ETV Bharat / bharat

তৃতীয় লিংগক বিনামূলীয়া শিক্ষা; দেশৰ প্ৰথম ৰাজ্য হিচাপে পৰিগণিত মহাৰাষ্ট্ৰ

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 1:49 PM IST

মহাৰাষ্ট্ৰ চৰকাৰে তৃতীয় লিংগৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰিব । চৰকাৰী বিশ্ববিদ্যালয়, বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহতো তৃতীয় লিংগক বিনামূলীয়া শিক্ষা প্ৰদান কৰিব । যাৰ ফলত তৃতীয় লিংগক বিনামূলীয়া শিক্ষা প্ৰদান কৰা দেশৰ প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে মহাৰাষ্ট্ৰ । এই ক্ষেত্ৰত শিক্ষা বিশেষজ্ঞসকলে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Transgenders free education in Maharashtra
তৃতীয় লিংগক বিনামূলীয়া শিক্ষা; দেশৰ প্ৰথম ৰাজ্য হিচাপে পৰিগণিত মহাৰাষ্ট্ৰ

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : মহাৰাষ্ট্ৰ চৰকাৰে চৰকাৰী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহত অধ্যয়ন কৰি থকা তৃতীয় লিংগৰ শিক্ষাৰ্থীসকলৰ সম্পূৰ্ণ শৈক্ষিক মাচুল পৰিশোধ কৰাৰ সিদ্ধান্ত লৈছে । ৰাজ্যৰ উচ্চ আৰু কাৰিকৰী শিক্ষা মন্ত্ৰী চন্দ্ৰকান্ত পাটিলে এই কথা প্ৰকাশ কৰিছে । চন্দ্ৰকান্ত পাটিলে মঙলবাৰে এক নিৰ্দেশত লগতে কয় যে নতুন শিক্ষা নীতি ৰূপায়ণৰ বাবে প্ৰয়োজনীয় শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰি নতুন শিক্ষা নীতিৰ ৰূপায়ণ ত্বৰান্বিত কৰিব লাগে ।

চৰকাৰী বিশ্ববিদ্যালয় আৰু অনুমোদিত মহাবিদ্যালয়সমূহত অধ্যয়ন কৰি থকা তৃতীয় লিংগৰ শিক্ষাৰ্থীসকলৰ সমগ্ৰ শৈক্ষিক মাচুল সংশ্লিষ্ট বিশ্ববিদ্যালয়ে নিজৰ পুঁজিৰ পৰা পৰিশোধ কৰিব লাগিব বুলিও কোৱা হৈছে । উচ্চ শিক্ষা মন্ত্ৰী চন্দ্ৰকট পাটিলে বিশ্ববিদ্যালয়সমূহক এইসকল শিক্ষাৰ্থীক বিনামূলীয়া উচ্চ শিক্ষা প্ৰদানৰ বাবে উদ্যোগ ল'বলৈও আহ্বান জনাইছে । আনহাতে, এই আবেদনৰ প্ৰতি সঁহাৰি জনাই সকলো উপাচাৰ্যই সংখ্যাগৰিষ্ঠতাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

ইয়াৰ ফলত এতিয়াৰে পৰা তৃতীয় লিংগৰ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় আৰু অনুমোদিত মহাবিদ্যালয়সমূহত বিনামূলীয়া উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব । মন্ত্ৰী চন্দ্ৰকান্ত পাটিলে লগতে কয় যে ওঠৰ বছৰ সম্পূৰ্ণ কৰা প্ৰতিগৰাকী নতুন ভোটাৰে নাম পঞ্জীয়ন কৰা উচিত । ইয়াৰ বাবে নিৰ্বাচন বিভাগৰ হৈ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে নতুন ভোটাৰ পঞ্জীয়ন কাৰ্যসূচী কাৰ্যকৰী কৰিব লাগে । সেয়ে মহাবিদ্যালয়সমূহত ভৰ্তি হোৱা শিক্ষাৰ্থীসকলক ভোটাৰ হিচাপে পঞ্জীয়ন কৰিব লাগে বুলিও তেওঁ কয় ।

আনহাতে, ৰাজ্য চৰকাৰৰ তৃতীয় লিংগৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ সিদ্ধান্তৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যখনৰ শিক্ষাবিদসকলে । শিক্ষাবিদসকলে এইটোও দাবী কৰিছে যে চৰকাৰে বিশ্ববিদ্যালয়ৰ জৰিয়তে সকলো দুৰ্বল শ্ৰেণীৰ মাচুল পৰিশোধ কৰিব লাগে । যদি তৃতীয় লিংগৰ শিক্ষাৰ্থীসকলক বিশ্ববিদ্যালয়ৰ জৰিয়তে মাচুল পৰিশোধ কৰিব পাৰে, তেন্তে চৰকাৰে গৃহহীন, অন্যান্য দুৰ্বল শ্ৰেণী, বিকলাঙ্গসকলৰ বাবেও বিশ্ববিদ্যালয়ক তেওঁলোকৰ মাচুল পৰিশোধ কৰিব দিব লাগে ।

কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে যে ইয়াৰ বাবে বিশ্ববিদ্যালয়ে পুঁজি ক'ৰ পৰা পাব ? "এই পুঁজি কৰ্প'ৰেট খণ্ডৰ পৰা আহিব, যাৰ অৰ্থ হৈছে ই সীমিত হ'ব । কিমান বছৰ এনেকুৱা হ'ব তাৰো এক দৃঢ় গেৰাণ্টি আমাক দিয়া উচিত ।" শিক্ষা ক্ৰান্তি সংগঠনৰ অধ্যাপক বিনায়ক ধোপেয়ে কয় । আনহাতে, জ্যেষ্ঠ শিক্ষাবিদ অৰবিন্দ বৈদ্যই কয় যে চৰকাৰে এই সিদ্ধান্তৰ বাবে পৰামৰ্শ দিয়াটো সুখৰ বিষয় ।

উল্লেখ্য যে যদিও সকলো উপাচাৰ্য এই সিদ্ধান্তত সন্মত হৈছে, কিন্তু সমাজৰ দুৰ্বল আৰু প্রান্তিক শ্ৰেণীৰ সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ মাচুল পৰিশোধৰ বিষয়টো এতিয়াও অমীমাংসিত হৈ আছে । তেওঁলোকৰ ক্ষেত্ৰত কিয় কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে । চৰকাৰে অন্যান্য সামাজিক আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়সমূহক পৰ্যাপ্ত পুঁজি প্ৰদান কৰা উচিত বুলিও তেওঁলোকে মত প্ৰকাশ কৰে । মহাত্মা ফুলেয়ে ১৮৮২ চনতে শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া শিক্ষাৰ দাবী কৰিছিল । কিন্তু এই দাবী এতিয়াও পূৰণ কৰা হোৱা নাই বুলি একাংশৰ মত ।

লগতে পঢ়ক :বাবৰি মছজিদ ধ্বংসৰ ৩১ বছৰ; অযোধ্যাত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.