ETV Bharat / bharat

Karnataka High Court : অভিযুক্তৰ কাৰাবাস এবছৰৰ পৰা এদিনলৈ হ্ৰাস

author img

By

Published : Apr 25, 2023, 11:00 AM IST

কৰ্ণাটকৰ এগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰী ধন আত্মাসাৎ কৰাৰ অভিযোগ আছিল । দোষী সাব্যস্ত হোৱাত ১ বছৰৰ কাৰাদণ্ডও ঘোষণা কৰা হৈছিল কৰ্মচাৰীজনৰ বিৰুদ্ধে (Karnataka High Court reduced jail term of accused)। কিন্তু শেহতীয়াকৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ে কাৰাবাসৰ সময় হ্ৰাস কৰি মাত্ৰ এদিনৰ কৰিলে ।

Karnataka High Court
অভিযুক্তৰ কাৰাবাস এবছৰৰ পৰা এদিনলৈ হ্ৰাস

নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল : কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান । এগৰাকী অভিযুক্তৰ এবছৰৰ কাৰাদণ্ডৰ শাস্তি এদিনলৈ হ্ৰাস কৰিলে আদালতে (Karnataka High Court reduced jail term of accused)। অভিযোগকাৰীৰ বিৰুদ্ধে ১০ হাজাৰ টকাৰ জৰিমনাৰো নিৰ্দেশ দিলে আদালতে । ন্যায়াধীশ এছ বিশ্বজিৎ চেট্টীৰ নেতৃত্বত এখন বিচাৰপীঠে এগৰাকী ৮০ বছৰীয়া বৃদ্ধৰ পক্ষত এই ৰায়দান কৰে ।

উল্লেখ্য যে, মহীশূৰ জিলাৰ কে আৰ নগৰৰ হনুমন্ত ৰাও নামৰ এগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে ১৯৮১ চনৰ ২১ নৱেম্বৰৰ পৰা ১৯৮৭ চনৰ ৫ জানুৱাৰীলৈকে বিধৱা পেঞ্চনৰ নামত ৫৪,২৯৯ টকা আত্মসাৎ কৰাৰ অভিযোগ আছিল । এই সন্দৰ্ভত কৰা অডিটৰ সময়ত, দেখা গৈছিল যে ৰাওৱে ভুল কৰিছিল । ইয়াৰ বাবে, ৰাওক এখন জাননীও জাৰি কৰা হৈছিল আৰু ১৯৮৭ চনৰ ৩১ জানুৱাৰীৰ শেষৰ ফালে আত্মসাৎ কৰা ধন ঘূৰাই দিবলৈ নিৰ্দেশ দিয়া হৈছিল । লগতে, এই ধন লোকজনৰ দৰমহাৰ পৰা কৰ্তন কৰা হ'ব বুলিও কোৱা হৈছিল ।

ইফালে, মাণ্ড্য জিলা কোষাগাৰ বিষয়া চি এছ মুত্তানাই কৃষ্ণৰাজপেটে আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি ৪০৯ (চৰকাৰী কৰ্মচাৰীৰ ওপৰত বিশ্বাস ভংগ), ৪৭৭ এ (মিছা একাউণ্ট লিখা) অধীনত এটা অপৰাধমূলক গোচৰ ৰুজু কৰে । তদন্ত চলোৱা আৰক্ষীয়ে অভিযুক্ত ৰাওৰ বিৰুদ্ধে অভিযোগনামাও দাখিল কৰে (Karnataka High Court order)।

শুনানিৰ সময়ত উপস্থিত থকা অভিযুক্তই কৈছিল যে তেওঁ কোনো অন্যায় কৰা নাছিল । ২০০৯ চনৰ ৮ এপ্ৰিলত জেএমএফচি আদালতে প্ৰমাণ বিবেচনা কৰি দুয়োটা শাখাতে এবছৰ কাৰাবাস আৰু ৩,০০০ টকাৰ জৰিমনাৰ আদেশ দিয়ে । মাণ্ড্যৰ দ্বিতীয় অতিৰিক্ত সত্ৰ আদালতে অভিযুক্তৰ এই বিষয়ে প্ৰশ্ন কৰি দাখিল কৰা আবেদনখনো খাৰিজ কৰিছিল । হনুমন্ত ৰাৱে এই আদেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এটা অপৰাধমূলক পুনৰীক্ষণ আবেদন দাখিল কৰিছিল ।

বিচাৰৰ সময়ত, আবেদনকাৰী ৰাওৰ অধিবক্তাই আবেদনকাৰীয়ে বিচাৰ আদালতৰ দ্বাৰা আৰোপ কৰা শাস্তিক প্ৰত্যাহ্বান জনোৱা নাছিল । অৱশ্যে, আবেদনকাৰীৰ দৰমহাৰ পৰা ১৯৮৭ চনত চৰকাৰে কথিত অপব্যৱহাৰৰ ধন লাভ কৰিছিল । লগতে, বৰ্তমান আবেদনকাৰী ৰাওৰ বয়স ৮০ বছৰ আৰু বিভিন্ন ৰোগত ভুগি আছে (80 year olds sentence reduced)। আবেদনকাৰীগৰাকী চৰকাৰী কৰ্মচাৰী আছিল আৰু এইটো তেওঁৰ বিৰুদ্ধে প্ৰথম অভিযোগ আছিল । সেয়েহে, তেওঁৰ শাস্তি হ্ৰাস কৰিবলৈ অনুৰোধ কৰিছিল । বিচাৰপীঠে বিষয়টো বিবেচনা কৰি এই নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : Margadarsi Chit Fund: মাৰ্গদৰ্শী চিট ফাণ্ডৰ বিৰুদ্ধে অন্ধ্ৰ চৰকাৰৰ ব্যক্তিগত অ’ডিটৰ ব্যৱস্থাৰ নিৰ্দেশত স্থগিতাদেশ তেলেংগানা উচ্চ ন্য়ায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.