ETV Bharat / bharat

Vitamin D deficiency: ভিটামিন Dৰ অভাৱ দূৰ কৰিব গাখীৰ-কণী-হালধিয়ে; খোৱাৰ পদ্ধতি তথা উপকাৰিতা জানি লওক

author img

By

Published : Jun 8, 2023, 2:13 PM IST

ভিটামিন Dৰ অভাৱত দুৰ্বল হৈ পৰিব পাৰে হাড় । এনে পৰিস্থিতিত হালধি, গাখীৰ আৰু কণী খোৱাটো আপোনাৰ বাবে লাভদায়ক হ’ব পাৰে ।

Milk, egg and turmeric are beneficial in Vitamin D deficiency
ভিটামিন Dৰ অভাৱ দূৰ কৰিব গাখীৰ-কণী-হালধিয়ে; খোৱাৰ পদ্ধতি তথা উপকাৰিতা জানি লওক

ভিটামিন Dৰ অভাৱত বহুতো স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে । প্ৰথমে হাড়বোৰ দুৰ্বল হৈ পৰে আৰু পিছলৈ আপুনি অষ্টিঅ’পৰ’ছিছত ভুগিবলগীয়া হ’ব পাৰে । ইয়াৰ উপৰিও ইয়াৰ অভাৱে মগজুৰ স্বাস্থ্যৰ ক্ষতিও কৰে । এনে পৰিস্থিতিত গাখীৰ, কণী আৰু হালধি সেৱন কৰাটো আপোনাৰ বাবে উপকাৰী হ’ব পাৰে । কেনেকৈ আৰু কিয়, এই বিষয়ে বিতংভাৱে জানি লওক-

গাখীৰৰ কণীৰ হালধি ভিটামিন Dৰ অভাৱ-Milk egg turmeric vitamin d deficiency

গাখীৰ, কণী আৰু হালধি বহু ধৰণে সেৱন কৰিব পাৰে । কিন্তু, আটাইতকৈ উত্তম উপায় হ’ল গাখীৰত হালধি ৰান্ধি লোৱা । তাৰ পিছত এই গাখীৰত ১টা কণী ভাঙি মিহলাই লওক । এতিয়া এই গাখীৰ সেৱন কৰক (Vitamin D deficiency)। ব্ৰেকফাষ্টৰ সময়ত বা আনকি সন্ধিয়াও খাব পাৰে । ইয়াৰ দ্বাৰা শৰীৰত বহু উপকাৰ পোৱা যাব ।

গাখীৰৰ কণী আৰু হালধিৰ উপকাৰিতা-Milk egg turmeric benefits

১) শক্তি বৃদ্ধিকাৰী

গাখীৰ, কণী আৰু হালধি শক্তি বৃদ্ধিকাৰী । ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়ত ইয়াক পান কৰিলে গোটেই দিনটো শক্তিশালী হৈ থাকিব পাৰে । ইয়াৰ দ্বাৰা আপোনাৰ মগজুৱে দ্ৰুতগতিত কাম কৰিব আৰু আপুনি দিনটোৰ কামবোৰ সম্পূৰ্ণ শক্তিৰে কৰিব পাৰিব ।

২) হাড়ৰ বাবে উপকাৰী

গাখীৰ, কণী আৰু হালধি হাড়ৰ বাবে বহু দিশত উপকাৰী । শৰীৰত ভিটামিন Dৰ অভাৱ পূৰণ কৰাৰ লগতে ই হাড়ৰ ঘনত্ব বৃদ্ধি কৰে, শক্তিশালী কৰে আৰু হাড়ৰ লগত জড়িত ৰোগৰ পৰা ৰক্ষা কৰে ।

৩) ইমিউনিটি বুষ্টাৰ

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত গাখীৰ, কণী আৰু হালধি সহায়ক । ই আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰাত সহায়ক । এইদৰে ই টি কোষক প্ৰসাৰিত কৰি ঋতুভিত্তিক ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ।

৪) ওজন বৃদ্ধিত সহায়ক

গাখীৰ, কণী আৰু হালধি একেলগে ওজন বৃদ্ধিত সহায় কৰিব পাৰে । গতিকে যিসকল লোকৰ ওজন কম আৰু ক্ষীণ, তেওঁলোকৰ বাবে গাখীৰ, কণী আৰু হালধি সেৱন কৰাটো উপকাৰী । গতিকে এই সকলোবোৰ কাৰণতে গাখীৰ, কণী আৰু হালধি তিনিওটাকে সেৱন কৰা উচিত ।

লগতে পঢ়ক: Benefits of Jackfruit: কঁঠালৰ উপকাৰিতা জনাৰ পিছত আপুনিও ক’ব কিয় আগতে খোৱা নাছিলো এই ফল!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.