ETV Bharat / bharat

Mamata modi meet : আজি মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ সম্ভাৱনা

author img

By

Published : Nov 24, 2021, 11:24 AM IST

Mamata Banerjee in Delhi
আজি মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ সম্ভাৱনা

সংসদৰ শীতকালীন অধিৱেশন(Winter session of Parliament)ৰ পূৰ্বে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডী আৰু মমতা বেনাৰ্জী (Mamata modi meet) ৷ বুধবাৰে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । ২৫ নৱেম্বৰ পৰ্যন্ত দিল্লীতে থাকিব মমতা বেনাৰ্জী ।

নেশ্যনেল ডেস্ক, ২৪ নৱেম্বৰ : সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডী আৰু মমতা বেনাৰ্জী (Mamata modi meet) ৷ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ সম্ভাৱনা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । ইতিমধ্যে দিল্লীত উপস্থিত হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছ (Trinamool Congress)ৰ প্ৰধান মমতা বেনাৰ্জী ।

প্ৰধানমন্ত্ৰীৰে হ'বলগীয়া বৈঠকত সীমান্ত সুৰক্ষা বাহিনী(Border Security Force)ৰ অধিকাৰ ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু ৰাজ্যখনৰ বিভিন্ন উন্নয়ন সম্পৰ্কীয় বিষয় আলোচনা কৰিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । সোমবাৰে কলকাতাত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে জনাইছিল যে তেওঁ উক্ত দিনাই দিল্লী অভিমুখে(Mamata Banerjee Delhi visit) ৰাওনা হ'ব ।

তেওঁ লগতে জনাইছিল যে, বুধবাৰে সীমান্ত সুৰক্ষা বাহিনী সমস্যা আৰু ৰাজ্যখনৰ অন্যান্য বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব । ২৫ নৱেম্বৰ পৰ্যন্ত দিল্লীতে থাকিব মমতা বেনাৰ্জী (Mamata Banerjee in Delhi) । ২৯ নৱেম্বৰত আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে ৰাজধানী ভ্ৰমণৰ কাৰ্যসূচী হাতত হৈছে ।

মঙলবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত জেডি(ইউ)(JDU)ৰ প্ৰাক্তন ৰাজ্যসভা সাংসদ পৱন বাৰ্মা(Pavan Varma), কংগ্ৰেছ নেতা কীৰ্তি আজাদ(Congress leader Kirti Azad) আৰু অশোক তানৱাৰে(Ashok Tanwar) তৃণমূল কংগ্ৰেছত যোগদান কৰে । পঞ্জাৱ, পশ্চিমবংগ আৰু অসমত পূৰ্বে কেৱল পোন্ধৰ কিলোমিটাৰ পৰ্যন্ত পদক্ষেপ লোৱাৰ ক্ষমতা লাভ কৰা সীমান্ত সুৰক্ষা বাহিনীক এতিয়া কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ পৰা হস্তক্ষেপ বা অনুমতি অবিহনে অধিকাৰ ক্ষেত্ৰ ৫০ কিলোমিটাৰ পৰ্যন্ত সম্প্ৰসাৰিত কৰাৰ কৰ্তৃত্ব দিয়া হৈছে । মমতা বেনাৰ্জীয়ে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে ।

যোৱা অক্টোবৰ মাহত তেওঁ কৈছিল যে, পশ্চিমবংগ চৰকাৰেও পঞ্জাৱ চৰকাৰৰ দৰে সীমান্তৱৰ্তী ৰাজ্যসমূহত সীমান্ত সুৰক্ষা বাহিনীৰ অনুসন্ধান আৰু গ্ৰেপ্তাৰৰ অধিকাৰ ক্ষেত্ৰ বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰই লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে । তেওঁ কৈছিল যে, আইন-শৃংখলা ৰাজ্যিক বিষয় আৰু বাংলাদেশৰ সৈতে পশ্চিমবংগৰ সীমান্তৰ পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ অৱস্থাত আছে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁৰ চৰকাৰে কেৱল "ৰাজ্যিক আইন" অনুসৰিহে কাম কৰি যাব ।

আনহাতে, পশ্চিমবংগৰ বিজেপি সাংসদ সৌমিত্ৰ খানে(BJP MP Saumitra Khan's reaction) অভিযোগ তোলে যে, "তৃণমূল কংগ্ৰেছে ছোনিয়া গান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ পৰা আঁতৰি গৈছে আৰু ৰাজ্যখনত এতিয়া কংগ্ৰেছ কৰ্মীসকলক হত্যা কৰি আছে । কংগ্ৰেছে সাধাৰণ নিৰ্বাচনৰ আগতে তৃণমূল কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি দুয়ো দলৰ মাজৰ সংঘাতৰ সমাপ্তিৰ বাবে প্ৰস্তুতি চলাই আছে । মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা সন্দৰ্ভত তেওঁ কয় যে, দিল্লীত মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব আৰু পশ্চিমবংগত বিজেপি কৰ্মীক আক্ৰমণ কৰিব । তেওঁ লগতে কয় যে, মমতা বেনাৰ্জীয়ে যদি বিৰোধী শক্তিসমূহক একগোট কৰি নেতৃত্ব দিয়ে, তেন্তে দেশৰ ঐক্য সংকটত পৰাটো নিশ্চিত ।

লগতে পঢ়ক:TMC leader Dead : হাওৰাত তৃণমূল কংগ্ৰেছৰ নেতাক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.