ETV Bharat / bharat

JEE-Main ৰ third edition ৰ ফলাফল ঘোষণা

author img

By

Published : Aug 7, 2021, 10:06 AM IST

JEE-Mains results announced
JEE Mainৰ third editionৰ ফলাফল ঘোষণা

ঘোষণা হ'ল JEE-Main ৰ third edition ৰ ফলাফল ৷ শুকুৰবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই(National Testing Agency) অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE-Mainৰ third edition ৰ ফলাফল ঘোষণা কৰে ৷ third edition ৰ পৰীক্ষাত মুঠ 17 জন পৰীক্ষাৰ্থীয়ে লাভ কৰিছে 100 শতাংশ নম্বৰ ৷ মুঠ 13 টা ভাষাত অনুষ্ঠিত হৈছিল এই পৰীক্ষা ৷

নেশ্যনেল ডেস্ক, 7 আগষ্ট : শুকুৰবাৰে ঘোষণা কৰা হ'ল অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE-Mainৰ third edition ৰ ফলাফল ৷ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই(National Testing Agency) শুকুৰবাৰে ঘোষণা কৰা ফলাফল অনুসৰি, মুঠ 17 জন পৰীক্ষাৰ্থীয়ে 100 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই 17 গৰাকী পৰীক্ষাৰ্থী হ'ল ক্ৰমে- অন্ধ্ৰ প্ৰদেশৰ কৰ্ণম লোকেশ, ডুগিনেনি ভেংকট পানীশ, পাচলা বীৰ শিৱ আৰু কাঞ্চনপল্লী ৰাহুল নাইডু, বিহাৰৰ বৈভৱ বিশাল, ৰাজস্থানৰ অংশুল বাৰ্মা, দিল্লীৰ ৰুচিৰ বনচল আৰু প্ৰভাৰ কাটাৰিয়া, হাৰিয়ানাৰ হৰ্ষ আৰু আনমোল, কৰ্ণাটকৰ গৌৰৱ দাস, তেলেংগানাৰ পোলু লক্ষ্মী চাই লোকেশ ৰেড্ডী, মদুৰ আদৰ্শ ৰেড্ডী আৰু ভেলাৱালী ভেংকট, উত্তৰ প্ৰদেশৰ অমল সিং আৰু অময়া সিংঘাল ৷

ভাৰতৰ 334 খন চহৰকে ধৰি ভাৰতৰ বাহিৰৰ বাহৰেইন, কলম্বো, ডোহা, ডুবাই, কাঠমাণ্ডু, কুৱালালামপুৰ, ছিংগাপুৰ আৰু কুৱেইট আদি 12 খন চহৰৰ মুঠ 915 টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত এই পৰীক্ষাৰ বাবে মুঠ 7.09 লাখ পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছিল ৷ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই এক চৰকাৰী বিবৃতিত জানিবলৈ দিয়া মতে, বানৰ বাবে ২৫ আৰু ২৭ জুলাইত পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা মহাৰাষ্ট্ৰৰ কোল্হাপুৰ, পালঘৰ, ৰত্নগিৰি, ৰত্নগিৰি, ৰায়গড়, চাংলি আৰু চাটাৰা জিলাৰ ১,৮৯৯ গৰাকী পৰীক্ষাৰ্থীৰ বাবে ৩ আৰু ৪ আগষ্টত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল ৷

লগতে পঢ়ক: ব’ৰ্ডৰ পৰীক্ষাত কৰ’ণাৰ বাধা: ত্ৰিপুৰাত JEE পৰীক্ষা স্থগিত

লক ডাউনৰ বাবে session 1 ত পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা বাহৰেইনৰ মুঠ 162 গৰাকী পৰীক্ষাৰ্থী ৩ আৰু ৪ আগষ্টত অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হয় ৷ এই পৰীক্ষা কেন্দ্ৰসমূহত ৭০৭ জন পৰ্যবেক্ষক, ২৯৩ জন মহানগৰ সমন্বয়ক, ১৯ জন আঞ্চলিক সমন্বয়ক, ৬ জন বিশেষ সমন্বয়ক আৰু ২ জন ৰাষ্ট্ৰীয় সমন্বয়ক নিয়োজিত কৰা হৈছিল ৷ উল্লেখ্য যে, অসমীয়া, ইংৰাজী, হিন্দী, গুজৰাটী, বঙালী, কানাড়া, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল, তেলেগু আৰু উৰ্দুকে ধৰি মুঠ 13 টা ভাষাত এই পৰীক্ষা অনুষ্ঠিত হৈছিল ৷

মুঠ চাৰিটা পৰ্যায়ত অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা ফেব্ৰুৱাৰীত আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা মাৰ্চত অনুষ্ঠিত হৈছিল ৷ পৰৱৰ্তী পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ বাবে এপ্ৰিল আৰু মে' নিৰ্ধাৰণ কৰা হৈছিল ৷ কিন্তু ক'ভিড-19 ৰ দ্বিতীয়টো ঢৌৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা পিছুৱাই দিয়া হৈছিল ৷ third edition ৰ পৰীক্ষা 20-25 জুলাইত অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ 26 আগষ্টৰ পৰা 2 ছেপ্তেম্বৰলৈ fourth edition ৰ পৰীক্ষা অনুষ্ঠিত কৰা হয় ৷

লগতে পঢ়ক: ক'ভিড পৰিস্থিতিৰ বাবে স্থগিত জে ই ইৰ মেইনচ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.