ETV Bharat / bharat

খ্ৰীষ্টমাছৰ নিশা ক’ভিড প্ৰট’কল উলংঘন কৰাৰ অভিযোগত আটক 1000

author img

By

Published : Dec 26, 2020, 10:18 PM IST

Kerala: 1000 held for organising Christmas party flouting norms
খ্ৰীষ্টমাছৰ নিশা ক’ভিড প্ৰট’কল উলংঘন কৰাৰ অভিযোগত আটক 1000

গ্ৰেট বিটেইনৰ পৰা কেৰালালৈ অহা আঠজন লোকৰ ক’ভিড পৰীক্ষণক লৈ ৰাজ্যখনৰ চৰকাৰ তথা প্ৰশাসন অধিক সৰ্তক হৈ আছে ৷ লোককেইজনৰ ক’ভিড পৰীক্ষণৰ নমুনা সংগ্ৰহ কৰি ইতিমধ্যে পুণেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীলৈ প্ৰেৰণ কৰা হৈছে ।

নিউজ ডেস্ক, 26 ডিচেম্বৰ: কেৰালাত খ্ৰীষ্টমাছৰ নিশা ক’ভিড প্ৰট’কল উলংঘন কৰি ডি জে পাৰ্টিত অংশগ্ৰহণ কৰাৰ অভিযোগত আৰক্ষীয়ে শনিবাৰে এহেজাৰ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । কেৰালাৰ ৰাজধানী পৌজিয়ুৰত য়ুথ কলেকটিভ অৰ্গনাইজেশ্যনৰ সদস্যই খ্ৰীষ্টমাছ পাৰ্টীৰ আয়োজন কৰিছিল বুলি জানিব পৰা হৈছে । উদ্যোক্তাসকলে আৰক্ষীৰ পৰা প্ৰয়োজনীয় অনুমতি লৈহে এই পাৰ্টীৰ আয়োজন কৰাৰ কথা উল্লেখ কৰে যদিও আৰক্ষীয়ে এই কথা অস্বীকাৰ কৰে ৷

গ্ৰেট বিটেইনৰ পৰা কেৰালালৈ অহা 8 জন লোকক লৈ ৰাজ্যখনৰ চৰকাৰ তথা প্ৰশাসন বৰ্তমান অধিক সৰ্তক হৈ আছে ৷ লোককেইজনৰ ক’ভিড পৰীক্ষণৰ নমুনা সংগ্ৰহ কৰি পুণেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীলৈ প্ৰেৰণ কৰা হৈছে । কেৰালাৰ স্বাস্থ্যমন্ত্ৰী কে.কে শৈলজাই ৰাজ্যখনত হাই এলাৰ্ট জাৰি কৰাৰ লগতে স্বাস্থ্য বিভাগো সতৰ্ক হৈ থকাৰ কথা জানিবলৈ দিয়ে ৷

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই ভাইৰাছৰ আনুবংশিক সংবিধানৰ পৰিৱৰ্তন হ’লে ই অধিক বিপদজনক হ'ব পাৰে বুলি সন্দেহ ব্য়ক্ত কৰিছে ৷ উল্লেখ্য যে, কেৰালাত বিগত কেইবাদিন ধৰি ক’ভিড সংক্ৰমণৰ সংখ্য়া বৃদ্ধি হোৱাত স্বাস্থ্য বিভাগে উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷ ৰাজ্যখনত শেহতীয়াকৈ অনুষ্ঠিত হোৱা স্থানীয় নিকায় নিৰ্বাচনৰ পাছত চৰকাৰে ক’ভিড সংক্ৰমণৰ ঘটনা কিছু বৃদ্ধি হোৱাৰ সন্দেহ কৰিছে ।

লগতে পঢ়ক : চিতাৰ জুইত বিলীন শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নিথৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.