ETV Bharat / bharat

Kedarnath landslide : কেদাৰনাথত ভূমিস্খলন; সন্ধানহীন 19 গৰাকী লোক

author img

By

Published : Aug 4, 2023, 10:12 AM IST

Updated : Aug 4, 2023, 10:21 PM IST

ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ ধামৰ গৌৰীকুণ্ডৰ পাহাৰৰ পৰা ধ্বংসাৱশেষ পৰি যোৱাৰ পাছত দুখন বিপনীৰ ক্ষতি হয় । লগতে ১৩ জন লোক সন্ধানহীন হৈ আছে । ধ্বংসাৱশেষৰ তলত লোকসকল আৱদ্ধ হৈ থকাৰ আশংকা ।

Kedarnath landslide
কেদাৰনাথ ধামত অঘটন

নেশ্যনেল ডেস্ক,৪ আগষ্ট : উত্তৰাখণ্ডৰ কেদাৰনাথ ধামৰ মূল স্থলত বৰষুণে আকৌ এবাৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। বৃহস্পতিবাৰে নিশা গৌৰীকুণ্ড সোণপ্ৰয়াগ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। গৌৰীকুণ্ডত, পাহাৰৰ পৰা ধ্বংসাৱশেষ পৰাৰ ফলত তিনিখন দোকান খহি পৰিছে। ঘটনাটোত কমেও ১৯ জন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে।

মন কৰিবলগীয়া যে আকৌ এবাৰ ধাৰাসাৰ বৰষুণে কেদাৰঘাটিত নিজৰ কুৎসিত ৰূপ দেখুৱাইছে। এই পৰ্যন্ত এই প্ৰাকৃতিক বিপৰ্যয়ত ১৯ জন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে । পাহাৰৰ পৰা শিল, বোকামাটি আদি নামি আহি বিপনীকেইখনৰ ওপৰতে পৰিছিল । জানিব পৰা মতে সেই সময়ত দোকানৰ ভিতৰত বহু লোক শুই আছিল আৰু তেওঁলোকে বাহিৰলৈ ওলাই যোৱাৰ কোনো সুযোগে নাপালে ।

সেই লোকসকলৰ অধিকাংশই স্থানীয় বুলি জানিব পৰা গৈছে । এই তথ্য লাভ কৰাৰ পাছতে এছডিআৰএফৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । কিন্তু একেৰাহে হৈ থকা বৰষুণ আৰু প্ৰতিকূল পৰিস্থিতিৰ বাবে দলটোৱে উদ্ধাৰ অভিযান আৰম্ভ কৰিব নাছিল । ইফালে লোকসকল ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকাৰ লগতে মন্দাকিনী নদীত উটি যোৱাৰ আশংকা কৰা হৈছে । সন্ধানহীন লোকসকল নেপালী সম্প্ৰদায়ৰ, যিসকলে তাত থকা বিপনীবোৰ চলাই আছিল ।

একে সময়তে, দুৰ্ঘটনাটোত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰো আশংকা কৰা হৈছে । কিছুমান স্থানীয় লোকেও অনুসন্ধান আৰম্ভ কৰিছে । লক্ষণীয়ভাৱে নিশা উদ্ধাৰ অভিযানৰ সময়ত কোনো লোকৰ মৃতদেহ পোৱা হোৱা নাছিল । বাতৰি লিখা সময়লৈ বৰষুণ অব্যাহত থকাৰ বাবে উদ্ধাৰ অভিযানো বন্ধ হৈ আছে । একে সময়তে, প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখ কেদাৰনাথ যাত্ৰাও বৰ্তমানৰ বাবে বন্ধ কৰি দিয়া হৈছে ।

এছডিআৰএফয়ে জনোৱা মতে আনুমানিক ১৯ জন লোক সন্ধানহীন হৈ আছে । তাৰ ভিতৰত কিছুমান নেপালী আৰু স্থানীয় লোক । মন্দাকিনী নদীৰ জলস্তৰো যথেষ্ট বৃদ্ধি পাইছে । বৰষুণ বন্ধ হ'লেহে পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হ'ব বুলি এছডিআৰএফয়ে জনাইছে ।

লগতে পঢ়ক :haryana nuh violence: গুৰুগ্ৰাম আৰু নুহত শুকুৰবাৰৰ ঘৰতে অনুষ্ঠিত হ'ব নামাজ

Last Updated :Aug 4, 2023, 10:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.