ETV Bharat / bharat

LPG price hike : ১৯ কিলোগ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ দাম হ'লগৈ ২,৩৫৫.৫০ টকা

author img

By

Published : May 1, 2022, 1:41 PM IST

Updated : May 1, 2022, 1:48 PM IST

LPG price hike
ৰন্ধন গেছৰ মূল্যবৃদ্ধি

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য (Cooking gas prices rise again)। ১৯ কিলোগ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ১০২.৫০ টকাকৈ বৃদ্ধি । ৫ কিলোগ্ৰামৰ এল পি জি চিলিণ্ডাৰৰ মূল্য এতিয়া ৬৫৫ টকা ।

নেশ্যনেল ডেস্ক,১ মে' : দেশত এতিয়া প্ৰতিবিধ সামগ্ৰীৰে মূল্যবৃদ্ধি হৈছে । পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় খাদ্য সমাগ্ৰীৰো মূল্য যথেষ্টে বৃদ্ধি হৈছে । যাৰবাবে সৰ্বসাধাৰণ ৰাইজ বিভিন্ন ধৰণৰ অসুবিধাত পৰিছে । দেশৰ ভিন্ন প্ৰান্তত দল-সংগঠন আৰু সাধাৰণ ৰাইজে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছে (Protest against price hike)।

কিন্তু ইয়াৰ মাজতে দেশত পুনৰ ৰন্ধন গেছৰ দাম বাঢ়িল (Cooking gas prices rise again)। দেওবাৰৰ পৰা ১৯ কিলোগ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ১০২.৫০ টকাকৈ বৃদ্ধি পালে (19 kg commercial LPG cylinder price hike)। এতিয়াৰে পৰা একোটা চিলিণ্ডাৰৰ বিনিময়ত আপুনি দিব লাগিব ২,৩৫৫.৫০ টকা ।

যোৱা ১ এপ্ৰিলত বাণিজ্যিক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ২৫০ টকাকৈ বৃদ্ধি হৈছিল । আনহাতে ৫ কিলোগ্ৰামৰ এল পি জি চিলিণ্ডাৰৰ মূল্য এতিয়া ৬৫৫ টকা ।

দেশত এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ সময়তে আকৌ ইণ্ডিয়ান অইল কৰ্পোৰেচন, হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্পোৰেচন আৰু ভাৰত পেট্ৰ'লিয়াম কৰ্পোৰেচনকে ধৰি তেল কোম্পানীবোৰে উজ্জ্বলা দিৱস উদযাপনৰ বাবে সমগ্ৰ দেশতে ৫,০০০ তকৈও অধিক এলপিজি পঞ্চায়ত স্থাপনৰ সিদ্ধান্ত লৈছে (LPG panchayats on Ujjwala Diwas)। তৰলীকৃত পেট্ৰ'লিয়াম গেছ (এলপিজি)ৰ সুৰক্ষিত আৰু নিৰন্তৰ ব্যৱহাৰৰ সজাগতাৰ উপৰিও, কোম্পানীবোৰে গ্ৰাহকৰ সৰ্বাধিক অন্তৰ্ভুক্তিকৰণৰ প্ৰচেষ্টা চলাইছে ।

লগতে পঢ়ক :1 এপ্ৰিলৰ পৰা কোনকেইবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ বৃদ্ধি পালে মূল্য ?

Last Updated :May 1, 2022, 1:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.