ETV Bharat / bharat

টকিঅ' অলিম্পিকৰ প্ৰাক ক্ষনত ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ বৈঠক

author img

By

Published : Apr 2, 2021, 2:04 PM IST

টকিঅ' অলিম্পিকৰ প্ৰাক ক্ষনত ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে খেলুৱৈসকলৰ প্ৰস্তুতি সম্পৰ্কে ভাৰতীয় অলিম্পিক সংস্থা (আইঅএ) আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।

Kiren Rijiju assesses Tokyo Olympics bound Indian athletes' preparations
টকিঅ' অলিম্পিকৰ প্ৰাক ক্ষনত ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ বৈঠক

স্পৰ্টচ ডেস্ক, 2 এপ্ৰিল: টকিঅ' অলিম্পিকৰ বাবে প্ৰায় তিনি মাহ সময় থকাৰ মাজতে ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে খেলুৱৈসকলৰ প্ৰস্তুতি সম্পৰ্কে ভাৰতীয় অলিম্পিক সংস্থা (আইঅএ) আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । বুধবাৰে অনুষ্ঠিত এই বৈঠকত ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ শীৰ্ষ বিষয়া, ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নৰিন্দৰ ৱাদ্ৰা, সচিব প্ৰধান ৰাজীৱ মেহতা আৰু এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ মুৰব্বী আদিল চুমাৰিৱালা উপস্থিত থাকে।

"এছএআই মুখ্য কাৰ্যালয়ত ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নৰিন্দৰ ৱাদ্ৰা, সচিব প্ৰধান ৰাজীৱ মেহতা আৰু অন্যান্য সদস্যসকলৰ সৈতে অলিম্পিক প্ৰস্তুতিৰ এক পৰ্যালোচনা বৈঠকৰ অংশ হওঁ, টোকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা আমাৰ খেলুৱৈসকলৰ একোটা চুটি আৰু আকৰ্ষণীয় ভিডিঅ' তৈয়াৰ কৰা হ’ব!" এইদৰে টুইট কৰে ৰিজিজুৱে ।

জানিব পৰা গৈছে যে, বৈঠকত ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ'বলগীয়া টকিঅ' অলিম্পিকৰ বাবে ভাৰতীয় খেলুৱৈসকলৰ প্ৰস্তুতিৰ বিষয়ে এক পর্যায়ক্ৰমিক পৰ্যালোচনা কৰা হৈছিল ৷ সূত্ৰ অনুসৰি, বৈঠকত ভাৰতৰ অলিম্পিক মুখী খেলুৱৈসকলৰ ক’ভিডৰ টিকাকৰণৰ বিষয়টো আলোচনাৰ পৰা বাদ পৰি ৰয়।

লগতে পঢ়ক:চিনিয়ৰ মহিলা ক্ৰিকেট: ত্ৰিপুৰাৰ হাতত পৰাস্ত হায়দৰাবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.