ETV Bharat / bharat

Manipur violence: মিজোৰামৰ মুখ্যমন্ত্ৰীৰ পৰা সহায় ভিক্ষা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ

author img

By

Published : Jun 18, 2023, 10:29 PM IST

Manipur violence
Manipur violence

বৰ্তমানেও নিয়ন্ত্ৰণৰ বাহিৰত মণিপুৰৰ পৰিস্থিতি ৷ প্ৰায় প্ৰতিদিনেই সংঘটিত হৈছে বিভিন্ন হিংসাত্মক ঘটনা ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সহায় ভিক্ষা এন বীৰেণ সিঙৰ ৷

নিউজ ডেস্ক, 18 জুন: হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ ওচৰত সহায় ভিক্ষা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ৷ এই কথা টুইট কৰি সদৰী কৰিছে মুখ্যমন্ত্ৰী জোৰামথাংগাই ৷ এক টুইটযোগে মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দুপৰীয়া 12:30 বজাত মোৰ সৈতে ফোনযোগে কথা পাতে ৷ চলি থকা হিংসাৰ সন্দৰ্ভত সমস্যা সমাধানৰ বাবে মোৰ সহায় বিচাৰে ৷ লগতে সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে ৷ মিজোৰামত মেইটেইসকলক শান্তি পূৰ্ণেভাৱে অৱস্থান কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও আহ্বান জনায় ৷’’

ইফালে মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মণিপুৰলৈ শান্তি ঘূৰাই আনিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে মণিপুৰ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীক আদৰণি জনায় ৷ লগতে মিজোৰাম চৰকাৰ মেইটেইসকলৰ প্ৰতি সহানুভূতিশীল বুলিও মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ আগত উল্লেখ কৰি তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত কৰা হ’ব বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে শেহতীয়াকৈ পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ ৷ বৰ্তমানলৈকে 130ৰো অধিক লোক নিহত হৈছে আৰু লগতে বিজেপি নেতাসকলৰ বাসগৃহত অগ্নি সংযোগ কৰিছে দুৰ্বৃত্তই ৷ বিগত 3 মে’ৰ পৰা অব্যাহত আছে মণিপুৰৰ সংঘাত ৷ মণিপুৰৰ জনসংখ্যাৰ প্ৰায় 53 শতাংশ মেইটেই আৰু বেছিভাগ ইম্ফল উপত্যকাত বাস কৰে ৷ নগা আৰু কুকি জনসংখ্যাৰ আন 40 শতাংশ পাহাৰীয়া জিলাত বাস কৰে ৷ আৰু এই দুয়োটা গোষ্ঠীৰ মাজত অব্যাহত আছে সংঘৰ্ষ ৷

শেহতীয়াকৈ হিংসা জৰ্জৰ মণিপুৰ ভ্ৰমণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন স্তৰৰ লোকসকলক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয় ৷ লগতে নিহতসকলৰ আত্মীয়লৈ 10 লাখ টকাৰ আৰ্থিক অনুদানো ঘোষণা কৰিছে ৷

লগতে পঢ়ক: PM Mann ki Baat: মন কী বাতত মণিপুৰৰ বিষয়ক মৌন প্ৰধানমন্ত্ৰী, বিৰোধীৰ সমালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.