ETV Bharat / bharat

Maharashtra Political Drama : মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰক বিত্ত আৰু পৰিকল্পনা বিভাগ প্ৰদান

author img

By

Published : Jul 14, 2023, 8:54 PM IST

Ajit Pawar
Ajit Pawar

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ ১২ দিন পিছত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ (এনচিপি) নেতা অজিত পাৱাৰক শুকুৰবাৰে বিত্ত বিভাগ প্ৰদান কৰা হয় ।

নিউজ ডেস্ক, ১৪ জুলাই : জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত দপ্তৰ লাভ কৰিলে বিসম্বাদী এনচিপি নেতা তথা মহাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেয়ে দীঘলীয়া আলোচনাৰ পিছত শুকুৰবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা এনচিপিৰ বিধায়কসকলৰ দপ্তৰসমূহ চূড়ান্ত কৰে । উল্লেখ্য যে এনচিপিৰ শীৰ্ষ নেতা শৰদ পাৱাৰৰ ভতিজাক অজিত পাৱাৰে একনাথ শিন্দে নেতৃত্বাধীন শিৱসেনাৰ বিজেপি চৰকাৰত যোগদান কৰি এক অভ্যুত্থানৰ সৃষ্টি কৰিছিল ।

বৰ্তমান বহিষ্কৃত এনচিপিৰ আন আঠজন বিধায়কে মহাৰাষ্ট্ৰ চৰকাৰত যোগদান কৰিছে আৰু ২ জুলাইত দক্ষিণ মুম্বাইৰ ৰাজভৱনত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

কেবিনেট মন্ত্ৰী ছগন ভুজবলক খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰালয় প্ৰদান কৰা হৈছে । কেবিনেট মন্ত্ৰী অনিল পাটিলক দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰালয়ৰ সাহায্য আৰু পুনৰ্সংস্থাপন বিভাগ প্ৰদান কৰা হৈছে । আনহাতে, বৰ্তমান বহিষ্কৃত এনচিপিৰ সাধাৰণ সম্পাদক সুনীল তাটকাৰেৰ কন্যা অদিতি তাটকাৰে মহাৰাষ্ট্ৰৰ নতুন মহিলা আৰু শিশু বিকাশ মন্ত্ৰী হ'ব ।

ইয়াৰ উপৰি মহাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে প্ৰয়াত বিজেপি নেতা গোপীনাথ মুণ্ডেৰ ভতিজাক ধনঞ্জয় মুণ্ডেক কৃষি দপ্তৰ প্ৰদান কৰিছে । পুনে জিলাৰ আম্বেগোৱান সমষ্টিক প্ৰতিনিধিত্ব কৰা দিলীপ ৱালছে পাটিল হ'ব ৰাজ্যখনৰ নতুন ৰাজহ, পশুপালন আৰু দুগ্ধ উন্নয়ন মন্ত্ৰী ।

উল্লেখ্য যে উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ পূৰ্বতে বিত্ত বিভাগৰ দায়িত্ব আছিল । পাৱাৰ পৰিয়ালৰ দুৰ্গ পুনে জিলাৰ বাৰামতী সমষ্টিক প্ৰতিনিধিত্ব কৰা অজিত পাৱাৰে বিত্ত বিভাগৰ ওপৰত জোৰ দিছিল । অজিত পাৱাৰ আৰু প্ৰফুল পেটেলে শেহতীয়াকৈ ৰাষ্ট্ৰীয় ৰাজধানীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল ।

উল্লেখ্য যে এনচিপিৰ বিদ্ৰোহী বিধায়কসকলে মহাৰাষ্ট্ৰ চৰকাৰত যোগদান কৰি মন্ত্ৰিত্ব লাভ কৰিলেও মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট এতিয়াও আঁতৰা নাই । এফালে এনচিপিৰ বিধায়িনী দলৰ নেতাগৰাকীয়ে মহাৰাষ্ট্ৰ চৰকাৰত যোগদান কৰা অজিত পাৱাৰসহিতে আন আঠজন বিধায়কৰ বিৰুদ্ধে দলত্যাগবিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিছে । আনফালে আকৌ ছুপ্ৰিম কোৰ্টে উদ্ধৱ-শিন্দে সংঘাতৰ বিষয়টোত মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষলৈ জাননী জাৰি কৰিছে ।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই জাননী জাৰি কৰে । একনাথ শিন্দেৰ নেতৃত্বত বিদ্ৰোহী শিৱসেনা বিধায়কসকলৰ বিৰুদ্ধে অযোগ্যতাৰ আবেদনৰ ওপৰত সিদ্ধান্ত ত্বৰান্বিত কৰাৰ নিৰ্দেশ বিচাৰি শিৱসেনাৰ (উদ্ধৱ থাকৰে) বিধায়ক সুনীল প্ৰভুৱে উচ্চতম ন্যায়ালয়ত এক আবেদন কৰিছিল । এই আবেদনৰ সন্দৰ্ভতে দেশৰ শীৰ্ষ আদালতে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষক জাননী জাৰি কৰে । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে প্ৰভুৰ আবেদনৰ ওপৰত জাননী জাৰি কৰে ।

লগতে পঢ়ক :SC on Uddhav Thakre Plea : বিদ্ৰোহী বিধায়কৰ অযোগ্যতা প্ৰক্ৰিয়া; মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষলৈ জাননী ছুপ্ৰিম কোৰ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.