ETV Bharat / bharat

নীতিশ কুমাৰক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থিত্বৰ দাবী; ইণ্ডিয়াৰ বৈঠকৰ পূৰ্বে পাটনাত জেডিইউৰ পোষ্টাৰিং

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 12:45 PM IST

Nitish Kumar PM Candidacy : দিল্লীত ইণ্ডি মিত্ৰজোঁটৰ বৈঠকৰ ঠিক পূৰ্বে জেডিইউয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক পোষ্টাৰৰ জৰিয়তে বিৰোধী দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰাৰ দাবী জনাইছে । দলটোৰ মতে, নীতিশ কুমাৰ নেতৃত্বত থাকিলেহে ২০২৪ চনত বিজয় সম্ভৱ ।

JDU postering to Nitish Kumar PM Candidacy
নীতিশ কুমাৰক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থিত্বৰ দাবী

নিউজ ডেস্ক, ১৯ ডিচেম্বৰ : মঙলবাৰে ইণ্ডি মিত্ৰজোঁটৰ চতুৰ্থখন বৈঠক দিল্লীত অনুষ্ঠিত হ'বলৈ গৈ আছে । এই বৈঠকখন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ হিচাপে লক্ষ্য কৰা হৈছে । আনহাতে, বিৰোধী দলসমূহৰ নেতাসকলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপিক ক্ষমতাৰ পৰা আঁতৰাবলৈ ৰণ কৌশলৰ ওপৰত চিন্তা-চৰ্চা কৰাৰ সম্ভাৱনা আছে । কিন্তু তাৰ ঠিক পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থিত্বৰ দাবী তীব্ৰতৰ হৈ উঠিছে । বিহাৰৰ শাসকীয় দল জনতা দলে (ইউনাইটেড) মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সমৰ্থনত পাটনাত ব্যাপক পোষ্টাৰিং কৰিছে ।

জেডিইউ কৰ্মীসকলে পাটনাৰ আয়কৰ চাৰিআলিত ৰাস্তাৰ কাষত এই পোষ্টাৰসমূহ লগাইছে । অৱশ্যে যদিও পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰা বা ইণ্ডি মিত্ৰজোঁটৰ আহ্বায়ক পতাৰ কোনো কথা তাত উল্লেখ কৰা নাই, তথাপি তাৰ পৰা এইটো স্পষ্ট যে পোষ্টাৰৰ উদ্দেশ্য হৈছে নীতিশৰ হাতত বিৰোধী মিত্ৰজোঁটৰ আধিপত্য প্ৰদান কৰা ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰাৰ বাবে নিৰন্তৰ দাবী চলি আহিছে । এদিন পূৰ্বে বাল্মীকিনগৰৰ জেডিইউৰ বিধায়ক ৰিংকু সিঙে নীতিশ কুমাৰক বিৰোধী দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰিবলৈ দাবী জনাইছিল । তেওঁ এইটোও কৈছিল যে নীতিশ কুমাৰ ইণ্ডি মিত্ৰজোঁটৰ আটাইতকৈ সৎ আৰু সক্ষম প্ৰাৰ্থী । ইয়াৰ পূৰ্বে কে চি ত্যাগী, লালন সিং, অশোক চৌধুৰী আৰু নীৰজ কুমাৰকে ধৰি বহু সাংসদ-বিধায়ক আৰু নেতাই নীতিশ কুমাৰক এগৰাকী ভাল প্ৰাৰ্থী হিচাপে অভিহিত কৰিছে । অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ধাৰাবাহিকভাৱে কৈ আহিছে যে তেওঁৰ এই পদৰ বাবে আকাংক্ষা নাই ।

মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া ইণ্ডি মিত্ৰজোঁটৰ বৈঠকত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, আৰজেডিৰ সভাপতি লালুপ্ৰসাদ যাদৱ, উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, জেডিইউৰ সভাপতি লালন সিং আৰু মন্ত্ৰী সঞ্জয় ঝায়েও অংশগ্ৰহণ কৰিব । ইয়াৰ বাবে সকলো নেতা সোমবাৰে গৈ দিল্লীত উপস্থিত হৈছে ।

লগতে পঢ়ক :’24ত বিজেপিক ৰুধিবলৈ নতুন দিল্লীৰ অশোকা হোটেলত I.N.D.I.Aৰ বৈঠক, কোন হ’ব প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.