ETV Bharat / bharat

G20 Summit : দেওবাৰে দিল্লীৰ পৰা ৰাওনা হ’ব জ’ বাইডেন, ঋষি সুনক

author img

By ANI

Published : Sep 10, 2023, 9:50 AM IST

G20 Summit
G২০ সন্মিলনৰ শেষৰটো দিন

দিল্লীত অনুষ্ঠিত G২০ সন্মিলনৰ আজি শেষৰটো দিন ৷ G২০ সন্মিলনৰ বাবে ভাৰতলৈ অহা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে দেওবাৰে পুৱা প্ৰায় ১০.২০ বজাত দিল্লীৰ পৰা ৰাওনা হ’ব বুলি জানিব পৰা গৈছে ৷ জ’ বাইডেনৰ লগতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনককো দেওবাৰে দিল্লীৰ পৰা ৰাওনা হ’ব ৷

নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ : দুদিনীয়া কাৰ্যসূচীৰে ৰাজধানী দিল্লীত অনুষ্ঠিত হৈ আছে G২০ সন্মিলন ৷ য’ত বিশ্বৰ ২০ খন প্ৰভাৱশালী ৰাষ্ট্ৰৰ নেতাসকলে অংশগ্ৰহণ কৰিছে ৷ আজি অৰ্থাৎ দেওবাৰে G২০ সন্মিলনৰ অন্তিম দিনাৰ কাৰ্যসূচীৰ অন্তত দিল্লীৰ পৰা ৰাওনা হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনককে ধৰি অধিকাংশ ৰাষ্ট্ৰৰ মুৰব্বী ৷

G২০ সন্মিলনৰ বিদেশী প্ৰতিনিধিসকলক বিদায় দিয়াৰ দায়িত্ব কেন্দ্ৰই ইতিমধ্যে কেন্দ্ৰীয় ৰাষ্ট্ৰ মন্ত্ৰীসকলক অৰ্পণ কৰিছে । এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰি বৈদেশিক সচিবগৰাকীয়ে সদৰী কৰিছে এই তথ্য । তথ্য আনুসৰি, UAE, US, বাংলাদেশ, ইজিপ্ত, চীন, অষ্ট্ৰেলিয়া, ব্ৰিটেইন, আৰ্জেণ্টিনা, ইণ্ডোনেছিয়া, ফ্ৰান্স, জাৰ্মানী, নেদাৰলেণ্ড, তুৰস্ক, জাপান, ইটালী, স্পেইন, দক্ষিণ আফ্ৰিকা, কোৰিয়া গণৰাজ্য, কানাডাকে ধৰি ছিংগাপুৰৰ মুৰব্বীয়েও দেওবাৰে দিল্লীৰ পৰা ৰাওনা হ’ব ৷

শেহতীয়া খবৰ অনুসৰি, দেওবাৰে পুৱা প্ৰায় ১০.২০ বজাত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন ভাৰতৰ পৰা ৰাওনা হ’ব আৰু তেওঁক বিদায় দিব MoS ৰাজীৱ চন্দ্ৰশেখৰে (MoS Rajeev Chandrashekhar) ৷ ইফালে বিয়লিৰ ভাগত দিল্লীৰ পৰা ৰাওনা হ’ব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনক আৰু তেওঁক বিদায় দিব MoS কৈলাশ চৌধাৰীয়ে ।

একেদৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পুৱা প্ৰায় ১০.২০ বজাত দিল্লীৰ পৰা যাত্ৰা কৰিব ৷ MoS অনুপ্ৰিয়া পেটেলে তেওঁক বিদায় দিব । ইফালে ব্ৰাজিল, আফ্ৰিকান ইউনিয়ন, নাইজেৰিয়া, চৌদি আৰব, ইউৰোপীয় সংঘ আৰু মৰিচাছকে ধৰি দেশৰ সাতগৰাকী নেতাই সোমবাৰে দিল্লীৰ পৰা যাত্ৰা কৰিব ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে শনিবাৰে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ কৰিড’ৰৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে আমেৰিকাই নিজৰ অংশীদাৰসকলৰ সৈতে বহনক্ষম, স্থিতিস্থাপক আন্তঃগাঁথনি নিৰ্মাণ আৰু গুণগত আন্তঃগাঁথনিত বিনিয়োগ কৰিব বুলি উল্লেখ কৰে ৷

ইফালে G২০ সন্মিলনৰ দিল্লীৰ ভাৰত মণ্ডপম অনুষ্ঠিত পাৰ্টনাৰশ্বিপ ফৰ গ্ল'বেল ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট (Partnership for Global Infrastructure Investment চমুকৈ PGII) আৰু ই India-Middle East-Europe Economic Corridor programme কৰিড’ৰ কাৰ্যসূচীতো ভাষণ প্ৰদান কৰিছিল ৷

উল্লেখ্য যে, ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা G২০ এক উল্লেখযোগ্য মাইলৰ খুঁটিলৈ পৰিণত হৈছে ৷

লগতে পঢ়ক : G20 Summit: ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ আৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.