ETV Bharat / bharat

জনা নজনা: ইতিহাসৰ আটাইতকৈ সৰু যুদ্ধখন

author img

By

Published : Aug 18, 2021, 6:53 PM IST

বৰ্তমান সমগ্ৰ বিশ্বত পুনৰ উচ্চাৰিত হৈছে এটা শব্দ ‘যুদ্ধ’ ৷ ‘যুদ্ধ’ মানে হৈছে ধ্বংস । ‘যুদ্ধ’ মানে বৃহৎ ক্ষতি । ‘যুদ্ধ’ মানে মৃত্যু ৷ আফগানিস্তানত পুনৰ তালিবানৰ উত্থানে সকলোৰে মনত আকৌ সোঁৱৰাই দিছে ইয়াৰে এখন ছবি ৷ আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ চুটি যুদ্ধখন মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল ৷ অবিশ্বাস্য লাগিলেও এইয়াই সত্য ৷ কিন্তু ক’ত আৰু কিয় হৈছিল এই যুদ্ধ ?

shortest war in the history of the world
জনা নজনা: ইতিহাসৰ আটাইতকৈ চুটি যুদ্ধখন

নিউজ ডেস্ক, ১৮ আগষ্ট : ২০২১চনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু NATO বাহিনীৰ হাতত উৎখাত হোৱাৰ পিছত তালিবানে পুনৰ আফগানিস্তানত নিজৰ অধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছে ৷ আফগানিস্থানত তালিবানৰ দ্ৰুত উত্থানে সচকিত কৰি তুলিছে সমগ্ৰ বিশ্বক ৷ প্ৰায় ২০ বছৰৰ পিছত তালিবানৰ সামৰিক অভ্যুত্থানত স্বয়ং আমেৰিকাও হতবাক হৈ পৰিছে ৷

কিন্তু এইখিনিতেই আমি ক’ব বিচাৰিছো এনে এখন যুদ্ধৰ কথা যিখন যুদ্ধ মাত্ৰ 38 মিনিটহে চলিছিল ৷ এই যুদ্ধখন আছিল আলো-জাঞ্জিবাৰ যুদ্ধ ৷ অৱশ্যে এই যুদ্ধখন দীৰ্ঘদিন ধৰি স্থায়ী নহ'ল যাৰবাবে বহুতো বুৰঞ্জীবিদে ইয়াক যুদ্ধ বুলি ক'বলৈ ইচ্ছুক নহয় ৷ তদুপৰি, এই যুদ্ধত শক্তিশালী ব্ৰিটিছৰ বিৰুদ্ধে দুৰ্বল জাঞ্জিবাৰ চুলতানৰ পৰাজয় নিশ্চিত আছিল ৷

shortest war in the history of the world
জনা নজনা: ইতিহাসৰ আটাইতকৈ চুটি যুদ্ধখন

কিন্তু আপুনি জানেনে জাঞ্জিবাৰ ক'ত আছে ? আৰু কিয় হৈছিল মাত্ৰ 34 মিনিটৰ বাবে এই যুদ্ধখন ?

জাঞ্জিবাৰ ভাৰত মহাসাগৰৰ এটা দ্বীপ । এতিয়া আফ্ৰিকাৰ তাঞ্জানিয়াৰ অংশ । জাঞ্জিবাৰ ১৪৯৯ চনৰ পৰা পৰ্তুগীজসকলৰ দখলত আছিল ৷ ১৬৫৮ চনত ওমানৰ চুলতানে পৰ্তুগীজসকলক বহিষ্কাৰ কৰি দ্বীপটো দখল কৰে ৷ ইয়াৰ পাছত ১৮৫৮ চনত জাঞ্জিবাৰৰ শাসক চুলতান মজিদ বিন ছাইদে জাঞ্জিবাৰক ওমানৰ পৰা স্বাধীন বুলি ঘোষণা কৰে ৷ সেই সময়ত ব্ৰিটিছে মজিদক সমৰ্থন কৰিছিল ৷

লগতে পঢ়ক : চলন্ত বাহন উৰি যোৱা অঞ্চলটো

১৮৮৬ চনত ব্ৰিটিছে জাঞ্জি শাসক মাজিদ বিন ছাইদক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে ৷ কিন্তু ইতিমধ্যে মজিদ বিন ছাইদৰ মৃত্যু হোৱাত আলি বিন ছাইদ নতুন চুলতান হ'ল ৷ তেওঁ ব্ৰিটিছৰ হেঁচাত জাঞ্জিবাৰক ব্ৰিটিছ ঔপনিৱেশ বুলি ঘোষণা কৰিছিল ৷ ব্ৰিটিছসকলৰ সৈতে এক চুক্তি স্বাক্ষৰিত হৈছিল ৷ এই চুক্তি অনুসৰি, ব্ৰিটিছসকলক জাঞ্জিবাৰৰ চুলতান হ’বলৈ ব্ৰিটিছৰ অনুমতিৰ প্ৰয়োজন হ'ব ৷

shortest war in the history of the world
জনা নজনা: ইতিহাসৰ আটাইতকৈ চুটি যুদ্ধখন

সময় পাৰ হ’বলৈ ধৰিলে ৷ চুক্তি অনুসৰি চুলতানো সলনি হ’ব ধৰিলে ৷ কিন্তু চুলতান হামাদ বিনায়নীৰ মৃত্যুৰ পিছত তেওঁৰ ভতিজা খালিদ বিন বৰঘাছে ব্ৰিটিছৰ অনুমতি অবিহনে নিজকে চুলতান বুলি ঘোষণা কৰে ৷ বৰঘাছে প্ৰথমে ব্ৰিটিছৰ নিৰ্দেশ গ্ৰহণ কৰিছিল যদিও পিছত নিজৰ সৈন্য বাহিনী গঠন কৰে আৰু ৰাজ প্ৰসাদত নিজৰ অধিপত্য় স্থাপন কৰিছিল ৷ বৰঘাছৰ এই বিদ্ৰোহৰ আঁৰত জাৰ্মানী সমৰ্থন আছিল বুলি জানিব পৰা যায় ৷ যাৰবাবে ১৮৯৬ চনত ঐতিহাসিক ৩৮ মিনিটৰ যুদ্ধখন সংঘটিত হৈছিল ৷

১৮৯৬ চনৰ ২৬ আগষ্টৰ পুৱা ৯.২০ বজাত যুদ্ধৰ সূচনা হয় ৷ কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ মাত্ৰ ২০ মিনিটৰ পাছত অৰ্থাৎ পুৱা ৯.৪০ বজাত ব্ৰিটিছ সৈন্যই ৰাজপ্ৰসাদত প্ৰৱেশ কৰি চুলতানৰ পতাকা জ্বলাই দিয়ে ৷ ইয়াৰ লগতে যুদ্ধৰ সমাপ্তি ঘটে ৷ এই ঐতিহাসিক যুদ্ধখনত চুলতানৰ সেনা বাহিনীৰ প্ৰায় ৫০০ জন লোকৰ মৃত্যু হৈছিল ৷ আনহাতে এগৰাকী ব্ৰিটিছ সৈনিকৰ মৃত্যু হয় ৷

লগতে পঢ়ক : জনা নজনা : একেৰাহে 108 মিনিট ধৰি চলা এখন বক্সিং মেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.