ETV Bharat / bharat

ত্ৰিপুৰাত বিজেপিৰ জিলা পৰিষদৰ সদস্যৰ TIPRA দলত যোগদান

author img

By

Published : Aug 24, 2022, 1:07 PM IST

ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদত বিজেপি দলত খহনীয়া । এইবাৰ জিলা পৰিষদৰ সদস্যই ত্যাগ কৰিলে বিজেপি দল (BJP leader resign party in Tripura)। হাংছা কুমাৰ ত্ৰিপুৰাই যোগ দিয়ে টিপ্ৰা দলত ।

TIPRA
ত্ৰিপুৰাত বিজেপিৰ জিলা পৰিষদৰ সদস্যৰ TIPRA দলত যোগদান

আগৰতলা,২৪ আগষ্ট : ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলত বিজেপি দলত মোক্ষম আঘাত । ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদত (TTAADC) বিৰোধী দলৰ নেতা হাংছা কুমাৰ ত্ৰিপুৰাই মঙলবাৰে টিপ্ৰা মোথাত যোগদান কৰাৰ লগে লগে বিজেপি দলৰ ভিতৰচ'ৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (BJP leader join TIPRA in TTAADC)। হাংছা কুমাৰ ত্ৰিপুৰাই ধলাই জিলাৰ অন্তৰ্গত চাওমানু বিধানসভা সমষ্টিৰ পৰা বিজেপি দলৰ হৈ TTAADC নিৰ্বাচনত ৭০০০ তকৈও অধিক ভোট লাভ কৰি জয়লাভ কৰিছিল ।

টিপ্ৰাৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ মাণিক্য দেববৰ্মা, দলৰ সভাপতি বিজয় কুমাৰ হৰংখাৱল, টিটিএএডিচিৰ অধ্যক্ষ জগদীশ দেববৰ্মাৰ উপস্থিতিত হাংছাই দলটোত যোগদান কৰে । টিপ্ৰা মোথাত যোগদান কৰিয়ে বিজেপি দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে নেতাগৰাকী । হাংছাই বিজেপিৰ 'সবকা সাথ সবকা বিকাশ' শ্ল'গানক সমালোচনা কৰি কয় যে বিজেপিয়ে কেৱল নিজৰ বিধায়ক আৰু মন্ত্ৰীসকলৰ উন্নয়নৰ বাবেহে কাম কৰিছে (Hangsa Kumar Tripura join TIPRA)।

হাংছাই লগতে কয় যে তেওঁ এতিয়া একতাত যোগদান কৰিছে । এই একতা জনজাতীয় আৰু অ-জনজাতীয়কে ধৰি ত্ৰিপুৰাৰ প্ৰকৃত বিকাশৰ বাবে । দীৰ্ঘদিন ধৰি বিজেপিৰ সৈতে থাকি তেওঁ ত্ৰিপুৰা জিলা পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছে । কিন্তু ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁ লক্ষ্য কৰিছিল যে বিজেপিয়ে দলৰ মন্ত্ৰ 'সবকা সাথ সবকা বিকাশ'ৰ সৈতে চৰকাৰ গঠন কৰিছিল ।

কিন্তু চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে (Hangsa Kumar slams BJP)। মানুহৰ বাবে সামগ্ৰিক উন্নয়নৰ পৰিৱৰ্তে, দলটোৱে নিজৰ মন্ত্ৰী আৰু বিধায়কসকলৰ বাবেহে কাম কৰি আছে বুলি তেওঁ অভিযোগ কৰে ।

হাংছাই লগতে কয় যে তেওঁৰ সৈতে বিজেপি, চিপিআইএম আৰু কংগ্ৰেছৰ প্ৰায় ৩০০০ টা পৰিয়ালৰ ৬৫০০ তকৈও অধিক ভোটাৰে টিপ্ৰা দলত যোগদান কৰিছে আৰু তেওঁলোকৰ ভিতৰত ১০০ গৰাকী তৃণমূল পৰ্যায়ৰ নেতা । গ্ৰেটাৰ টিপ্ৰালেণ্ড সন্দৰ্ভত তেওঁৰ স্থিতিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে যেতিয়া তেওঁ বিজেপিত আছিল তেতিয়াই বিজেপি নেতাসকলৰ নিৰ্দেশনা অনুসৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লগা হৈছিল কিন্তু তেওঁ ইয়াক সমৰ্থন কৰে বুলি স্বীকাৰ কৰে ।

ইফালে চাওমানু বিধানসভা সমষ্টিৰ শাসনাধিষ্ঠিত বিজেপি বিধায়ক শম্ভু লাল চাকমাক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে ভিজন ডকুমেণ্টৰ এটাও প্ৰতিশ্ৰুতি পূৰণ কৰা হোৱা নাই । ৰাস্তাৰ পৰিস্থিতি অতি শোচনীয় । বিজেপিৰ বিধায়ক শম্ভু লাল চাকমাই মানুহৰ বাবে কাম কৰা নাই সেয়েহে আগন্তুক নিৰ্বাচনত শম্ভুক তেওঁৰ পদৰ পৰা উৎখাত কৰিব লাগিব বুলি হাংছাই উল্লেখ কৰে ।

আনহাতে কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মাই । প্ৰদ্যুৎ কিশোৰে কয় যে টিপ্ৰা দল বাংলা বিৰোধী নহয় । বিজেপিয়ে ধৰ্ম, জাতি ভিত্তিত ৰাজনীতি কৰি আছে কিন্তু টিপ্ৰাৰ ৰাজনীতি একতাৰ বাবে । ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত টিপ্ৰাই বিজেপিক ক্ষমতাৰ পৰা আৰু চাওমানু বিধানসভা সমষ্টিৰ পৰাও উৎখাত কৰিব বুলিও তেওঁ হুংকাৰ দিয়ে ।

লগতে পঢ়ক :আজানত লাউডস্পীকাৰ ব্যৱহাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.