ETV Bharat / bharat

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই বিশেষ পূজা হ'ব কৰ্ণাটকৰ মন্দিৰত

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 1:23 PM IST

কৰ্ণাটক চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই ৰাজ্যখনৰ মুজৰাই বিভাগৰ অধীনৰ মন্দিৰবোৰত হ'ব বিশেষ পূজা (Muzrai temples)। কৰ্ণাটকৰ ভাস্কৰ্যশিল্পী যোগীৰাজ অৰুণৰ দ্বাৰা নিৰ্মিত ৰামৰ মূৰ্তি স্থাপন কৰা হ'ব ৰাম মন্দিৰত ।

Karnataka Govt directs to perform pooja in Muzrai temples
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই বিশেষ পূজা হ'ব কৰ্ণাটকৰ মন্দিৰত

নেশ্যনেল ডেস্ক,৭ জানুৱাৰী : অযোধ্যাত ৰাম মন্দিৰৰ ঐতিহাসিক প্ৰাণ প্ৰতিষ্ঠাক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে । উক্ত দিনাই কৰ্ণাটকৰ মুজৰাই মন্দিৰত হ'ব বিশেষ পূজা । ইতিমধ্যে কৰ্ণাটক ৰাজ্য চৰকাৰে সকলো মুজৰাই মন্দিৰত বিশেষ পূজা কৰিবলৈ নিৰ্দেশ দিছে । পৰিবহণ আৰু মুজৰাই মন্ত্ৰী ৰামলিঙ্গ ৰেড্ডীয়ে ২২ জানুৱাৰীত মুজৰাই বিভাগৰ অধীনত থকা ৰাজ্যখনৰ সকলো মন্দিৰত বিশেষ পূজা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে ।

সেইদিনা দুপৰীয়া ১২:১৯:৮ বজাৰ পৰা ১২:৩০:৩২ বজালৈ ৰাজ্যখনৰ মন্দিৰবোৰত একেলগে বিশেষ পূজা অনুষ্ঠিত কৰা হ'ব । মহামঙ্গল আৰতি কৰিবলৈ আৰু বিশেষ প্ৰাৰ্থনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

ইফালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মাজতে কৰ্ণাটকলৈ আহিছে ভাল খবৰ । কিয়নো কৰ্ণাটকৰ ভাস্কৰ্যশিল্পী তথা কাৰুশিল্পৰ বাবে জনাজাত যোগীৰাজ অৰুণৰ দ্বাৰা নিৰ্মিত বিশেষ ৰামৰ মূৰ্তিয়ে স্থান পাইছে ৰাম মন্দিৰত । ৰাম মন্দিৰৰ অভিষেকৰ বাবে বাছনি কৰা হৈছে তেওঁৰ দ্বাৰা নিৰ্মিত মূৰ্তি । ইয়াৰ পিচতে ৰাজ্যখনত উছাহ দেখিবলৈ পোৱা গৈছে । আনকি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও শিল্পীগৰাকীক সামাজিক মাধ্যমত প্ৰশংসা কৰিছে ।

যোশীয়ে ৰাম মন্দিৰৰ বাবে শিল্পীগৰাকীৰ দ্বাৰা নিৰ্মিত মূৰ্তিটো বাছনি কৰাটোক 'ৰাম-হনুমানৰ অবিচ্ছেদ্য সম্পৰ্কৰ উদাহৰণ' বুলি অভিহিত কৰিছে । তেওঁ উল্লেখ কৰিছে ৰাম য'ত আছে, হনুমানো আছে । অযোধ্যাত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠনৰ বাবে মূৰ্তি বাছনি চূড়ান্ত হৈছে । দেশৰ এগৰাকী প্ৰখ্যাত ভাস্কৰ্যশিল্পীৰ দ্বাৰা নিৰ্মিত ভগৱান ৰামৰ মূৰ্তি অযোধ্যাত স্থাপন কৰা হ'ব । এয়া ভগৱান ৰামৰ বাবে কৰ্ণাটকৰ এক গুৰুত্বপূৰ্ণ সেৱা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা, সাধাৰণ লোকৰ প্ৰৱেশত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.