতি লাভ কৰে ।

আনহাতে, শোচনীয় পৰাজয়েৰে বৰ্তমানৰ শাসনাধিষ্ঠিত মিজো নেচনেল ফ্ৰণ্টে (এম এন এফ) মাত্ৰ সাতখন আসনতহে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে তিনিখন আসনত আগবাঢ়ি আছে । বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ শাসনাধিষ্ঠ মিজো নেচনেল ফ্ৰণ্টৰ বাবে এক মোক্ষম আঘাত হৈছে মুখ্যমন্ত্ৰী জোৰামথাঙ্গাৰ পৰাজয় । জোৰামথাঙ্গা আইজল পূব-১ সমষ্টিত জেড পি এমৰ লালথানচাঙ্গাৰ হাতত ২,১০১ টা ভোটৰ ব্যৱধানত পৰাস্ত হয় । উল্লেখ্য যে ১৯৮৭ চনত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰাৰ পিছৰে পৰা মিজোৰামৰ ৰাজনৈতিক দৃশ্যপটত কংগ্ৰেছ আৰু এমএনএফে আধিপত্য বিস্তাৰ কৰি আহিছে ।

এম এন এফৰ সভাপতি তথা মুখ্যমন্ত্ৰী জোৰামথাঙ্গা হৈছে এই নিৰ্বাচনত পৰাজিত অন্যতম বিশিষ্ট ৰাজনীতিক । ১৯৯৮ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ ১০ বছৰীয়া শাসনৰ সমাপ্তি ঘটাই তেওঁ মিজোৰামৰ মুখ্যমন্ত্ৰী হৈছিল । আনহাতে, ২০০৮ আৰু ২০১৩ চনত কংগ্ৰেছ জয়ী নোহোৱালৈকে এম এন এফে এক দশক ৰাজ্যখন শাসন কৰিছিল । ইফালে উপ-মুখ্যমন্ত্ৰী তাৱনলুৱা টুইচাং সমষ্টিত জেড পি এমৰ প্ৰাৰ্থী ডব্লিউ চুৱানাৱমাৰ হাতত ৯০৯ টা ভোটৰ ব্যৱধানত পৰাস্ত হয় । মুখ্যমন্ত্ৰী জোৰামথাংগা দুটা পৰ্যায়ৰ গণনাৰ পিছতে জেড পি এমৰ লালথানচাঙ্গাতকৈ পিছপৰি আছিল । স্বাস্থ্য মন্ত্ৰী আৰ লালথানগ্লিয়ানা দক্ষিণ টুইপুই সমষ্টিত পিছপৰাৰ বিপৰীতে জেড পি এম প্ৰাৰ্থী জে জে লালপেখলুৱাই অগ্ৰগতি লাভ কৰে ।

জেড পিএ মৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী লালডুহোমাই চেৰছিপ সমষ্টিত স্পষ্ট বিজয় অৰ্জন কৰে । লালডুহোমাই চেৰছিপ সমষ্টিত এক নিৰ্ণায়ক বিজয় সাব্যস্ত কৰি এম এন এফ প্ৰাৰ্থী জে মালচাৱমজুৱালা ভাঞ্চাৱাংক ২৯৮২ টা ভোটত পৰাস্ত কৰে । জেড পি এমৰ লালংঘিংলোভা হমাৰে আইজল পশ্চিম-২ সমষ্টিত ৰাজ্যৰ কেবিনেট মন্ত্ৰী লালৰুৱাটকিমাক পৰাস্ত কৰি বিজয়ী হয় । আহাতে, টুইচাঙত জেড পি এমৰ ডব্লিউ চুৱানাৱমাই বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী তাৱনলুৱাক পৰাস্ত কৰে ।

বৰ্তমানৰ শাসনাধিষ্ঠিত এম এন এফে সাতটা বিধানসভা সমষ্টিত বিজয় সাব্যস্ত কৰিছে । সমষ্টিকেইটা হৈছে মামিত, চেৰলুই, টুইৰিয়াল, ইষ্ট টুইপুই, ৱেষ্ট টুইপুই আৰু থোৰাং । দলটো দুখন আসনত আগবাঢ়ি আছে । অৱশ্যে বিজেপিয়ে ম্যানমাৰৰ সীমান্তৱৰ্তী চিয়াহা জিলাত কে বেইচুয়াই চিয়াহা আসনত জয়লাভ কৰে । আনহাতে, কে হ্ৰামোৱে পালক আসনত জয়লাভ কৰে । মিজোৰামত এয়া হৈছে বিজেপিৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ।

বিজেপিৰ প্ৰদৰ্শন সন্দৰ্ভত ৰাজ্যিক দলৰ মুৰব্বী ভানলালহমুয়াকাই কয় যে এই ফলাফল দলটোৰ বাবে অলপ অপ্ৰত্যাশিত । "... পূৰ্বতে মই কৈছিলোঁ যে মানুহে এখন ওলোমা সংসদৰ আশা কৰিছিল । কিন্তু ফলাফলবোৰ চোৱাৰ পিছত এইটো অলপ অপ্ৰত্যাশিত । কিন্তু আমি এই ফলাফল গ্ৰহণ কৰিছোঁ আৰু আমি জনসাধাৰণৰ আদেশক সন্মান কৰোঁ...। প্ৰধানমন্ত্ৰী মোদী আৰু জে পি নাড্ডাৰ নেতৃত্বত মিজোৰামত বিজেপিয়ে যথেষ্ট অগ্ৰগতি লাভ কৰিছে । ২০১৮ চনত আমি মাত্ৰ এখন আসন লাভ কৰিছিলোঁ । কিন্তু এতিয়া আমি ৩ খন আসন লাভ কৰিবলৈ ওলাইছোঁ, আমি ইতিমধ্যে দুখন আসন লাভ কৰিছোঁ... ।" তেওঁ কয় ।

উল্লেখ্য যে উত্তৰ-পূবৰ ৰাজ্যখনত চাৰিটা মুখ্য প্ৰতিদ্বন্দ্বী দল নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । ৭ নৱেম্বৰত ৪০ জনীয়া বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । ইয়াৰ ভিতৰত আছে শাসনাধিষ্ঠিত মিজো নেচনেল ফ্ৰণ্ট (এম এন এফ), জোৰাম পিপ'লছ মুভমেণ্ট (জেড পি এম), কংগ্ৰেছ আৰু বিজেপি । শাসনাধিষ্ঠিত মিজো নেচনেল ফ্ৰণ্টে জোৰাম পিপ'লছ মুভমেণ্ট, কংগ্ৰেছ আৰু বিজেপিৰ পৰা এক তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় ।

লগতে পঢ়ক :মিজোৰামৰ এমএনএফৰ দুৰ্গত মোক্ষম আঘাত, সন্মান ৰক্ষা কৰিবলৈ সক্ষম নহ’ল মুখ্যমন্ত্ৰী জোৰামথাংগা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.