ETV Bharat / bharat

আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ; তামিলনাডুৰ মন্ত্ৰী পোনমুডিক ৩ বছৰৰ কাৰাদণ্ড

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 12:34 PM IST

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে উচ্চ শিক্ষা মন্ত্ৰী তথা ডিএমকে নেতা কে পোনমুডিক ৩ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে । তেওঁ পত্নী পি বিসলাক্ষীৰ সৈতে ১.৭৫ কোটি টকাৰ আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰত আদালতৰ দ্বাৰা দোষী সাব্যস্ত হৈছিল ।

Tamil Nadu Minister Ponmudy 3 years prison
তামিলনাডুৰ মন্ত্ৰী পোনমুডিক ৩ বছৰৰ কাৰাদণ্ড

নিউজ ডেস্ক, ২১ ডিচেম্বৰ : মাদ্ৰাজ উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে তামিলনাডুৰ উচ্চ শিক্ষা মন্ত্ৰী তথা ডিএমকে নেতা কে পোনমুডিক আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰত তিনি বছৰৰ কাৰাদণ্ড প্ৰদান কৰে । আনহাতে, আদালতে মন্ত্ৰীগৰাকীক এই ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ সুবিধা দিবৰ বাবে ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰাখিছে ।

উল্লেখ্য যে তিনি বছৰৰ বাবে দোষী সাব্যস্ত হোৱাৰ ফলত তেওঁ বিধায়ক হিচাপে স্বয়ংক্ৰিয়ভাৱে অযোগ্য হ'ব । যাৰ বাবে তেওঁক এম কে ষ্টালিন নেতৃত্বাধীন কেবিনেটৰ পৰা বাদ দিয়া হ'ব পাৰে ।

ন্যায়ালয়ে মঙলবাৰে বিচাৰ আদালতৰ এক আদেশ বাতিল কৰে, য'ত মন্ত্ৰীগৰাকী আৰু তেওঁৰ পত্নী পি বিশালাক্ষীক ১.৭৫ কোটি টকাৰ অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰত নিৰ্দোষী ঘোষণা কৰিছিল ।

সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ দ্বাৰা দাখিল কৰা আপীলৰ ওপৰত নিৰ্দেশ প্ৰদান কৰি ন্যায়াধীশ জি জয়চন্দ্ৰনে মন্ত্ৰীগৰাকী আৰু তেওঁৰ পত্নীক তেওঁলোকৰ কথা শুনাৰ পিছত শাস্তিৰ পৰিমাণ ঘোষণা কৰাৰ বাবে ২১ ডিচেম্বৰত আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল ।

আনহাতে, ন্যায়াধীশে ভিল্লুপুৰমৰ প্ৰধান জিলা ন্যায়াধীশৰ পোনমুডি আৰু তেওঁৰ পত্নীক গোচৰটোত নিৰ্দোষী সাব্যস্ত কৰা আদেশ বাতিল কৰি এই ৰায় প্ৰদান কৰে ।

পোনমুডিৰ বিৰুদ্ধে প্ৰস্তুত কৰা দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰা 13 (1) (ই)ৰ সৈতে ধাৰা 13 (2)ৰ অধীনত দণ্ডনীয় অপৰাধৰ অভিযোগ প্ৰমাণিত হৈছে । এনে ধৰণৰ ধাৰাবোৰ এগৰাকী ৰাইজৰ সেৱকৰ দ্বাৰা অপৰাধমূলক অসদাচৰণ আৰু অবৈধ সমৃদ্ধিৰ সৈতে সম্পৰ্কিত বুলি আদালতে ৰায় দিয়ে ।

আনহাতে, বিশালাক্ষীৰ বিৰুদ্ধে আই পি চিৰ ধাৰা 109 (প্ৰৰোচনা)ৰ সৈতে পিচি আইনৰ একে ধাৰাৰ অধীনত অভিযোগবোৰ প্ৰমাণিত হৈছে বুলিও কোৱা হৈছে ।

ইয়াৰ উপৰি ন্যায়াধীশে অভিযুক্তৰ বিৰুদ্ধে অভূতপূৰ্ব প্ৰমাণ উপেক্ষা কৰি তেওঁলোকক দোষমুক্ত কৰাৰ বাবে বিচাৰ আদালতে দিয়া অবহনযোগ্য কাৰণবোৰৰ দিশে আঙুলিয়াই দিয়ে ।

লগতে পঢ়ক :আজি ৰাজ্যসভাত অপৰাধ আইন সম্পৰ্কীয় ৩ বিধেয়কৰ ওপৰত হ'ব আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.