ETV Bharat / bharat

Manipur Violence : মণিপুৰত পুনৰ উত্তপ্ত পৰিস্থিতি, সংঘৰ্ষত হতাহত ৫

author img

By

Published : Jun 9, 2023, 7:36 PM IST

হিংসাৰ সূত্ৰপাত ঘটা গাঁওখন কাংপোকপি আৰু ইম্ফল পশ্চিম জিলাৰ মাজৰ সীমাত অৱস্থিত । সন্দেহযুক্ত উগ্ৰপন্থী আৰু ভুক্তভোগীসকল ভিন্ন সম্প্ৰদায়ৰ বুলি সেনা সূত্ৰত প্ৰকাশ (3 killed in fresh violence in Manipur) ।

Manipur Violence
Manipur Violence

নিউজ ডেস্ক, ৯ জুন : মণিপুৰত হিংসাত্মক ঘটনা এতিয়াও শামকটা নাই (Manipur violence continued) । শুকুৰবাৰে পুনৰ উত্তপ্ত হৈ উঠে সংঘৰ্ষজৰ্জৰ ৰাজ্যখন । শুকুৰবাৰে সেনাৰ সূত্ৰই জনোৱা মতে, মণিপুৰৰ খোকেন গাঁৱত নতুনকৈ সংঘটিত হিংসাত্মক ঘটনাত এগৰাকী মহিলাসহ কমেও তিনিজন লোক নিহত (3 killed in fresh violence in Manipur) । লগতে আন দুজন লোক আহত হয় । হিংসাৰ সূত্ৰপাত ঘটা গাঁওখন কাংপোকপি আৰু ইম্ফল পশ্চিম জিলাৰ মাজৰ সীমাত অৱস্থিত । সেনা সূত্ৰই জনোৱা মতে, সন্দেহযুক্ত উগ্ৰপন্থী আৰু ভুক্তভোগীকেইজন ভিন্ন সম্প্ৰদায়ৰ ।

উল্লেখ্য, শুকুৰবাৰে দিনটোৰ আৰম্ভণিতে চিবিআইয়ে ৰাজ্য চৰকাৰে উল্লেখ কৰা মণিপুৰৰ ছয়টা হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে এজন ডিআইজি পদবীৰ বিষয়াৰ অধীনত এটা বিশেষ তদন্ত দল (CBI SIT on Manipur violence) গঠন কৰে । চৰকাৰী সূত্ৰই শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে । আনহাতে, উত্তৰ-পূবৰ ৰাজ্যখন ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে ছয়খন এজাহাৰৰ তদন্তৰ বাবে চিবিআই তদন্ত ঘোষণা কৰিছিল (Amit Shah announced CBI probe of Manipur violence) । তাৰে পাঁচখন অপৰাধমূলক ষড়যন্ত্ৰৰ ওপৰত আৰু এখন হৈছে মণিপুৰত সংঘটিত হিংসাৰ আঁৰত থকা সাধাৰণ ষড়যন্ত্ৰ সন্দৰ্ভত ।

কেন্দ্ৰৰ জৰিয়তে প্ৰেৰণ কৰা ৰাজ্যখনৰ এক প্ৰসংগৰ ওপৰত কাম কৰিবলৈ চিবিআয়ে এছআইটি গঠন কৰিছে আৰু গোচৰবোৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে । চৰকাৰী সূত্ৰত প্ৰকাশ । উল্লেখ্য, মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতিৰ (এছটি) মৰ্যাদাৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ তৰিবলৈ যোৱা ৩ মে'ত পাহাৰীয়া জিলাখনত 'জনজাতীয় সংহতি সমদল' আয়োজন কৰাৰ পিছতে উত্তৰ-পূবৰ ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হয় । আনহাতে, এমাহৰ পূৰ্বে জাতিগত হিংসা সংঘটিত হোৱাৰ পিছৰে পৰা এতিয়ালৈকে মণিপুৰত প্ৰায় ১০০ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু তিনিশতাধিক লোক আহত হৈছে ।

ইয়াৰ পিছতে চাৰিদিনীয়া ভ্ৰমণসূচী লৈ গৃহ মন্ত্ৰী অমিত শ্বাহে হিংসাজৰ্জৰ ৰাজ্যখনত উপস্থিত হয় । তাত উপস্থিত হৈ ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বুজ লোৱাৰ লগতে হিংসাত্মক ঘটনা ৰোধৰ বাবে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা সন্দৰ্ভতো পৰ্যবেক্ষণ কৰে । লগতে গৃহমন্ত্ৰীয়ে বিভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধি, নাগৰিক সমাজৰ প্ৰতিনিধি, মহিলা সমাজৰ প্ৰতিনিধি, বিভিন্ন দল-সংগঠনৰ লগত আলোচনাত মিলিত হয় আৰু সৰ্বসাধাৰণক শান্তি-শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনায় । কিন্তু ৰাজ্যখনৰ পৰা গৃহমন্ত্ৰী উভতি অহাৰ পিছতে আন দুটামান হিংসাত্মক ঘটনা সংঘটিত হয় । উক্ত ঘটনাত নিৰাপত্তা বাহিনীৰ লোককে ধৰি কেইবাজনো সাধাৰণ লোকেও প্ৰাণ হেৰুৱায় । যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰৰ পৰা পুনৰ ৰাজ্যখনত ইণ্টাৰনেট সেৱা ১০ জুনলৈকে স্থগিত ৰখা হৈছে ।

লগতে পঢ়ক :Internet ban in Manipur : ইণ্টাৰনেট নিষিদ্ধক লৈ উচ্চতম ন্যায়ালয়ত নহয় জৰুৰী শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.