TMC leader Dead : হাওৰাত তৃণমূল কংগ্ৰেছৰ নেতাক গুলীয়াই হত্যা

author img

By

Published : Nov 23, 2021, 4:56 PM IST

TMC's minority cell secretary shot at in Howrah
হাওৰাত তৃণমূল কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতিক গুলিয়াই হত্যা ()

হাওৰাত তৃণমূল কংগ্ৰেছৰ সংখ্যালঘু কোষ (Trinamool Congress’s minority cell)ৰ সম্পাদক ৱাজহুল খানক গুলীয়াই হত্যা(TMC leader Dead) কৰা হৈছে ৷ ঘটনাৰে জড়িত থকাৰ সন্দেহত তিনিজন লোকক কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷

নেশ্যনেল ডেস্ক, 23 নৱেম্বৰ : হাওৰাত তৃণমূল কংগ্ৰেছৰ সংখ্যালঘু কোষ (Trinamool Congress’s minority cell)ৰ সম্পাদকক গুলীয়াই হত্যা(TMC leader Dead) ৷ মঙলবাৰে কেইজনমান অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে তৃণমূল কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সম্পাদক ৱাজহুল খানক ৷ বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই দুৰ্বৃত্তক ৷

চলিত বৰ্ষৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৱাজহুল খানৰ ভাতৃ গুড্ডু খানে তৃণমূলৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ৷ আনহাতে, ভুক্তভোগীৰ পত্নী নাছৰিন খাতুনো হাওৰা পৌৰ নিগমৰ মেয়ৰ ৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তিনিজনকৈ লোকক ইতিমধ্যে কৰায়ত্ত কৰিছে ৷ গুড্ডু খানে অভিযোগ কৰা অনুসৰি ভাতৃ ৱাজহুল খানৰ হত্যাৰ সৈতে স্থানীয় ধন দাবী কৰা চক্ৰ জড়িত হৈ আছে ৷ তেওঁ জনোৱা অনুসৰি ৱাজহুল খানৰ বাবেই অঞ্চলটোত কৰা ধন দাবী ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল ৷

অৱশ্যে হত্যাকাৰীৰ স্থানীয় ৰাজনৈতিক দলৰ সৈতে কিবা সম্পৰ্ক আছে নে নাই, সেই সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত আছে গুড্ডু খান ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ৷

আনহাতে, এই হত্যাকাণ্ডৰে কোনো ৰাজনৈতিক দল জড়িত থকাৰ কথা নাকচ কৰিছে বিজেপিৰ ৰাজ্যিক কমিটিৰ সদস্য উমেশ ৰায়ে ৷ তেওঁ এই হত্যাকাণ্ডৰ উচিত তদন্তৰ বাবে আৰক্ষীক দাবী জনাইছে ৷

লগতে পঢ়ক : Tripura Violence : গৃহ মন্ত্ৰণালয়ৰ সন্মুখত TMC সাংসদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.