ETV Bharat / bharat

আজানত লাউডস্পীকাৰ ব্যৱহাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

author img

By

Published : Aug 23, 2022, 9:18 PM IST

লাউডস্পীকাৰত 'আজান' দিলে আন ধৰ্মৰ লোকসকলৰ মৌলিক অধিকাৰ উলংঘা নকৰে (Karnataka High Court judgement on Azan)। এই ৰায় কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ।

HC
HC

নিউজ ডেস্ক, ২৩ আগষ্ট : কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়ত কয় যে, লাউডস্পীকাৰত 'আজান' দিলে আন ধৰ্মৰ লোকসকলৰ মৌলিক অধিকাৰ উলংঘা নকৰে (Karnataka High Court judgement on Azan)। সেয়েহে হাইকোৰ্টে মছজিদসমূহত লাউডস্পীকাৰত আজান দিয়াটো বন্ধ কৰিবলৈ আদেশ দিবলৈ অস্বীকাৰ কৰে (Azan on loudspeakers not violate fundamental rights) । অৱশ্যে আদালতে কৰ্তৃপক্ষক লাউডস্পীকাৰ সম্পৰ্কীয় 'শব্দ প্ৰদূষণ নিয়ম' কাৰ্যকৰী কৰিবলৈ আৰু এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

বেংগালুৰুৰ বাসিন্দা মঞ্জুনাথ এছ হালাৱাৰৰ এক ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰৰ (Public interest litigation)ৰ শুনানি প্ৰদান কৰে কাৰ্যবাহী মুখ্য ন্যায়াধীশ আলোক আৰাধেৰ নেতৃত্বত এখন খণ্ড বিচাৰপীঠে ৷ আবেদনখনত কোৱা হৈছিল যে "আজান হৈছে মুছলমানসকলৰ এক অপৰিহাৰ্য ধৰ্মীয় প্ৰথা (Essential religious practice of Muslims azan) । কিন্তু আজানৰ বিষয়বস্তুৱে আন ধৰ্মত বিশ্বাসী লোকসকলক আঘাত কৰিছে ৷

উচ্চ ন্যায়ালয়ে ইয়াৰ নিৰ্দেশত কয়, "ভাৰতৰ সংবিধানৰ (Constitution of India) অনুচ্ছেদ ২৫ আৰু ২৬ ত সহনশীলতাৰ নীতি আছে যিটো ভাৰতীয় সভ্যতাৰ (Indian civilisation) বিশেষত্ব । সংবিধানৰ অনুচ্ছেদ 25(1)ত ব্যক্তিসকলক তেওঁলোকৰ নিজৰ ধৰ্মক মুক্তভাৱে স্বীকাৰ, অনুশীলন আৰু প্ৰচাৰ কৰাৰ মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে (Fundamental rights on persons)" ৷

"অৱশ্যে, উপৰোক্ত অধিকাৰটো সম্পূৰ্ণ অধিকাৰ নহয়; কিন্তু ৰাজহুৱা শৃংখলা, নৈতিকতা, স্বাস্থ্যৰ লগতে ভাৰতৰ সংবিধানৰ তৃতীয় খণ্ডৰ অন্যান্য ব্যৱস্থাৰ অধীনত নিষেধাজ্ঞাৰ অধীন ।" ন্যায়ালয়ে কয় এনেদেৰ কয় ।

"এইটো নিশ্চিত যে আজানৰ বিষয়বস্তুৱে আবেদনকাৰীৰ লগতে আন ধৰ্মৰ লোকসকলৰ মৌলিক অধিকাৰ উলংঘা কৰে বুলি কৰা যুক্তি গ্ৰহণ কৰিব নোৱাৰি ।" শুনানি গ্ৰহণ কৰি উচ্চ ন্যালয়ে কয় ।

অৱশ্যে ন্যায়ালয়ে মছজিদ কৰ্তৃপক্ষক শব্দ প্ৰদূষণ আৰু লাউডস্পীকাৰ ব্যৱহাৰৰ ওপৰত প্ৰতিবন্ধকতাৰ বিষয়ে থকা নিয়ম কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে ন্যায়ালয়ে কৰ্তৃপক্ষক এইটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে যে, লাউডস্পীকাৰ আৰু ৰাজহুৱা সম্বোধন ব্যৱস্থা আৰু অন্যান্য শব্দ উৎপাদক বাদ্যযন্ত্ৰবোৰ নিশা 10 বজাৰ পৰা পুৱা 6 বজাৰ ভিতৰত অনুমোদিত ডেচিবেলতো ব্যৱহাৰ কৰাৰ অনুমতি দিয়া নহ'ব ।

উল্লেখ্য, উচ্চ ন্যায়ালয়ৰ আন এক খণ্ড বিচাৰপীঠে ২০২২ চনৰ ১৭ জুনত কৰ্তৃপক্ষক "লাউডস্পীকাৰ আৰু ৰাজহুৱা সম্বোধন ব্যৱস্থাৰ অপব্যৱহাৰ প্ৰতিহত কৰিবলৈ অভিযান চলাবলৈ" নিৰ্দেশ দিছিল । উচ্চ ন্যায়ালয়ে এতিয়া বিষয়াসকলক আঠ সপ্তাহৰ ভিতৰত আদালতৰ ওচৰত অনুপালন প্ৰতিবেদন দাখিল (file compliance report) কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :গাঁও সমিতি নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাত ৮ শতাধিক জনজাতীয় লোকৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.