ETV Bharat / bharat

Chocolate day 2023: সকলোৱে খাই ভালপোৱা চকলেটৰ উৎপত্তি কেনেকৈ হৈছিল জানেনে ?

author img

By

Published : Feb 9, 2023, 5:05 AM IST

প্ৰতি বছৰে ৯ ফেব্ৰুৱাৰীত চকলেট ডে' উদযাপন কৰা হয় । এই বিশেষ দিনটোত প্ৰেমিক যুগলে ইজনে আনজনক চকলেট দি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ৷ কিন্তু সকলোৰে প্ৰিয় এই চকলেটৰ উৎপত্তি ক'ত হৈছিল জানেনে ৷ প্ৰেমৰ এই বিশেষ সপ্তাহত পঢ়ক ইটিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদন..
chocolate day 2023
সকলোৱে খাই ভালপোৱা চকলেটৰ উৎপত্তি কেনেকৈ হৈছিল জানেনে ?

নেশ্যনেল ডেস্ক, 8 ফেব্ৰুৱাৰী: প্ৰতি বছৰে ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় ভেলেণ্টাইন উইক । সপ্তাহৰ তৃতীয় দিন অৰ্থাৎ ৯ ফেব্ৰুৱাৰীত চকলেট ডে' পালন কৰা হয় । এই দিনটোত আমি আমাৰ ঘনিষ্ঠ বন্ধু বা আমাৰ সংগীক চকলেট দিওঁ ।

প্ৰেম সপ্তাহৰ এই দিনটোত সকলো প্ৰেমিক যুগলে নিজৰ প্ৰিয় চকলেট নিজৰ সংগীক দি প্ৰেমৰ ভাৱ প্ৰকাশ কৰে । কিন্তু আপুনি জানেনে যে চকলেটৰ ইতিহাস প্ৰায় ৪ হাজাৰ বছৰ পুৰণি । প্ৰথমবাৰৰ বাবে আমেৰিকাত দেখিবলৈ পোৱা গৈছিল চকলেট গছ(history of chocolate in india)। আনহাতে মেক্সিকোৰ মায়া সভ্যতাৰ মানুহে ধৰ্মীয় অনুষ্ঠানৰ বাবে চকলেট ব্যৱহাৰ কৰিছিল(history of chocolate)। দৰা-কইনাই ইজনে সিজনক চকলেট দিছিল । তেতিয়াৰ পৰাই এই ধাৰা চলি আছে ।

চকলেট স্পেনিছ ভাষাৰ এক শব্দ । কোৱা হয় যে, আগতে চকলেট সোৱাদত তিতা আছিল । আমেৰিকাত ক’ক’ৰ গুটি পিহি কিছু মছলা আৰু জলকীয়া দি তিতা চকলেট তৈয়াৰ কৰা হৈছিল । চকলেটত ব্যৱহৃত ক'ক গছ ২০০০ বছৰ পূৰ্বে আমেৰিকাৰ বৰ্ষাৰণ্যত দেখিবলৈ পোৱা গৈছিল । এই গছৰ বীনত থকা গুটিৰ পৰা চকলেট তৈয়াৰ কৰা হয় ।

লগতে কোৱা হয় যে, চকলেট প্ৰথমে আৰম্ভ কৰিছিল মধ্য আমেৰিকা আৰু মেক্সিকোৰ মানুহে । কিন্তু স্পেইনত চকলেট আটাইতকৈ বিখ্যাত হৈ পৰিছিল । কোৱা হয় যে, পূৰ্বে চকলেট খাব পৰা বস্তু নাছিল বৰঞ্চ খোৱাৰ বস্তু আছিল ।

১৫২৮ চনত যেতিয়া স্পেইনে মেক্সিকো দখল কৰে, তেতিয়া ৰজাই বহু পৰিমাণৰ ক’ক’ গুটি আৰু চকলেট বনোৱা সঁজুলি লৈ স্পেইনলৈ লৈ যায় । ইয়াৰ পিছত তাত চকলেটৰ প্ৰচলন আৰম্ভ হয় । প্ৰথমাৱস্থাত চকলেটৰ সোৱাদ তিতা আছিল । অলপ পিছতে চকলেট স্পেইনৰ সম্ভ্ৰান্ত লোকসকলৰ ফেশ্বনেবল পানীয় হৈ পৰিল । ইয়াৰ পিছত তিতা সোৱাদ সলনি কৰিবলৈ তাত মৌ আৰু অন্যান্য বস্তু দি ঠাণ্ডা কফি তৈয়াৰ কৰা হৈছিল । ইয়াৰ পিছত এজন চিকিৎসক ছাৰ হান্স স্ল’নে ইয়াক প্ৰস্তুত কৰি পানযোগ্য কৰি তুলিলে ।

১৮২৮ চনত কনৰাড জোহানেছ ভ্যান হটেন নামৰ এজন ডাচ ৰসায়নবিদে ক'ক প্ৰেছ নামৰ যন্ত্ৰ এটা নিৰ্মাণ কৰিছিল । ইয়াৰ পিছত ১৮৪৮ চনত ব্ৰিটিছ চকলেট কোম্পানী জে.এৰ ফ্ৰাই এণ্ড সন্সে প্ৰথমবাৰৰ বাবে ক’ক’ত মাখন, গাখীৰ আৰু চেনি মিহলাই প্ৰথমবাৰৰ বাবে কঠিন কৰি চকলেট ৰূপ দিয়ে । কোৱা হয় যে মেক্সিকোৰ মায়া সভ্যতাৰ মানুহে ধৰ্মীয় অনুষ্ঠানৰ বাবে চকলেট ব্যৱহাৰ কৰিছিল । আগতে দৰা-কইনা ইজনে সিজনক চকলেট উপহাৰ দিছিল । তেওঁ কাকৌ ঈশ্বৰকো নিজৰ দেৱতা বুলি গণ্য কৰিছিল ।

লগতে পঢ়ক: Daily Love Rashifal: সুখ-সমৃদ্ধিৰে ভৰপূৰ হ’ব আজিৰ দিনটো, Love date ত যাব পাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.