ETV Bharat / bharat

Manipur violence: ৰাষ্ট্ৰপতিক সাক্ষাৎ মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীৰ

author img

By

Published : Jun 27, 2023, 8:26 AM IST

Etv Bharat
Etv Bharat

নতুন দিল্লীত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীয়ে ৷ মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে ৰাষ্ট্ৰপতি মুৰ্মূৰ সৈতে আলোচনা ৰাজ্যপালগৰাকীৰ ৷

নিউজ ডেস্ক, 27 জুন: নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীৰ ৷ সোমবাৰে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে ৰাজ্যপাল উইকীয়ে ৷

ৰাজভৱনৰ এক বিবৃতি অনুসৰি, ‘‘মণিপুৰৰ ৰাজ্যপালে ৰাষ্ট্ৰপতিক উত্তৰ-পূবৰ ৰাজ্যখনত সংঘটিত বিভিন্ন ঘটনাৰ বিষয়ে অৱগত কৰে আৰু পৰিস্থিতি উন্নত কৰিবলৈ আৰু ৰাজ্যখনত স্বাভাৱিকতা আৰু শান্তি ঘূৰাই আনিবলৈ বিতং আলোচনা কৰে ৷’’ ৰাজ্যপালগৰাকীয়ে ৰাষ্ট্ৰপতি মুৰ্মূক ইম্ফল, চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ বিভিন্ন সাহায্য শিবিৰ ভ্ৰমণ আৰু হিংসাপীড়িত লোকসকলৰ সৈতে হোৱা বাৰ্তালাপৰ বিষয়েও অৱগত কৰে ৷

ৰাজ্যপালগৰাকীয়ে লগতে বিভিন্ন জিলাৰ সাহায্য শিবিৰত আশ্ৰয় লৈ থকা লোকসকলক সাহায্য সামগ্ৰী প্ৰদানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও ৰাষ্ট্ৰপতিক অৱগত কৰে ৷

জানিব পৰা মতে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হোৱা বৈঠকত হিংসাৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ পুনৰ সংস্থাপন আৰু শিক্ষাৰ্থীসকলৰ শিক্ষা সম্পৰ্কীয় বিষয়সমূহো আলোচনা কৰা হয় ৷

উল্লেখ্য যে শনিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত নতুন দিল্লীৰ মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ অনুষ্ঠিত কৰা হয় এক সৰ্বদলীয় বৈঠক ৷ এই বৈঠকত বিভিন্ন ৰাজনৈতিক দলৰ সৈতে মণিপুৰলৈ কিদৰে পুনৰ স্বাভানিক অৱস্থা ঘূৰাই আনিব পাৰি সেই সন্দৰ্ভত বিতং আলোচনা কৰা হয় ৷ বৈঠকত তৃণমূল কংগ্ৰেছে মণিপুৰৰ পৰিস্থিতি পৰ্যৱেক্ষণৰ বাবে শীঘ্ৰেই এটা সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ পোষকতা কৰে ৷

স্মৰ্তব্য যে অনুসূচীত জনজাতিৰ তালিকাত মেইটেইসকলক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদত অল ট্ৰাইবেলছ ষ্টুডেণ্টছ ইউনিয়নে (এটিএছইউ) আয়োজিত এক সমদলৰ সময়ত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পিচতে ৩ মে’ৰ পৰা মণিপুৰত হিংসাত্মক ঘটনা অব্যাহত আছে ৷

লগতে পঢ়ক: PM Modi Holds Cabinet Meeting : প্ৰধানমন্ত্ৰী মোদীৰ কেবিনেট বৈঠক; মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.