ETV Bharat / bharat

ক'ভিড পৰিস্থিতিৰ বাবে স্থগিত জে ই ইৰ মেইনচ পৰীক্ষা

author img

By

Published : Apr 18, 2021, 2:01 PM IST

Updated : Apr 18, 2021, 4:50 PM IST

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে দেওবাৰে ঘোষণা কৰা মতে ক'ভিড পৰিস্থিতিৰ বাবে অভিযান্ত্ৰিক জে.ই.ইৰ মেইনচ পৰীক্ষাসমূহ স্থগিত কৰা হৈছে । অহা ২৭-৩০ এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষাসমূহ । পৰীক্ষাৰ পৰৱৰ্তী তাৰিখ ১৫ দিন পূৰ্বে ঘোষণা কৰা হ'ব ।

ক'ভিড পৰিস্থিতিৰ বাবে স্থগিত জে ই ই মেইনছৰ প্ৰৱেশ পৰীক্ষা
ক'ভিড পৰিস্থিতিৰ বাবে স্থগিত জে ই ই মেইনছৰ প্ৰৱেশ পৰীক্ষা

নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিল : অহা ২৭-৩০ এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত হোৱাৰ কথা আছিল জে.ই.ইৰ মেইনচ পৰীক্ষাসমূহ । কিন্তু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে দেওবাৰে ঘোষণা কৰা মতে ক'ভিড পৰিস্থিতিৰ বাবে এই পৰীক্ষা স্থগিত ৰখা হৈছে । টুইটযোগে এই কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ (এনটিএ) এক চৰকাৰী নিৰ্দেশ অনুসৰি ক'ভিড-১৯ মহামাৰীৰ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি পৰীক্ষাৰ্থী আৰু পৰীক্ষা আয়োজকসকলৰ সুৰক্ষা আৰু কল্যাণৰ কথা বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । নিৰ্দেশনা অনুসৰি পৰীক্ষাৰ পৰৱৰ্তী তাৰিখ ১৫ দিন পূৰ্বে ঘোষণা কৰা হ'ব ।

লগতে পঢ়ক:প্ৰিয়া সাহাৰ কনভয়ত আক্ৰমণ; থানাৰ বাহিৰত বিজেপি কৰ্মীৰ প্ৰতিবাদ

Last Updated : Apr 18, 2021, 4:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.