ETV Bharat / bharat

JKs NEET 2023 Topper : সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰৰ পৰামৰ্শ নিটৰ শীৰ্ষস্থান অধিকাৰী আব্দুল বাসিতৰ

author img

By

Published : Jun 14, 2023, 3:33 PM IST

JKs NEET 2023 Topper
JKs NEET 2023 Topper

কঠোৰ পৰিশ্ৰম আৰু সামাজিক মাধ্যমৰ সতৰ্কমূলক ব্যৱহাৰৰ দ্বাৰা প্ৰাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত উৎকৃষ্টতা অৰ্জন কৰিব পাৰে । পুলৱামাৰ বাসিন্দা তথা জম্মু-কাশ্মীৰৰ নিট, ২০২৩-ৰ শীৰ্ষস্থান লাভ কৰা আব্দুল বাসিতে কয় । তেওঁ কয় যে বিগত চাৰি বছৰ ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিট পৰীক্ষাৰ বাবে অধ্যয়ন কৰি প্ৰস্তুতি চলাই আছিল ।

নিউজ ডেস্ক, ১৪ জুন : মঙলবাৰে ঘোষণা কৰা নিট ২০২৩-ৰ ফলাফলত জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ বাসিন্দা আব্দুল বাসিতে ৰাজ্যিক পৰ্যায়ত প্ৰথম স্থান অধিকাৰ কৰে । আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ স্থান হৈছে ১১৩ । ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিট পৰীক্ষাত তেওঁৰ এই উল্লেখযোগ্য প্ৰদৰ্শন আৰু সন্মানীয় পৰীক্ষাটোত ৰাজ্যখনক গৌৰৱান্বিত কৰাৰ বাবে আব্দুল বাসিতক প্ৰশংসাৰে উপচাই দিয়া হৈছে ।

উল্লেখ্য, দ্বিতীয়বাৰৰ বাবে পুলৱামা জিলাৰ কোনো যুৱকে অঞ্চলটোলৈ এই স্বীকৃতি কঢ়িয়াই আনিছে । ইয়াৰ পূৰ্বে বাসিত বিলালে নিট ২০২০ পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছিল । ইয়াৰ দ্বাৰা জিলাখনৰ যুৱক-যুৱতীসকলে পুনৰবাৰ প্ৰমাণ কৰিছে যে পুলৱামা বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে । লগতে বৰ্তমান পুলৱামা জিলাত শিক্ষাৰ মানদণ্ড দ্ৰুতগতিত উন্নয়ন ঘটিছে ।

এই সন্দৰ্ভত নিজৰ বক্তব্যত বাসিতে কয় যে তেওঁ চাৰি বছৰ ধৰি নিটৰ বাবে প্ৰস্তুতি চলাই আহিছে । লগতে তেওঁ নৱম চনৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আকাশ কোচিং ইনষ্টিটিউটৰ পৰা কোচিং লাভ কৰিছে । তেওঁ কয় যে যুৱসকলে এনে প্ৰতিযোগিতাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগে আৰু সামাজিক মাধ্যমক সঠিকভাৱে ব্যৱহাৰ কৰি শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতা অৰ্জন কৰিব পাৰে । ইয়াৰ দ্বাৰা যিকোনো পৰীক্ষাত অংশগ্ৰহণ কৰি তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব পাৰে ।

লক্ষণীয়ভাৱে জম্মু আৰু কাশ্মীৰত ২০২২ বৰ্ষৰ স্নাতক নিট কোৱালিফায়াৰৰ উত্তীৰ্ণৰ হাৰ পূৰ্বৰ বছৰৰ তুলনাত প্ৰায় ১০% বৃদ্ধি পাইছে । নিট ২০২১-ত জম্মু আৰু কাশ্মীৰৰ পৰা মাত্ৰ ৪২.৫৯ শতাংশ শিক্ষাৰ্থীয়ে উক্ত পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল । কিন্তু এই বছৰ ৫২ শতাংশতকৈও অধিক শিক্ষাৰ্থীয়ে পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (NTA) প্ৰকাশ কৰা চৰকাৰী তথ্য মতে, ২০২২ চনত জম্মু-কাশ্মীৰৰ পৰা মুঠ ৩৮,১৪০ জন শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল আৰু তেওঁলোকৰ ভিতৰত ৩৬,৩৭৪ জনে পৰীক্ষাত অৱতীৰ্ণ হয় । ইয়াৰে ভিতৰত ২০,০০৫ জন উত্তীৰ্ণ হয় । একেদৰে ২০২১ চনত জম্মু-কাশ্মীৰৰ পৰা পঞ্জীয়ন কৰা মুঠ ৩৪,৬১৫ জন প্ৰাৰ্থীৰ ভিতৰত ৩১,৪৭৯ জন পৰীক্ষাত অৱতীৰ্ণ হয় আৰু তাৰে ভিতৰত ১৪,৭৪৩ জন উত্তীৰ্ণ হয় । উল্লেখ্য, এনটিএয়ে মঙলবাৰে নিট পৰীক্ষাৰ ফলাফল ঘোষণা কৰে ।

লগতে পঢ়ক :Cyclone Biparjoy : উপকূলীয় অঞ্চলৰ পৰা স্থানান্তৰ ৭৩ গৰ্ভৱতী; ৯ গৰাকীৰ সন্তান প্ৰসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.