ETV Bharat / bharat

Home Ministry suspends NIA officer : দুৰ্নীতিৰ অভিযোগত নিলম্বন NIA বিষয়াক !

author img

By

Published : Apr 25, 2023, 1:32 PM IST

দুৰ্নীতিৰ অভিযোগত গৃহ মন্ত্ৰালয়ে এনআইএৰ এগৰাকী বিষয়াক নিলম্বন কৰিছে (NIA officer suspended)। অভিযুক্ত বিষয়াজন বিশাল গাৰ্গ বুলি জানিব পৰা গৈছে । পূৰ্বেও নিলম্বিত হৈছিল গাৰ্গ ।

Home Ministry suspends NIA officer
দুৰ্নীতিৰ অভিযোগত নিলম্বন NIA বিষয়াক

নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল : দেশৰ বহু কেলেংকাৰী আৰু দুৰ্নীতিৰ গোচৰৰ তদন্ত কৰি থকা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ ভিতৰতে কেলেংকাৰী সংঘটিত হৈছে (Corruption in NIA)। দুৰ্নীতিৰ অভিযোগত ইতিমধ্যে গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এন আই এ) এগৰাকী আৰক্ষী অধীক্ষক পদবীৰ বিষয়াক নিলম্বন কৰিছে । এক বিশেষ সূত্ৰই মঙলবাৰে এই কথা প্ৰকাশ কৰিছে । বিশাল গাৰ্গ নামৰ অভিযুক্ত বিষয়াজনক এনআইএৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত নিযুক্তি দিয়া হৈছিল । বিশাল গাৰ্গক দুৰ্নীতিৰ অভিযোগত পূৰ্বেও নিলম্বন কৰা হৈছিল ।

২০১৯ চনত, মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদৰ সৈতে জড়িত সন্ত্ৰাসবাদী পুঁজিৰ গোচৰত নাম নল'বলৈ দিল্লীৰ এজন ব্যৱসায়ীৰ পৰা ২ কোটি টকা দাবী কৰাৰ অভিযোগত গাৰ্গক এন আই এৰ আন দুজন বিষয়া ক্ৰমে নিশান্ত আৰু মিথিলেশৰ সৈতে নিলম্বিত কৰা হৈছিল । নিশান্ত আৰু মিথিলেশক তেতিয়া এনআইএৰ চোৰাংচোৱা আৰু অভিযান শাখাত নিযুক্ত আছিল ।

২০২০ চনত গৃহ মন্ত্ৰালয়ে নিলম্বিত গাৰ্গক পুনৰ নিযুক্তি দিয়ে আৰু বাকী দুয়োজন কনিষ্ঠ বিষয়াকো ক্লিন চিট দিয়ে । তাৰ পাচত গাৰ্গক লক্ষ্ণৌৰ পৰা নতুন দিল্লীলৈ বদলি কৰা হয় আৰু তাৎক্ষণিক প্ৰভাৱৰ সৈতে প্ৰশিক্ষণৰ দায়িত্ব দিয়া হয় । সূত্ৰৰ মতে, গাৰ্গৰ শেহতীয়া নিলম্বন দুৰ্নীতিৰ আন এটা অভিযোগৰ সৈতে সম্পৰ্কিত (NIA officers Vishal Garg suspended)। গাৰ্গৰ তদন্ত প্ৰতিবেদন পৰীক্ষা কৰাৰ পাচত গৃহ মন্ত্ৰালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে । গৃহ মন্ত্ৰালয়ৰ দায়িত্ব হৈছে আইপিএছ আৰু এনআইএ বিষয়াসকলৰ বাবে কেডাৰ নিয়ন্ত্ৰণ কৰা ।

গাৰ্গ পূৰ্বে ২০০৭ চনৰ সমঝোতা এক্সপ্ৰেছ বোমা বিস্ফোৰণ আৰু আজমেৰ বিস্ফোৰণ গোচৰৰ মুখ্য তদন্তকাৰী বিষয়া আছিল । য'ত স্বামী অসীমানন্দ আৰু অন্যান্যসকলক নিৰ্দোষ সাব্যস্ত কৰা হৈছিল । ২০০৭ চনৰ ফেব্ৰুৱাৰী মাহত হোৱা ৰে'ল বিস্ফোৰণত ৬৮ জন লোক নিহত হৈছিল ৷ যাৰ বেছিভাগ পাকিস্তানী আছিল । ২৬/১১ ৰ আক্ৰমণৰ পাচত গঠন হোৱা এনআইএত স্থায়ীভাৱে যোগদান কৰা সীমান্ত সুৰক্ষা বাহিনীৰ গাৰ্গ প্ৰথম বিষয়াসকলৰ ভিতৰত অন্যতম আছিল ।

লগতে পঢ়ক : Karnataka High Court : অভিযুক্তৰ কাৰাবাস এবছৰৰ পৰা এদিনলৈ হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.